Amigo
O amigo verdadeiro é dádiva rara de Deus. Ele ama em todo tempo, fala a verdade em amor, aconselha com sabedoria e permanece fiel nas adversidades da vida.
Amizade verdadeira
Há amigo mais chegado que um irmão. Em todo tempo ama o amigo. O perfume e o incenso alegram o coração — assim o conselho doce do amigo.
যি জনে অনেক লোকৰ সৈতে বন্ধুত্ব কৰে, তেওঁ নিজৰ সৰ্ব্বনাশলৈহে তাকে কৰে;
কিন্তু এনে বন্ধু থাকে যি ভায়েকতকৈ আপোন হয়।
বন্ধু সকলো সময়তে প্রিয় হয়;
আৰু ভায়েকৰ দুৰ্দ্দশাৰ দিনৰ বাবে জন্ম হয়।
সুগন্ধ দ্রব্য আৰু ধূপে যেনেকৈ হৃদয় আনন্দিত কৰে,
কিন্তু বন্ধুৰ পৰামৰ্শতকৈ তেওঁৰ আন্তৰিকতা শ্রেষ্ঠ।
যেনেকৈ লোহাই লোহাক চোকা কৰে,
তেনেকৈ এজন মানুহে নিজৰ বন্ধুৰ মুখ উজ্জ্বল কৰে।
লুকুৱাই ৰখা প্ৰেমতকৈ,
প্ৰকাশিত অনুযোগ ভাল।
বন্ধুৰ দ্বাৰা বিশ্বাসঘাত হয়;
কিন্তু এজন শত্রুৱে বহুতো চুমা খাব পাৰে।
তোমাৰ বন্ধু আৰু তোমাৰ বন্ধুৰ পিতৃক পৰিত্যাগ নকৰিবা,
আৰু তোমাৰ বিপদৰ দিনত ভায়েকৰ ঘৰলৈ নাযাবা।
দূৰত থকা ভায়েকতকৈ ওচৰত থকা চুবুৰীয়াই ভাল।
জ্ঞানীলোকৰ সঙ্গত থাকা, তাতে তুমিও জ্ঞানী হবা;
কিন্তু অজ্ঞানীলোকৰ সঙ্গীয়ে কষ্ট ভোগ কৰিব।
যিজনে ক্রোধেৰে শাসন কৰে, তেওঁৰ সৈতে বন্ধুত্ব নকৰিবা,
আৰু ক্ৰোধী লোকৰ সৈতে তুমি যোৱা উচিত নহয়;
নহ’লে তুমি তেওঁৰ আচৰণ শিকিবা,
আৰু তুমি নিজকে নিজে ফান্দত পেলাবা।
বহুতো লোকে নিজৰ সাধুতা ঘোষণা কৰে;
কিন্তু বিশ্বাসী লোক কোনে বিচাৰি পায়?
ধন-সম্পত্তিয়ে অনেক বন্ধু একত্রিত কৰে;
কিন্তু দৰিদ্ৰ লোক নিজৰ বন্ধুসকলৰ পৰা বিছিন্ন হয়।
Jesus, o amigo
Já não vos chamo servos, mas amigos. O maior amor é dar a vida pelo amigo. Jesus é o amigo que nunca falha.
বন্ধুৰ বাবে নিজৰ প্ৰাণ দিয়াৰ দৰে শ্ৰেষ্ঠ প্ৰেম আন ক’তো নাই।
তোমালোকক মই যি যি আজ্ঞা দিওঁ, সেইবোৰ যদি পালন কৰা, তেনেহলে তোমালোক মোৰ বন্ধু। এতিয়াৰ পৰা মই তোমালোকক দাস বুলি নকওঁ, কিয়নো প্ৰভুৱে যি কৰে দাসে সেই বিষয়ে নাজানে। মই তোমালোকক বন্ধু বুলি কওঁ, কিয়নো মোৰ পিতৃৰ পৰা যি যি শুনিলোঁ; সেই বিষয়বোৰ তোমালোকক জনালোঁ।
এই মোৰ আজ্ঞা, মই যেনেকৈ তোমালোকক প্ৰেম কৰিলোঁ, তেনেকৈ তোমালোকেও পৰস্পৰে প্ৰেম কৰিবা। বন্ধুৰ বাবে নিজৰ প্ৰাণ দিয়াৰ দৰে শ্ৰেষ্ঠ প্ৰেম আন ক’তো নাই।
হে প্ৰিয়সকল, ঈশ্বৰে আমাক যদি এনে প্ৰেম কৰিলে, তেনেহলে আমিও পৰস্পৰে প্ৰেম কৰা উচিত। ঈশ্বৰক কোনেও কেতিয়াও দেখা নাই; আমি যদি পৰস্পৰে প্ৰেম কৰোঁ, তেনেহলে ঈশ্বৰ আমাৰ লগত থাকে আৰু তেওঁৰ প্ৰেম আমাৰ মাজত সিদ্ধ হয়।
যীচু খ্ৰীষ্টে আমাৰ কাৰণে নিজৰ প্ৰাণ দিলে, ইয়াতেই আমি প্ৰেমৰ তত্ব জানিবলৈ পালোঁ�� আমিও ভাই সকলৰ কাৰণে নিজ নিজ প্ৰাণ দিয়া উচিত। কিন্তু যিজনৰ সাংসাৰিক জীৱিকাৰ উপায় আছে, তেওঁ নিজ ভাইৰ অভাৱ দেখিও যদি স্নেহ নকৰি হৃদয় বন্ধ কৰি থয় আৰু তেওঁৰ পৰা নিজ স্নেহ আটক কৰে, তেনেহলে ঈশ্বৰৰ প্ৰেম কেনেকৈ তেওঁৰ অন্তৰত থাকিব? হে প্রিয় সন্তানসকল, আহক; আমি কেৱল বাক্যৰ দ্বাৰাই বা জিভাৰে নহয়, কৰ্ম আৰু সত্যেৰে প্ৰেম কৰোঁহক।
এই শাস্ত্ৰীয় বচন সিদ্ধ হ’ল, য’ত কোৱা আছে, "অব্ৰাহামে ঈশ্বৰত বিশ্বাস কৰাত, সেই বিশ্বাস তেওঁলৈ ধাৰ্মিকতাৰ অৰ্থে গণিত হ’ল" আৰু সেই বাবে তেওঁক ঈশ্বৰৰ মিতিৰ বোলা হ’ল।
ভাতৃ-প্ৰেমত পৰস্পৰ স্নেহশীল হওক; আৰু সমাদৰ কৰা কথাত, ইজনে সিজনতকৈ আগ হওক��
Companheiros de fé
Dois são melhores do que um. Os companheiros de fé se fortalecem mutuamente e caminham juntos com o Senhor.
এজন বন্ধুৰ মূল্য
এজনতকৈ দুজন ভাল, কিয়নো তেওঁলোকৰ পৰিশ্ৰমৰ দ্বাৰাই অনেক সুফল হয়।
কাৰণ তেওঁলোকৰ এজন যদি পৰে, তেন্তে তেওঁৰ সঙ্গীয়ে তেওঁক তুলিব পাৰে।
কিন্তু হায় সেই অকলে থকা লোক!
কিয়নো তেওঁ পৰিলে তেওঁক তুলিবলৈ দ্বিতীয়জন কোনো নাই।
দায়ুদৰ ৰচিত যাত্ৰাৰ সঙ্গীত।
ই কেনে উত্তম আৰু কেনে আনন্দময় হয়,
যেতিয়া স্বজাতীয় লোকে একেলগে ঐক্যতাৰে বাস কৰে!
তেওঁলোক মূৰত ঢলা বহুমূল্য তেলৰ নিচিনা,
যি তললৈ দাঢ়িলৈকৈ নামি আহে,
হাৰোণৰেই দাঢ়িৰ ওপৰেদি নামি গৈ
তেওঁৰ বস্ত্ৰৰ ডিঙিলৈকে বৈ আহিল!
সেয়ে হৰ্মোণ পর্বতৰ নিয়ৰৰ নিচিনা,
যি চিয়োনৰ পৰ্বতমালাৰ ওপৰলৈ নামি আহিল;
কিয়নো তাত যিহোৱাই তেওঁৰ আশীৰ্ব্বাদৰ ৰায় দিলে,
অনন্ত কালৰ নিমিত্তে জীৱনৰ ৰায় দিলে।
যিসকলে তোমাক ভয় কৰে আৰু তোমাৰ আদেশবোৰ পালন কৰে, মই তেওঁলোক সকলোৰে সংগী।
তেতিয়া যোনাথন আৰু দায়ূদে তেওঁলোকৰ মাজত বন্ধুত্বৰ প্ৰতিশ্ৰুতি কৰিলে, কাৰণ যোনাথনে তেওঁক নিজৰ প্ৰাণৰ দৰে প্ৰেম কৰিছিল।
আপোনালোক ভ্ৰান্ত নহ’ব; কু-সঙ্গই সদাচাৰ নষ্ট কৰে।