Publicidade

Eclesiastes 10

মিশ্রিত পর্যবেক্ষণ

1 যেনেকৈ মৰা মাখিয়ে সুগন্ধি তেলৰ দ্রব্য দুৰ্গন্ধময় কৰি তোলে, তেনেকৈ অলপ অজ্ঞানতাৰ কার্যই প্রজ্ঞা আৰু সন্মানক মছি পেলায়। 2 জ্ঞানৱানৰ হৃদয় ভাল পথৰ ফালে ঘূৰে; কিন্তু অজ্ঞানীৰ হৃদয় ভুল পথলৈ ঘূৰে। 3 বাটত খোজকঢ়াৰ সময়তো এজন অজ্ঞানীৰ বুদ্ধিৰ অভাৱ দেখা যায় আৰু সকলোৰে আগত তেওঁৰ অজ্ঞানতা প্ৰকাশ কৰে। 4 অধিপতি যদি তোমাৰ ওপৰত ক্রুদ্ধ হয়, তথাপিও তুমি তোমাৰ পদ ত্যাগ নকৰিবা; কিয়নো শান্তভাৱে থাকিলে ডাঙৰ ডাঙৰ অন্যায়কো শান্ত কৰিব পাৰি।

5 অধিপতিৰ পৰা উৎপন্ন হোৱা এক প্রকাৰ ভ্ৰান্তি আৰু এক দুষ্টতাৰ বিষয় মই সূৰ্যৰ তলত দেখিলোঁ। 6 অজ্ঞানীসকলক উচ্চ পদবোৰত নিযুক্ত কৰা হয় আৰু সফল লোক নিম্ন পদত নিযুক্ত হয়। 7 মই দাসক ঘোঁৰাত উঠি যোৱা, আৰু অধিপতিক দাসৰ দৰে মাটিত খোজ কাঢ়ি যোৱা দেখিছোঁ।

8 যি মানুহে গাত খান্দে, তেওঁ তাৰ ভিতৰত পৰিব পাৰে; যি মানুহে শিলৰ দেৱাল ভাঙে তেওঁক সাপে খুঁটিব পাৰে। 9 যি মানুহে শিলবোৰ কাটে, তেওঁ তাৰ দ্বাৰাই আঘাত পাব পাৰে। যি মানুহে কাঠ ডোখৰ ডোখৰ কৰে, তেওঁ তাৰ দ্বাৰাই বিপদত পৰিব পাৰে। 10 কুঠাৰ যদি ভোঁতা হয় আৰু তাক ধাৰ দিয়া নহয়, তেন্তে তাক ব্যৱহাৰ কৰিবলৈ অধিক বল লাগে; কিন্তু সফলতাৰ কাৰণে জ্ঞানৰ ব্যৱহাৰ উপযোগী। 11 মন্ত্ৰৰে মুগ্ধ কৰাৰ আগেয়েই যদি সাপে খুটে, তেন্তে মন্ত্ৰ গাওঁতাজনৰ কোনো লাভ নাই।

12 জ্ঞানৱান লোকৰ মুখৰ কথাই খ্যাতি আনে; কিন্তু অজ্ঞানীৰ ওঁঠে নিজকে ধ্বংস কৰে। 13 অজ্ঞানীৰ কথাৰ আৰম্ভণিতেই নির্বুদ্ধিতা থাকে আৰু তেওঁৰ কথাৰ শেষত দুষ্ট বিচাৰবুদ্ধিহীনতা থাকে। 14 অজ্ঞানী লোকে অনেক কথা কয়; কিন্তু কি হব, তাক কোনেও নাজানে; ভৱিষ্যত কালত কি ঘটিব, সেই কথা মানুহক কোনে জনাব পাৰে? 15 অজ্ঞানী লোকৰ পৰিশ্ৰমেই তেওঁলোকক ক্লান্ত কৰে, নগৰলৈ যোৱা বাটকো তেওঁ নাজানে।

16 দেশৰ ৰজা যেতিয়া অল্পবয়সীয়া হ’য়, সেই দেশ অস্থিৰ হয়; মন্ত্ৰীসকলে ৰাতিপুৱাতেই ভোজ খায়। 17 কিন্তু দেশৰ ৰজা যেতিয়া ভদ্ৰ বংশজাতৰ পুত্র হয়, সেই দেশত আনন্দ হয়; মন্ত্ৰীসকলে মতলীয়া হবলৈ নহয়, কিন্তু শক্তি বৃদ্ধিৰ কাৰণে উচিত সময়ত ভোজন পান কৰে। 18 এলেহুৱা লোকৰ ঘৰৰ চাল ধ্বংস হয়; সোৰোপা হাতৰ কাৰণে ঘৰত পানী পৰে। 19 আমোদৰ কাৰণেই ভোজ-মেল পতা হয়; দ্ৰাক্ষাৰসে জীৱনলৈ আনন্দ আনে আৰু অর্থই অনেক অভাৱ পূর্ণ কৰে। 20 ৰজাক শাও নিদিবা, এনেকি মনে মনেও নিদিবা; তোমাৰ শোৱা কোঁঠালিত ধনীক শাও নিদিবা; কিয়নো আকাশৰ এটি সৰু চৰায়ে তোমাৰ সেই কথা শুনি বৈ নিব পাৰে নাইবা কিছুমান ডেউকাযুক্ত জীৱই উৰি গৈ সকলোকে সেই কথা কৈ দিব পাৰে।

Veja também

Publicidade
Eclesiastes
Ver todos os capítulos de Eclesiastes
Bíblia Online Bíblia Online

Bíblia Online • Versão: 2026-06-15_21-32-39-