Publicidade

Eclesiastes 7

জ্ঞানৰ কথা

1 সুগন্ধি মূল্যৱান তেলতকৈ সুনাম উত্তম,

জন্মৰ দিনতকৈ মৰণৰ দিন ভাল।

2 ভোজনৰ ঘৰলৈ যোৱাতকৈ শোকৰ ঘৰলৈ যোৱা ভাল;

কিয়নো জীৱনৰ শেষত সকলো মানুহৰে মৃত্যু আহিব,

জীৱিত লোকে এই কথা তাক মনত ৰখা উচিত।

3 হাঁহিতকৈ দুখ ভোগ ভাল।

কাৰণ মুখৰ বিষন্নতাৰ দ্বাৰাই হৃদয়ক আনন্দিত কৰা হয়।

4 জ্ঞানৱানৰ হৃদয় শোকৰ ঘৰত থাকে;

কিন্তু অজ্ঞানী লোকৰ হৃদয় কেৱল আমোদ-প্রমোদৰ ঘৰত থাকে।

5 অজ্ঞানীৰ প্রশংসাৰ গান শুনাতকৈ জ্ঞানৱানৰ তিৰস্কাৰ শুনাই ভাল।

6 কেৰাহীৰ তলত জ্বলন্ত কাঁইট খৰিৰ ফুটফুটনি যেনেকুৱা,

মূৰ্খৰ হাঁহিও ঠিক তেনেকুৱা;

ইও অসাৰ।

7 অন্যায়ভাৱে দাবী কৰা জ্ঞানী লোক স্বৰূপেই মূর্খ হৈ যায়;

ভেঁটিয়ে বিবেচনা-শক্তি নষ্ট কৰে।

8 কোনো কাৰ্যৰ আৰম্ভণতকৈ তাৰ শেষ ভাল, আৰু অহংকাৰী আত্মাতকৈ ধৈর্যশীল আত্মা ভাল।

9 তোমাৰ আত্মাক হঠাৎ খং উঠিবলৈ নিদিবা;

কিয়নো খং অজ্ঞানীবোৰৰ হৃদয়ত বাস কৰে।

10 বৰ্ত্তমান কালতকৈ আগৰ কাল কিয় ভাল আছিল?

এনে কথা নুসুধিবা;

কিয়নো এই প্ৰশ্ন কৰা প্রজ্ঞাৰ কাম নহয়।

11 পৈত্ৰিক ধন-সম্পত্তি পোৱাৰ দৰে প্রজ্ঞা বহুমূল্য উত্তম বস্তু।

পৃথিৱীত ভালদৰে জীৱিত থকা লোকসকল

12 কিয়নো ধনৰ দৰে প্ৰজ্ঞায়েও নিৰাপত্তা দান কৰে।

কিন্তু জ্ঞানৰ সুবিধা হৈছে এয়ে যে,

জ্ঞানৱানৰ জ্ঞানেই তেওঁৰ জীৱন ৰক্ষা কৰে।

13 ঈশ্বৰৰ কাৰ্যবোৰ ভাৱি চোৱা;

কিয়নো তেওঁ যিহক বেঁকা কৰিছে, তাক কোনে পোনাব পাৰে?

14 সুখৰ দিনত সুখী হোৱা;

কিন্তু দুখৰ দিনত এই কথা বিবেচনা কৰি চাবা:

ঈশ্বৰে যেনেকৈ সুখ ৰাখিছে, তেনেকৈ দুখকো ওচৰা-ওচৰিকৈ ৰাখিছে।

সেয়ে মানুহে নিজৰ ভৱিষ্যতৰ একো কথাকে নাজানে।

জীৱনৰ ৰহস্য

15 মোৰ এই অসাৰ জীৱনকালত মই অনেক বিষয় দেখিলোঁ।

কোনো কোনো ধাৰ্মিক লোক নিজৰ ধাৰ্মিকতাৰ মাজত বিনষ্ট হৈ যায়,

আৰু কোনো কোনো দুষ্ট লোক নিজৰ দুষ্টতাৰ মাজত অনেক দিন জীয়াই থাকে।

16 নিজৰ চকুত নিজে অতিৰিক্ত ধাৰ্মিক নহবা বা

নিজকে অতিৰিক্ত জ্ঞানী নেদেখুৱাবা;

কিয় তুমি নিজকে ধ্বংস কৰিবা?

17 অতিশয় দুষ্ট নহবা, আৰু অজ্ঞানীও নহবা;

কিয় তুমি সময়ৰ আগেয়ে মৰিবা?

18 এই জ্ঞানৰ কথা তুমি ধৰি ৰখা ভাল;

এটাকো হাতৰ পৰা যাবলৈ নিদিবা;

যি লোকে ঈশ্বৰক ভয় কৰে,

তেওঁ সকলো কঠিনতাত কৃতকার্য হ’ব।

19 দহজন শাসনকর্তাই এখন নগৰক যিমান শক্তিশালী কৰে, প্রজ্ঞাই এজন জ্ঞানৱানক তাতোকৈ অধিক পৰিমাণে শক্তিশালী কৰে।

20 পৃথিৱীত বাস্তৱিক এনে কোনো সৎলোক নাই, যি জনে ভাল কাম কৰে আৰু কেতিয়াও পাপ নকৰে। 21 মানুহে কোৱা সকলো কথালৈ কাণসাৰ নিদিবা, হয়তো তোমাৰ দাসে তোমাক শাও দিয়াহে শুনিবা। 22 কাৰণ তুমিও তোমাৰ হৃদয়ত জানা যে, তুমি নিজেও আনক অনেকবাৰ সেইদৰে শাও দিছা।

23 এই সকলো মই প্ৰজ্ঞাৰ দ্বাৰাই পৰীক্ষা কৰি চাই ক’লোঁ,

"মই জ্ঞানৱান হ’ম,"

কিন্তু জ্ঞান মোৰ পৰা দূৰৈত আছিল।

24 প্রজ্ঞালাভ মোৰ পৰা অতি দূৰৈত আৰু ই অতি গভীৰ। কোনে তাক পাব পাৰে?

25 সেইবাবে মই মন স্থিৰ কৰিলোঁ যাতে জ্ঞানৰ লগতে যি সকলো বাস্তৱ ব্যাখ্যাবোৰ আছে,

তাক জানিব পাৰোঁ আৰু পৰীক্ষা তথা অনুসন্ধান কৰি চাব পাৰোঁ,

লগতে বুজিব পাৰোঁ যে দুষ্টতা হৈছে মূর্খতা আৰু মূর্খতাই হৈছে বিচাৰবুদ্ধিহীনতা।

26 মই দেখিলোঁ, মৃত্যুতকৈয়ো তিতা হৈছে স্ত্রী,

যাৰ হৃদয় ফান্দ আৰু জালেৰে পৰিপূর্ণ আৰু হাত দুখন শিকলিস্বৰূপ।

যি মানুহ ঈশ্বৰক সন্তুষ্ট কৰে,

তেওঁ তাইৰ হাতৰ পৰা সাৰিব,

কিন্তু পাপী তাইৰ দ্বাৰা ফান্দত পৰিব।

27 উপদেশকে কৈছে, "চোৱা, মই যি দৃষ্টিগোচৰ কৰিলোঁ, তাক বিবেচনা কৰা।" সকলো কথাৰ অন্তৰালত যি সাৰ আছে, তাক উলিয়াবলৈ মই এটাৰ পাছত এটাকৈ বিচাৰ কৰি কিছুমান বিষয় জানিব পাতিলোঁ। 28 মোৰ প্ৰাণে যি বিচাৰিছে, তাক মই এতিয়াও পোৱা নাই; হাজাৰজনৰ মাজত এজনহে সৎ পুৰুষ পালোঁ, কিন্তু তেওঁলোকৰ মাজত এগৰাকী স্ত্রীকো সৎ দেখা নাপালোঁ।

29 কেৱল ইয়াকেহে মই জানিব পাতিলোঁ যে, ঈশ্বৰে মানুহক সৰল কৰি স্ৰজন কৰিছিল, কিন্তু মানুহ নানা যুক্তিৰ আলম লৈ অবাটে গ’ল।

Veja também

Publicidade
Eclesiastes
Ver todos os capítulos de Eclesiastes
Bíblia Online Bíblia Online

Bíblia Online • Versão: 2026-06-15_21-32-39-