Publicidade

Eclesiastes 11

শ্রমৰ মূল্য

1 তুমি তোমাৰ আহাৰ পানীৰ ওপৰত পেলাই দিয়া;

কিয়নো অনেক দিনৰ পাছত তাক পুনৰ ঘূৰাই পাবা।

2 তোমাৰ কার্য সাধনৰ উপায়বোৰ, সাত বা আঠজনৰ সৈতে ভাগ বাঁটি লোৱা;

কিয়নো পৃথিবীত কি দুর্যোগ ঘটিব, তাক তুমি নাজানা।

3 যেতিয়া মেঘবোৰ বৃষ্টিৰে পূৰ্ণ হৈ থাকে,

তেতিয়া তাৰ পৰা পৃথিবীত বৰষুণ পৰে;

গছ উত্তৰ বা দক্ষিণ যি দিশতেই পৰক,

কিন্তু যি ঠাইত পৰে, সেই ঠাইতেই পৰি থাকে।

4 যি কোনোৱে বতাহক নিৰীক্ষণ কৰে,

তেওঁ বীজ ৰোপন কৰিব নোৱাৰে,

যি কোনোৱে বৰষুণক নিৰীক্ষণ কৰে,

তেওঁ শস্য দাব নোৱাৰে।

5 বতাহ কোন দিশৰ পৰা বলিব, তুমি নাজানা;

তুমি নাজানা মাতৃগর্ভত এটি শিশুৰ হাড়বোৰ কেনেকৈ বৃদ্ধি হয়;

সেইদৰে যিজন সকলো বস্তুৰে সৃষ্টিকর্তা, সেই ঈশ্বৰৰ কার্যও তুমি বুজিব নোৱাৰা।

6 ৰাতিপুৱা তুমি তোমাৰ বীজ ৰোপন কৰিবা,

আৰু গধূলি পৰত তোমাৰ হাতক কর্মহীন নকৰিবা;

কিয়নো পুৱা বা গধূলি কৰা কোনটো কার্যত তুমি সফল হ’বা, তুমি নাজানা;

এই কার্যত নে সেই কার্যত, অথবা দুয়োটাই একে সমানেই ভাল হ’ব, তাক নাজানা।

যৌৱন আৰু বৃদ্ধ কাল

7 স্বৰূপেই পোহৰ সুন্দৰ আৰু চকুৰ বাবে সূৰ্যক দেখা পোৱা এক সন্তোষজনক বিষয়

8 কোনো মানুহ যদি অনেক বছৰ জীয়াই থাকে,

তেন্তে তেওঁ যেন নিজৰ সেই দিনবোৰত আনন্দ উপভোগ কৰে;

কিন্তু অন্ধকাৰৰ আগন্তুক দিনবোৰৰ কথাও যেন তেওঁ মনত ৰাখে;

কিয়নো সেই দিনবোৰ হ’ব অনেক।

যি যি ঘটিব সেই সকলোৱেই অস্থায়ী, অসাৰ।

9 হে যুবক, তুমি তোমাৰ যৌৱনকালত আনন্দ কৰা; যুবা বয়সৰ দিনবোৰত তোমাৰ হৃদয়ে তোমাক আনন্দিত কৰক; তুমি তোমাৰ হৃদয়ৰ সৎ ইচ্ছাবোৰৰ পথত চলিবা আৰু নিজ চকুৰ দৃষ্টিত যি ভাল তাকে কৰিবা। কিন্তু জানিবা যে, ঈশ্বৰে এই সকলো বিষয়ৰ কাৰণে তোমাক বিচাৰৰ ঠাইলৈ আনিব।

10 এই হেতুকে তোমাৰ হৃদয়ৰ পৰা ক্রোধ দূৰ কৰা; তোমাৰ শৰীৰৰ কষ্টলৈ মনোযোগ নিদিবা; কিয়নো যৌৱন আৰু যুবা কালৰ শক্তি ভাপ-স্বৰূপ।

Veja também

Publicidade
Eclesiastes
Ver todos os capítulos de Eclesiastes
Bíblia Online Bíblia Online

Bíblia Online • Versão: 2026-06-15_21-32-39-