Aniversário de criança
O aniversário de uma criança é momento de celebrar o presente precioso que Deus deu. Cada criança é formada e conhecida por Deus desde antes de nascer.
তুমিয়েই মোৰ অন্তর্ভাগ সৃষ্টি কৰিলা,
তুমি মোক মাতৃৰ গৰ্ভতে গঠন কৰিলা।
মই তোমাৰ প্ৰশংসা কৰোঁ;
কিয়নো মই অতি বিস্ময় আৰু আশ্চর্যজনক ভাৱে নিৰ্ম্মিত হলোঁ;
তোমাৰ কাৰ্যবোৰ আচৰিত,
তাক মই ভালদৰেই জানো।
যেতিয়া মোক গোপন স্থানত গঠন কৰা হৈছিল,
যেতিয়া মই পৃথিৱীৰ অধঃস্থানত চমৎকাৰ ৰূপে গঢ় লৈছিলোঁ,
তেতিয়াও মোৰ দেহ তোমাৰ পৰা লুকাই থকা নাছিল।
তোমাৰ চকুৱে জন্মৰ আগেয়েই মোৰ শৰীৰৰ গঠনহীন প্রকৃতি দেখিলে,
তোমাৰ পুস্তকত সকলো লিখা আছিল;
মোৰ কাৰণে যি দিনবোৰ নিৰূপিত কৰা হৈছিল, সেই দিনবোৰ সেই সময়ত আৰম্ভই হোৱা নাছিল।
হে ঈশ্বৰ, মোলৈ তোমাৰ পৰিকল্পনাবোৰ কেনে মূল্যৱান! সেইবোৰ লেখত অগণন!
এয়ে সেই দিন, যি দিন যিহোৱাই নিৰূপণ কৰিলে;
আহাঁ, আমি এই দিনত আনন্দ কৰোঁ আৰু উল্লাস কৰোঁ।
সেয়ে আমাৰ আয়ুসৰ কাল গণনা কৰিবলৈ তুমি আমাক শিকোৱা;
যাতে আমি প্রজ্ঞাৰ চিত্ত লাভ কৰিব পাৰোঁ।
গৰ্ভৰে পৰা মই তোমাতেই নিৰ্ভৰ কৰিছোঁ;
মোক মাতৃৰ গৰ্ভৰ পৰা উলিওৱা জনা তুমিয়েই;
মই নিতৌ তোমাৰেই প্ৰশংসা কৰিম।
যিহোৱাৰ ওচৰত মই এটা বিষয় যাচনা কৰিছোঁ,
মই তাকেই অন্বেষণ কৰিম:
মই যেন যিহোৱাৰ সৌন্দর্য দেখা পাবলৈ,
আৰু তেওঁৰ মন্দিৰত ধ্যান কৰিবলৈ
মোৰ গোটেই জীৱন কাল যিহোৱাৰ গৃহত বাস কৰিব পাৰোঁ।
কিন্তু যি জনাই মোক মাতৃ গৰ্ভৰ পৰা উলিয়াই আনিলে, সেই জনা তুমিয়েই;
মই যেতিয়া মোৰ মাতৃৰ পিয়াহ খাইছিলো, তুমিয়েই মোক সুৰক্ষিত ৰাখি তোমাৰ ওপৰত নির্ভৰশীল কৰিলা।
জন্মৰ পিছৰে পৰা মোক তোমাৰ হাতত দিয়া হ’ল;
মোৰ মাতৃৰ গৰ্ভৰে পৰাই তুমি মোৰ ঈশ্বৰ থ’লো।
এই সন্তানটিৰ উদ্দেশ্যে মই প্ৰাৰ্থনা কৰিছিলোঁ; আৰু যিহোৱাৰ আগত মই যি খুজিছিলোঁ, সেয়া তেওঁ মোক দিলে।
মই যেতিয়া মোৰ পিতৃৰ পুত্ৰ আছিলোঁ,
মোৰ মাতৃৰ মৰমৰ একমাত্র সন্তান আছিলোঁ।
তেওঁ মোক শিকাইছিল আৰু মোক কৈছিল,
"তোমাৰ হৃদয়ত মোৰ বাক্য ধৰি ৰাখা;
মোৰ আজ্ঞাবোৰ পালন কৰা আৰু জীৱন ধাৰণ কৰা।"
আপোনালোকে প্ৰভুত সদায় আনন্দ কৰক; পুনৰায় কওঁ, আনন্দ কৰক।
পাছে শিশুটি ক্রমে ক্রমে বৃদ্ধি পাই শক্তিমান হব ধৰিলে আৰু জ্ঞানেৰেও পূর্ণ হব ধৰিলে; ঈশ্বৰৰ অনুগ্ৰহ তেওঁৰ ওপৰত আছিল।