Publicidade

Efésios 6

1 হে সন্তান সকল, তোমালোক পিতৃ-মাতৃৰ আজ্ঞাধীন হোৱা; কিয়নো ঈশ্বৰৰ, দৃষ্টিত এয়ে উচিত। 2 "তোমালোকে নিজৰ পিতৃ-মাতৃক সন্মান কৰা" এয়ে প্ৰতিজ্ঞাযুক্ত প্ৰথম আজ্ঞা। 3 তেতিয়াহে তোমালোকৰ কল্যাণ হব আৰু পৃথিৱীত দীৰ্ঘায়ুলৈ জীৱিত থাকিবা।"

4 হে পিতৃ সকল, আপোনালোকে নিজ নিজ সন্তান সকলৰ খং নোতোলোব; কিন্তু প্ৰভুৰ শিক্ষা আৰু অনুশাসনত তেওঁলোকক প্ৰতিপালন কৰক।

5 দাস সকল, তোমালোক যেনেকৈ খ্ৰীষ্টৰ, তেনেকৈ গভীৰ আন্তৰিক শ্ৰদ্ধা আৰু কম্পনেৰে সৈতে নিজ নিজ জগতৰ প্ৰভু সকলৰ আজ্ঞাধীন হোৱা; 6 কেৱল চকু-চাকৰৰ দৰে মানুহৰ সন্তোষজনক নহৈ, বৰং নিজকে খ্ৰীষ্টৰ দাস ৰূপে আন্তৰিকতাৰে ঈশ্বৰৰ ইচ্ছা পালন কৰি প্ৰভু সকলৰ সেৱাকর্ম কৰা। 7 তোমালোকে আনন্দ মনেৰে এনেদৰে কাম কৰিবা যাতে মানুহক নহয় ঈশ্বৰৰহে সেৱা কৰিছা। 8 মনত ৰাখিবা, তোমালোক দাস বা স্বাধীন যিয়েই নহোৱা প্রতিজনে সকলো সৎকর্ম্মৰ কাৰণে নিজে প্ৰভুৰ পৰা পুৰস্কাৰ পাবা।

9 আপোনালোক যি সকল প্রভু, আপোনালোকেও আপোনালোকৰ দাস সকলক সেই একে ব্যৱহাৰ কৰক। তেওঁলোকক ভয় নেদেখুৱাই এৰি দিয়ক, কাৰণ আপোনালোকে জানে যে স্বৰ্গত তেওঁলোক আৰু আপোনালোকৰ একেই হব আৰু তেওঁত কোনো পক্ষপাত নাই।

ধৰ্মযুদ্ধ আৰু সেই যুদ্ধৰ অস্ত্ৰ-শস্ত্ৰ।

10 অৱশেষত, প্ৰভুত আৰু তেওঁৰ শক্তিৰ পৰাক্ৰমত বলৱন্ত হওক।

11 ঈশ্বৰৰ আটাই যুদ্ধৰ সাজ পিন্ধি লওঁক যাতে চয়তানৰ নানা বিধ কৌশলৰ বিৰুদ্ধে থিয় হব পাৰে। 12 কিয়নো ৰক্ত আৰু মাংসৰ সৈতে আমাৰ মালযুদ্ধ হোৱা নাই; কিন্তু আধিপত্য, ক্ষমতা, এই অন্ধকাৰ যুগৰ শাসনকৰ্তা, আৰু স্বৰ্গীয় ঠাইবোৰৰ মন্দ শক্তিৰ দলবোৰৰ সৈতে হৈছে। 13 এই হেতুকে, আপোনালোকে ঈশ্বৰৰ আটাই সাজ-পোছাক পিন্ধি লওঁক; মন্দ দিনত চয়তানক প্ৰতিৰোধ কৰিবলৈ সমর্থ হবৰ কাৰণে সকলোকে সিদ্ধ কৰি থিৰে থাকক।

14 এতেকে সত্যেৰে কঁকাল বান্ধি, ধাৰ্মিকতাৰ বুকুবৰি পিন্ধি, 15 শান্তিৰ শুভবাৰ্তা ঘোষণাৰ কাৰণে প্ৰস্তুততাৰ ভৰিত জোতা পিন্ধি থিৰে থাকক। 16 যিহেৰে আপোনালোকে সকলো পাপ শক্তিৰ অগ্নিময় শৰ সমূহ নুমাব পাৰে, এনে বিশ্বাসৰ ঢাল লওঁক:

17 পৰিত্রাণ শিৰস্ত্ৰাণ আৰু আত্মাৰ তৰোৱালৰূপ ঈশ্বৰৰ বাক্য গ্ৰহণ কৰক। 18 সকলো প্ৰাৰ্থনা আৰু নিবেদনেৰে সকলো সময়তে আত্মাত প্ৰাৰ্থনা কৰক; আৰু ইয়াৰ কাৰণে পৰ দি, ঈশ্বৰৰ সকলো পবিত্ৰ লোকৰ কাৰণে সম্পূৰ্ণ ধৈৰ্য আৰু নিবেদনত লাগি থাকক।

19 মোৰ কাৰণেও প্ৰার্থনা কৰিব, যাতে শুভবার্তাৰ নিগূঢ়-তত্ত্ব সাহসেৰে প্ৰচাৰ কৰিবলৈ মই মুখ মেলিবৰ সময়ত উপযুক্ত কথা মোক দিয়া হয়৷ 20 কিয়নো মই শুভবার্তাৰ কাৰণে শিকলিৰে বন্ধা হৈও এজন ৰাজদূতৰ কাম কৰিছোঁ৷ প্ৰার্থনা কৰিব, বন্দীশালতো যিভাৱে শুভবার্তা কোৱা উচিত, মই সেইভাৱে যেন সাহসেৰে কবলৈ পাৰিম৷

শেষ কথা

21 মই কেনে আছোঁ, কি কৰিছোঁ, সেই বিষয়ে প্ৰিয় ভাই আৰু প্ৰভুৰ বিশ্বাসী সেৱক তুখিকৰ পৰা সকলো জানিব পাৰিব৷ 22 আপোনালোকে যেন আমাৰ বিষয়ে জানিব পাৰে আৰু তেওঁ যেন আপোনালোকৰ হৃদয়ত আশ্বাস দিয়ে, এই আশয়েৰেই মই তেওঁক আপোনালোকৰ ওচৰলৈ পঠালোঁ।

23 পিতৃ ঈশ্বৰ আৰু প্ৰভু যীচু খ্ৰীষ্টই ভাই সকলক শান্তি আৰু বিশ্বাস সহিত প্ৰেম দান কৰক। 24 আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ প্ৰতি যি সকলে অক্ষয় প্ৰেম কৰে, সেই সকলোৰে লগত অনুগ্ৰহ থাকক।

Veja também

Publicidade
Efésios
Ver todos os capítulos de Efésios
Bíblia Online Bíblia Online

Bíblia Online • Versão: 2026-06-15_21-32-39-