Coração puro
Bem-aventurados os puros de coração, porque verão a Deus. A pureza de coração é alvo, privilégio e busca constante do cristão que deseja contemplar a face do Senhor.
Coração puro
Bem-aventurados os puros de coração. A pureza interior precede toda transformação externa e abre os olhos para ver a Deus.
নিৰ্মল চিত্তৰ লোক সকল ধন্য; কিয়নো
তেওঁলোকে ঈশ্বৰৰ দৰ্শন পাব।
যিহোৱাৰ পৰ্ব্বতটোলৈ কোনে উঠি যাব পাৰে?
তেওঁৰ পবিত্ৰ স্থানত বা কোনে থিয় হ’ব পাৰে?
কেৱল সেই জনেই পাৰে,
যি জনৰ হাত শুচি আৰু অন্তৰো নিৰ্ম্মল;
যিজনে মিছা কথালৈ নিজৰ মন নেমেলে,
আৰু ছল কৰি মিছা শপত নাখায়।
তেওঁলোকেই যিহোৱাৰ পৰা আশীৰ্ব্বাদ পাব;
তেওঁলোকেই নিজ পৰিত্রাণকর্তা ঈশ্বৰৰ পৰা ধাৰ্মিকতা পাব।
মোৰ পাপ সমূহৰ পৰা তুমি তোমাৰ মুখ ঢাকা;
মোৰ সকলো অপৰাধ মোচন কৰা।
হে ঈশ্বৰ, তুমি মোৰ ভিতৰত শুদ্ধ অন্তৰ সৃষ্টি কৰা;
মোৰ অন্তৰত এক নতুন আৰু সুস্থিৰ আত্মা স্থাপন কৰা।
তোমাৰ সন্মুখৰ পৰা মোক দূৰ নকৰিবা;
তোমাৰ পবিত্ৰ আত্মা মোৰ পৰা নিনিবা।
অৱশ্যেই ঈশ্বৰ ইস্ৰায়েললৈ মঙ্গলজনক;
তেওঁ শুদ্ধ চিত্তৰ লোকসকললৈ শুভ কৰোঁতা।
Purificar-se
Todo o que tem essa esperança em Cristo se purifica. O amor procede de coração puro, boa consciência e fé sincera.
আৰু তেওঁৰ ওপৰত যি ব্যক্তিৰ এনে আশা বা আত্মবিশ্বাস আছে, তেওঁ যেনে শুচি, তেৱোঁ তেনেকৈ নিজকে শুচি কৰে।
হে প্ৰিয়সকল, এতিয়া আমি ঈশ্বৰৰ সন্তান; কিন্তু পাছত কি হ’ম, সেয়ে এতিয়ালৈকে প্ৰকাশিত হোৱা নাই। কিন্তু আমি জানো যে, খ্ৰীষ্ট যেতিয়া প্ৰকাশিত হব, তেতিয়া আমি তেওঁৰ নিচিনাই হ’ম�� তেওঁ যেনেকুৱা আছে, তেনেকুৱাই তেওঁক দেখিম�� আৰু তেওঁৰ ওপৰত যি ব্যক্তিৰ এনে আশা বা আত্মবিশ্বাস আছে, তেওঁ যেনে শুচি, তেৱোঁ তেনেকৈ নিজকে শুচি কৰে।
এই আদেশৰ উদ্দেশ্য হৈছে প্ৰেম; যি প্ৰেম নিৰ্মল চিত্ত, সৎ বিবেক আৰু অকপট বিশ্বাসৰ পৰা হয়��
কিন্তু তুমি যৌৱন কালৰ অভিলাষৰ পৰা পলোৱা আৰু ধাৰ্মিকতা, বিশ্বাস, প্ৰেম, শান্তি আৰু নিৰ্মল মনেৰে প্ৰভুলৈ প্ৰার্থনা কৰা লোক সকলৰ সৈতে এক হৈ সেইবোৰক অনুসৰণ কৰা��
আৰু মই প্ৰাৰ্থনা কৰি আছোঁ যাতে আপোনালোকে প্ৰেম, জ্ঞান আৰু সকলো বিবেচনাত অধিক অধিককৈ উপচি পৰে�� মই প্ৰাৰ্থনা কৰোঁ, আপোনালোকে যাতে যি যি শ্ৰেষ্ঠ, সেইবোৰ বিবেচনা কৰি, সেইদৰে নিৰ্ণয় কৰিব পাৰে আৰু এইদৰে খ্ৰীষ্টৰ দিনৰ অপেক্ষাৰে নিৰ্দোষী আৰু নিৰ্বিঘ্ন হওক�� নিবেদন কৰোঁ, আপোনালোক যেন ঈশ্বৰৰ মহিমা আৰু প্ৰশংসাৰ অৰ্থে, যীচু খ্ৰীষ্টৰ যোগেদি ধাৰ্মিকতাৰ ফলেৰে পৰিপূৰ্ণ হয়।
বিবাদ আৰু তৰ্ক-বিতৰ্ক নোহোৱাকৈ সকলো কৰ্ম কৰক; যাতে ঈশ্বৰৰ নিষ্কলঙ্ক সন্তান হ’বৰ কাৰণে, আপোনালোক যেন পবিত্ৰ, নিৰ্দ্দোষী আৰু শুদ্ধ হয় আৰু জগতত যি কুটিল আৰু বিপথগামী লোক আছে, তেখেত সকলৰ মাজত আপোনালোক দীপ্তি স্বৰূপ হওক�� জীৱনৰ বাক্য ধাৰণ কৰক, এয়ে খ্ৰীষ্টৰ আগমণৰ দিনত মোৰ বাবে শ্লাঘাৰ কাৰণ হ’ব; কিয়নো মই বৃথা দৌৰ মৰা নাই আৰু বৃথা পৰিশ্ৰমো কৰা নাই।
আপোনালোকে সত্যৰ আজ্ঞাধীনতাৰ দ্ৱাৰা অকপট ভাতৃপ্ৰেমৰ অৰ্থে নিজৰ আত্মা শুচি কৰিবলৈ, পৰস্পৰক হৃদয়েৰে আন্তৰিক প্ৰেম কৰক।
মানুহৰ সকলো পথ নিজৰ দৃষ্টিত শুদ্ধ;
কিন্তু যিহোৱাই আত্মাবোৰ পৰীক্ষা কৰে।