Publicidade

Jonas 2

যোনাৰ প্রার্থনা

1 যোনাই সেই মাছৰ পেটৰ পৰা নিজ ঈশ্বৰ যিহোৱাৰ আগত প্ৰাৰ্থনা কৰিলে। 2 তেওঁ ক’লে,

"মই যিহোৱাক মোৰ কষ্টৰ বিষয়ে প্ৰাৰ্থনাত ক’লো;

তাতে তেওঁ মোক উত্তৰ দিলে।

চিয়োলৰ ভিতৰৰ পৰা মই সহায়ৰ কাৰণে কাতৰোক্তি কৰিলোঁ আৰু আপুনি মোৰ স্বৰ শুনিলে।

3 আপুনি মোক গভীৰ জলত সাগৰৰ মাজত পেলালে

আৰু মোক সাগৰৰ সোঁতে বেৰি ধৰিলে,

আপোনাৰ আটাই ঢৌ আৰু তৰঙ্গ মোৰ ওপৰেদি গ’ল।

4 মই ক’লো, ‘আপোনাৰ দৃষ্টিৰ পৰা মোক দূৰ কৰি

দিলে; মই কেনেকৈ পুনৰ আপোনাৰ পবিত্ৰ মন্দিৰৰ ফালে দৃষ্টি কৰিম?

5 জল সমূহে মোক গ্রাস কৰি প্রাণৰ সংশয়লৈ লৈ

গ’ল; অগাধ জলে মোক আগুৰি ধৰিলে;

সাগৰৰ লতা-বনবোৰে মোৰ মূৰ মেৰাই ধৰিলে।

6 মই ডুবি গৈ পৰ্ব্বতবোৰৰ মূল পর্যন্ত নামি গ’লোঁ;

নিজৰ ডাংবোৰেৰে পৃথিৱীয়ে মোক চিৰকাললৈকে আটক কৰিলে;

কিন্তু, হে মোৰ ঈশ্বৰ যিহোৱা, আপুনি সেই গাতৰ পৰা মোক উঠাই আনিলে।

7 মোৰ প্ৰাণ যেতিয়া মোৰ অন্তৰত ব্যাকুল হ’ল,

মই যিহোৱাক সোঁৱৰণ কৰিলোঁ আৰু মোৰ প্ৰাৰ্থনা

আপোনাৰ ওচৰত আপোনাৰ পবিত্ৰ মন্দিৰত উপস্থিত হ’ল।

8 যিসকলে অসাৰ দেৱতাবোৰক মানে,

তেওঁলোকে আপোনাৰ যি বিশ্বস্ততা, তাক অৱহেলা কৰে।

9 কিন্তু মই হ’লে স্তুতি-ধন্যবাদেৰে আপোনাৰ উদ্দেশ্যে বলি উৎসৰ্গ কৰিম;

মই কৰা সংকল্প সিদ্ধ কৰিম;

পৰিত্ৰাণ যিহোৱাৰ পৰাই আহে!"

10 পাছত যিহোৱাই মাছটোক আজ্ঞা দিয়াত মাছটোৱে যোনাক বামত বমি কৰি উলিয়াই দিলে।

Veja também

Publicidade
Jonas
Ver todos os capítulos de Jonas
Bíblia Online Bíblia Online

Bíblia Online • Versão: 2026-06-15_21-32-39-