Ensinar
Ensinar é mandamento e dom. A Bíblia exorta pais, líderes e mestres a transmitir a verdade divina com fidelidade, paciência e sabedoria para as próximas gerações.
Ensinar a Palavra
Toda Escritura é útil para ensinar. Quem ouve as palavras de Jesus e as pratica é como o homem sábio que construiu sobre a rocha.
সকলো ধৰ্মশাস্ত্ৰ ঈশ্বৰৰ দ্বাৰা নিশ্বাসিত আৰু শিক্ষাৰ বাবে, অনুযোগৰ বাবে, শুধৰণিৰ বাবে আৰু ধাৰ্মিকতা সম্বন্ধীয় শিক্ষাত লাভজনক; যাতে ঈশ্বৰৰ মানুহ সিদ্ধ আৰু সকলো সৎ কর্মৰ কাৰণে সুসজ্জিত হব পাৰে��
সেই কাৰণে কওঁ, যি কোনোৱে মোৰ এই সকলো কথা শুনি পালন কৰে, তেওঁ এনেকুৱা এজন বুদ্ধিমান লোকৰ নিচিনা যি জনে শিলৰ ওপৰত তেওঁৰ ঘৰ সাজিলে।
খ্ৰীষ্টৰ বাক্যৰ জ্ঞান আপোনালোকৰ সৈতে বাহুল্যৰূপে বাস কৰক। ধৰ্মগীত, স্তুতি-গীত আৰু আত্মিক গানেৰে পৰস্পৰে শিক্ষা আৰু চেতনা দি, অনুগ্ৰহৰ কথাত কৃতজ্ঞতাৰে নিজ নিজ হৃদয়ত ঈশ্বৰৰ উদ্দেশ্যে গান কৰক।
কিয়নো আগেয়ে যিবোৰ কথা লিখা হৈছিল, সেইবোৰ আমি ধৈৰ্যৰে আৰু শাস্ত্ৰৰ সান্ত্বনাৰে ভাৰসা পাবলৈ আমাৰ শিক্ষাৰ কাৰণেহে লিখা হৈছিল।
দায়ূদৰ পুত্র চলোমন, ইস্রায়েলৰ ৰজা আছিল। চলোমনৰ নীতিবচন।
প্রজ্ঞা আৰু শিক্ষা লাভ কৰিবলৈ,
সূক্ষ্মদৃষ্টিৰে বাক্য শিকোৱা,
সংশোধন গ্রহণ কৰা, তেতিয়া তুমি
সত্য, ন্যায়পৰায়ণ, আৰু যথাৰ্থতাত জীয়াই থাকিব পাৰিবা।
যিসকলক শিক্ষা দিয়া হোৱা নাই, তেওঁলোকক প্রজ্ঞা দান কৰা;
আৰু যুৱক সকলক জ্ঞান আৰু বিবেচনা দিয়া।
জ্ঞানীলোকক শুনিবলৈ দিয়া আৰু তেওঁলোকক শিক্ষাত বৃদ্ধি হ’বলৈ দিয়া।
আৰু তীক্ষ্নবুদ্ধি সম্পন্ন লোকক পথপ্রদৰ্শন কৰা;
যাতে নীতিবচন আৰু বাণী,
জ্ঞানীলোকৰ বাক্য আৰু তেওঁলোকৰ নিগূঢ়তত্ব বুজিব পাৰে।
যিহোৱালৈ ভয় ৰখাই জ্ঞানৰ আৰম্ভণ,
অজ্ঞানীলোকে প্রজ্ঞা আৰু অনুশাসন হেয়জ্ঞান কৰে।
Instruir as gerações
Ensina a criança nos caminhos de Deus. A geração que não conhece o Senhor perde a herança espiritual da fé.
আপোনালোক সকলোৱেই আপোনাৰ সকলো মন, সকলো প্ৰাণ, আৰু সকলো শক্তিৰে সৈতে নিজ ঈশ্বৰ যিহোৱাক প্ৰেম কৰক। আজি মই আপোনালোকক দিয়া আজ্ঞাৰ সকলো কথা আপোনালোকৰ হৃদয়ত ৰাখিব লাগে। আপোনালোকে নিজৰ সন্তান সকলক যত্নেৰে সেইবোৰ শিকাব; আপুনি ঘৰত বহোঁতে বা বাটত যাওঁতে, আৰু শোওঁতে বা উঠোতে, সেইবোৰৰ বিষয়ে কথা-বতৰা হ’ব।
হে মোৰ পুত্র, তুমি তোমাৰ পিতৃৰ আদেশ শুনা,
আৰু তোমাৰ মাতৃৰ শাসন অৱজ্ঞা নকৰিবা;
তেওঁলোক তোমাৰ মুৰৰ বাবে কৰুণাময় মালাৰ দৰে হ’ব,
আৰু তোমাৰ ডিঙিত ওলমি থকা মালাৰ লকেটৰ দৰে হ’ব।
হে মোৰ পুত্র, তুমি তোমাৰ পিতৃৰ আজ্ঞা পালন কৰা,
আৰু তোমাৰ মাতৃৰ শিক্ষা হেয়জ্ঞান নকৰিবা।
সেইবোৰ সদায় তোমাৰ হৃদয়ত গাঁঠি থোৱা,
আৰু সেইবোৰ ডিঙিত বান্ধি ৰাখা।
তুমি যেতিয়া খোজ কাঢ়িবা, তেতিয়া সেইবোৰে তোমাক পৰিচালনা কৰিব,
তুমি যেতিয়া শুবা, তেতিয়া সেইবোৰে তোমাক পৰ দি ৰাখিব,
আৰু যেতিয়া তুমি শুই উঠিবা, তেতিয়া সেইবোৰে তোমাক শিক্ষা প্রদান কৰিব।
কাৰণ সেই আজ্ঞাবোৰ প্ৰদীপস্বৰূপ, আৰু সেই শিক্ষা পোহৰস্বৰূপ হয়,
নেতিবাচক অনুশাসন জীৱনৰ পথ হয়।
প্রজ্ঞা আৰু বিবেচনা শক্তি অৰ্জন কৰা;
মোৰ মুখৰ পৰা ওলোৱা বাক্য নাপাহৰিবা আৰু ত্যাগ নকৰিবা।
প্ৰজ্ঞাক ত্যাগ নকৰিবা, তেতিয়া তেওঁ তোমাৰ ওপৰত দৃষ্টি ৰাখিব;
তেওঁক প্ৰেম কৰা, আৰু তেওঁ তোমাক সুৰক্ষিত কৰি ৰাখিব।
প্ৰজ্ঞা হৈছে অতি গুৰুত্বপূৰ্ণ বিষয়, সেয়ে প্ৰজ্ঞা অৰ্জন কৰা;
আৰু তুমি অৰ্জন কৰা প্রজ্ঞাক সকলোতে ব্যৱহাৰ কৰা, তাতে তুমি বিবেচনা শক্তি লাভ কৰিবা।
প্রজ্ঞাক সস্নেহে প্রতিপালন কৰা,
তেওঁ তোমাক উচ্চ স্হানত স্হাপন কৰিব;
তুমি তেওঁক আঁকোৱালি ধৰিলে, তেওঁ তোমাক আদৰ কৰিব।
নিয়ম প্রণালী মানি চলিবা, ইয়াক যাবলৈ নিদিবা;
ইয়াক পহৰা দিয়া, কাৰণ এয়ে তোমাৰ জীৱন।
পাপীবোৰৰ পথ অনুসৰণ নকৰিবা,
আৰু যিসকলে দুষ্টকৰ্ম কৰে, তেওঁলোকৰ পথত নাযাবা।
সকলো অধ্যৱসায়ৰ দ্বাৰাই তোমাৰ হৃদয়ক অধিক যত্নেৰে ৰক্ষা কৰা,
কিয়নো তাৰ পৰাই জীৱন উৎপন্ন হয়।
তোমাৰ মুখৰ পৰা কটুকথা দূৰ কৰা,
আৰু নৈতিকতাহীন কথা তোমাৰ পৰা দূৰ কৰা।
তোমাৰ চকুৱে সন্মুখলৈ চাওক,
আৰু তোমাৰ দৃষ্টি তোমাৰ সন্মুখত স্থিৰ কৰা।
তোমাৰ ভৰিৰ কাৰণে পথ সমান কৰা,
তেতিয়া তোমাৰ সকলো পথ সুৰক্ষিত হ’ব।
সোঁ হাতে কি বাওঁ হাতে নুঘুৰিবা,
মন্দৰ পৰা তোমাৰ ভৰি দূৰত ৰাখিবা।"
জ্ঞানী লোকৰ শিক্ষা জীৱনৰ ভুমুকস্বৰূপ হয়।
মৃত্যু ফান্দৰ পৰা তোমাক আঁতৰাই ৰাখিব।
যিহোৱালৈ ভয় ৰখাই প্রজ্ঞাৰ আৰম্ভণ,
আৰু পবিত্ৰজনাক জনাই সুবিবেচনা।
হে মোৰ লোকসকল তোমালোকে মোৰ শিক্ষালৈ কাণ দিয়া;
মোৰ মুখৰ কথালৈ কাণ পাতা।
মই দৃষ্টান্তৰে সৈতে মোৰ মুখ মেলিম;
মই পূৰ্বকালৰ নিগূঢ় বিষয়বোৰ প্ৰকাশ কৰিম।
এই যি যি কথা আমি শুনিলো আৰু জানিলোঁ,
আমাৰ পূর্বপুৰুষসকলে আমাৰ ওচৰত সেইবোৰ কথা বর্ণনা কৰি গৈছে।
তেওঁলোকৰ বংশৰ সন্তান সকলৰ পৰা আমি সেইবোৰ লুকুৱাই নাৰাখিম;
আমি ভাবী প্রজন্মৰ ওচৰত যিহোৱাৰ গৌৰৱপূর্ণ কার্যবোৰৰ কথা ক’ম;
তেওঁৰ পৰাক্রমৰ কথা আৰু তেওঁ যি সকলো আচৰিত কার্য কৰিলে, সেই সকলো কথা ক’ম।
যিহোচূৱাৰ সমসাময়িক সকলো প্রজন্মই মৃত্যু বৰণ কৰি নিজৰ ওপৰ পিতৃসকলৰ ওচৰলৈ যোৱাৰ পাছত পৰৱর্তী প্রজন্মৰ বৃদ্ধি হবলৈ ধৰিলে। তেওঁলোকে যিহোৱাক নাজানিলে। যিহোৱাই ইস্ৰায়েলবাসীৰ কাৰণে কি কৰিলে তেওঁলোকে সেইবোৰ নাজানিলে।
Fidelidade no ensino
Quem ensina com fidelidade merece dupla honra. Cuidado com doutrinas falsas — permaneçam na doutrina de Cristo.
যি যি পৰিচাৰক সকলে উত্তমৰূপে পৰিচালনা কৰে, বিশেষকৈ যি সকলে বাক্য আৰু শিক্ষাত পৰিশ্ৰম কৰে, তেওঁলোক দুগুণ সমাদৰৰ যোগ্য-পাত্ৰ বুলি গণিত হওক। কিয়নো ধৰ্মশাস্ত্ৰত কৈছে "মৰণা মাৰোঁতে গৰুৰ মুখত মোখোৰা নাবান্ধিবা" আৰু "বনুৱা নিজ বেচৰ যোগ্য।"
কিন্তু নিন্দাযুক্ত কথাবোৰৰ পৰা পৃথক থাকিবা, কিয়নো এইবোৰে অধিকৰূপে ঈশ্ৱৰক অবিশ্ৱাস কৰিবলৈ বাট দেখুৱাই লৈ যায়�� এনে কথাবোৰ বিয়পি পৰে আৰু গেলা ঘাৰ দৰে নষ্ট কৰি বিস্তাৰ লাভ কৰে, এনে লোকবোৰৰ ভিতৰতে হুমিনায় আৰু ফিলীতো আছে,
যি কোনোৱে খ্রীষ্টৰ উপদেশত নাথাকি সীমা পাৰ হৈ যায়, তেওঁত ঈশ্বৰ নাই; যি জনে সেই উপদেশত থাকে, তেওঁত পিতৃ আৰু পুত্ৰ, এই উভয়েই আছে।
যেতিয়া পৰ্বৰ আধা সময় পাৰ হ’ল, তেতিয়া যীচুৱে মন্দিৰলৈ গৈ উপদেশ দিবলৈ আৰম্ভ কৰিলে। তাতে ইহুদী সকলে অতিশয় আচৰিত হৈ ক’লে, "এই লোক জনে কেতিয়াও কোনো শিক্ষা নোলোৱাকৈ ইমানবোৰ ধর্ম কথা কেনেকৈ জানিলে?" যীচুৱে তেওঁলোকক উত্তৰ দি ক’লে, "এই উপদেশ মোৰ নিজৰ নহয়, মোক পঠোৱা জনৰহে।" যদি কোনোৱে তেওঁৰ ইচ্ছা পালন কৰিবলৈ বিচাৰে, তেনেহলে তেওঁ জানিব যে এই শিক্ষা ঈশ্বৰৰ পৰা আহিছে নে মই নিজৰ পৰা কৈছোঁ। যি জনে নিজৰ পৰা কথা কয়, তেওঁ নিজৰ মৰ্যদা বিচাৰে; কিন্তু কোনো জনে যদি পঠোৱা জনৰ গৌৰৱ বিচাৰে, তেনেহলে তেওঁ সত্য, আৰু তেওঁৰ ভিতৰত একো অসাধুতা নাই।