Ouvir
Ouvir é uma disciplina espiritual essencial. A Bíblia exorta: 'Quem tem ouvidos, ouça.' A fé vem pelo ouvir, e ouvir é mais que escutar — é obedecer e agir.
A fé vem pelo ouvir
Sem ouvir a Palavra, não há fé. A pregação do evangelho gera fé nos corações de quem ouve com disposição e humildade.
এতেকে শ্ৰৱণৰ দ্বাৰাই বিশ্বাস আৰু খ্ৰীষ্টৰ বাক্যৰ দ্বাৰাইহে শ্ৰৱণ হয়।
এতেকে শ্ৰৱণৰ দ্বাৰাই বিশ্বাস আৰু খ্ৰীষ্টৰ বাক্যৰ দ্বাৰাইহে শ্ৰৱণ হয়।
এতেকে যি জনক তেওঁলোকে বিশ্বাস কৰা নাই, সেই জনৰ আগত কেনেকৈ প্ৰাৰ্থনা কৰিব? আৰু যি জনৰ বিষয়ে শুনা নাই, তেওঁত নো কেনেকৈ বিশ্বাস কৰিব? আৰু ঘোষণাকাৰী নহ’লে, কেনেকৈ শুনিব?
যাৰ কাণ আছে, তেওঁ শুনক।"
এইদৰে যিচয়া ভাৱবাদীয়ে কোৱা এই ভাৱবাণী তেওঁলোকলৈ পূর্ণ হৈছে,
‘তোমালোকে শুনোতে শুনিবা, কিন্তু কোনোমতে নুবুজিবা;
দেখোতে দেখিবা, কিন্তু কোনোমতে নাজানিবা;
কিয়নো এই লোক সকলৰ হৃদয় অসাৰ হৈছে,
আৰু কাণ গধুৰ হৈ গৈছে,
তেওঁলোকে চকুও বন্ধ কৰি ৰাখিছে
তাতে তেওঁলোকে চকুৰে নেদেখে,
কাণেৰে নুশুনে, হৃদয়েৰে নুবুজে,
আৰু তেওঁলোক যেন পুণৰ ঘূৰি নাহে,
আৰু মই তেওঁলোকক যেন সুস্থ নকৰোঁ’।
Ouvir e obedecer
Não basta ouvir — é preciso praticar. Quem ouve a Palavra e a pratica é como o homem sábio que edificou sobre a rocha.
কেৱল শুনোতা হৈ নিজক নুভুলাব, কিন্তু বাক্য পালন কৰোঁতা হওক।
কেৱল শুনোতা হৈ নিজক নুভুলাব, কিন্তু বাক্য পালন কৰোঁতা হওক।
হে মোৰ প্ৰিয় ভাইসকল, অাপোনালোকে এই কথা জানিব যে, প্ৰত্যেক ব্যক্তি শুনিবলৈ প্ৰস্তুত থাকিব, ক’বলৈ ধীৰ আৰু ক্ৰোধলৈয়ো ধীৰ হওক,
হে মোৰ প্ৰিয় ভাইসকল, অাপোনালোকে এই কথা জানিব যে, প্ৰত্যেক ব্যক্তি শুনিবলৈ প্ৰস্তুত থাকিব, ক’বলৈ ধীৰ আৰু ক্ৰোধলৈয়ো ধীৰ হওক, কিয়নো মানুহৰ ক্ৰোধে ঈশ্বৰে বিচৰা ধাৰ্মিকতা সাধন নকৰে।
সেই কাৰণে কওঁ, যি কোনোৱে মোৰ এই সকলো কথা শুনি পালন কৰে, তেওঁ এনেকুৱা এজন বুদ্ধিমান লোকৰ নিচিনা যি জনে শিলৰ ওপৰত তেওঁৰ ঘৰ সাজিলে।
সেই কাৰণে কওঁ, যি কোনোৱে মোৰ এই সকলো কথা শুনি পালন কৰে, তেওঁ এনেকুৱা এজন বুদ্ধিমান লোকৰ নিচিনা যি জনে শিলৰ ওপৰত তেওঁৰ ঘৰ সাজিলে। পাছত বৰষুণ পৰিল, ধল আহিল আৰু প্রচণ্ড বতাহ বলাত সেই ঘৰত আহি খুন্দা লাগিল; কিন্তু সেই ঘৰটো নপৰিল, কাৰণ ইয়াক শিলৰ ওপৰত নিৰ্মাণ কৰা হৈছিল। পুনৰ যি কোনোৱে মোৰ এই সকলো কথা শুনি পালন নকৰে, তেওঁ এনেকুৱা এজন মূর্খ লোকৰ নিচিনা, যি জনে বালিৰ ওপৰত তেওঁৰ ঘৰ সাজিছিল। পাছত বৰষুণ পৰিল, ধল আহিল আৰু প্রচণ্ড বতাহ বলাত সেই ঘৰতো আহি খুন্দা লাগিল; তাতে সেই ঘৰটো পৰি গ’ল আৰু সম্পূর্ণকৈ ঘৰটোৰ পতন হ’ল।
তাতে তেওঁ উত্তৰ দি ক’লে, "শাস্ত্রত লিখা আছে, মানুহ কেৱল পিঠাৰে জীয়াই নাথাকে, কিন্তু ঈশ্বৰৰ মুখৰ পৰা ওলোৱা প্রত্যেকটো বাক্যৰেহে জীয়াই থাকে।"
কিন্তু তেওঁ ক’লে, "হয়, তথাপি যি সকলে ঈশ্বৰৰ বাক্য শুনি পালন কৰে তেওঁলোকহে ধন্য।"
কিন্তু তেওঁ ক’লে, "হয়, তথাপি যি সকলে ঈশ্বৰৰ বাক্য শুনি পালন কৰে তেওঁলোকহে ধন্য।"
আপোনালোকে যি যি শিকিলে, গ্ৰহণ কৰিলে, শুনিলে আৰু মোক যেনে দেখিলে, তেনেদৰে সকলোৱে আচৰণ কৰক; তাতে শান্তিৰ আঁকৰ ঈশ্বৰ আপোনালোকৰ লগত থাকিব।
Deus ouve nossas orações
O Senhor ouve os que clamam a Ele de coração sincero. Ele inclina os ouvidos para as nossas súplicas e responde com fidelidade.
মই যিহোৱাক প্ৰেম কৰোঁ, কিয়নো তেওঁ মোৰ স্বৰ আৰু কাকুতি শুনিলে।
তেওঁ মোৰ কথালৈ কাণ পাতিলে,
সেয়ে মই জীয়াই থকা দিনলৈকে তেওঁৰ ওচৰত প্ৰাৰ্থনা কৰিম।
সঙ্কটৰ কালত মই যিহোৱাক মাতিলো,
সহায় বিচাৰি মোৰ ঈশ্বৰৰ ওচৰত কাতৰোক্তি জনালোঁঁ;
তেওঁ নিজ মন্দিৰৰ পৰা মোৰ মাত শুনিলে,
মোৰ কাতৰোক্তি তেওঁৰ ওচৰলৈ গ’ল আৰু তেওঁৰ কাণত পৰিল।
যিহোৱাৰ দৃষ্টি ধাৰ্মিকসকলৰ ওপৰত থাকে; তেওঁৰ কাণ তেওঁলোকৰ কাতৰোক্তি শুনিবলৈ মুকলি থাকে।
হে যিহোৱা, প্রতি ৰাতিপুৱাতে তুমি মোৰ মাত শুনিবলৈ পোৱা;
ৰাতিপুৱাই মই তোমাৰ সন্মুখত মোৰ নিবেদন উৎসৰ্গ কৰি বাট চাই থাকো।
মোক আনন্দ আৰু উল্লাসৰ ধ্বনি শুনিবলৈ দিয়া;
তুমি গুড়ি কৰা মোৰ অস্থিবোৰক উল্লাসিত হবলৈ দিয়া।
ৰাতিপুৱাতে মোক তোমাৰ সুস্থিৰ প্রেমৰ বচন শুনুউৱা,
কাৰণ মই তোমাৰ ওপৰতে ভাৰসা কৰিছোঁ;
তুমি মোক মই চলিবলগীয়া পথ শিকোঁৱা,
কিয়নো মই মোৰ প্রাণ তোমালৈ তুলি ধৰিছোঁ।
এই বিষয়ত আমাৰ দৃঢ় আস্থা আছে যে, আমি যদি তেওঁৰ ইচ্ছা অনুসাৰে তেওঁৰ ওচৰত যি কোনো বিষয় বিচাৰো, তেনেহলে তেওঁ আমাৰ যাচনা শুনে;
আৰু আমি যদি সঁচাকৈ জানোঁ যে, আমাৰ যাচনাৰ বিষয় তেওঁ শুনে; তেনেহলে আমি জানিব লাগে যে, আমি তেওঁৰ ওচৰত যি যি বিচাৰিছোঁ, সেই সকলো পালোঁ��
আৰু তেতিয়া তোমালোকে মোক মাতিবা আৰু গৈ মোৰ আগত প্ৰাৰ্থনা কৰিবা; তেতিয়া মই তোমালোকৰ কথা শুনিম।
‘তুমি মোৰ আগত প্ৰাৰ্থনা কৰা; তাতে মই তোমাক উত্তৰ দিম, আৰু তুমি নজনা মহত আৰু অগম্য কথা তোমাক জনাম।’
চোৱা, যিহোৱাৰ হাত এনে চুটি নহয় যে, তেওঁ তাৰে পৰিত্ৰাণ কৰিব নোৱাৰে, আৰু তেওঁৰ কাণ এনে গধূৰ নহয় যে, তেওঁ তাৰে শুনিব নোৱাৰে;
Ouvir a voz de Deus
Jesus disse: 'As minhas ovelhas ouvem a minha voz.' Deus fala através da Palavra, do Espírito e das circunstâncias — cabe a nós ouvir.
মোৰ মেৰবোৰে হ’লে মোৰ মাত শুনে। মই সেই সকলক জানো, আৰু সেই সকল মোৰ পাছে পাছে আহে;
মই সঁচাকৈয়ে কওঁ, যি জনে মোৰ কথা শুনি মোক পঠোৱা জনত বিশ্বাস কৰে, তেওঁৰ অনন্ত জীৱন আছে আৰু তেওঁ দোষীৰূপে বিবেচিত নহ’ব, কিন্তু মৃত্যুৰ পৰা জীৱনলৈ পাৰ হ’ল।
আপোনালোকক সঁচাকৈয়ে কওঁ, যি সময়ত মৃত লোকে ঈশ্বৰৰ পুত্ৰৰ মাত শুনিব, এনে সময় আহি আছে, বৰং আহি পালেহি আৰু যি সকলে শুনিব, তেওঁলোক জীৱ।
চোৱা, মই দুৱাৰত থিয় হৈ টুকুৰিয়াই থাকোঁ�� কোনোৱে যদি মোৰ মাত শুনি দুৱাৰ মেলি দিয়ে, তেনেহলে মই তেওঁৰ গৃহলৈ আহিম আৰু তেওঁৰ সৈতে মই ভোজন কৰিম, আৰু তেৱোঁ মোৰে সৈতে ভোজন কৰিব।
চোৱা, মই দুৱাৰত থিয় হৈ টুকুৰিয়াই থাকোঁ�� কোনোৱে যদি মোৰ মাত শুনি দুৱাৰ মেলি দিয়ে, তেনেহলে মই তেওঁৰ গৃহলৈ আহিম আৰু তেওঁৰ সৈতে মই ভোজন কৰিম, আৰু তেৱোঁ মোৰে সৈতে ভোজন কৰিব।
আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰেই পাছত চলিব, তেওঁকেই ভয় কৰিব, তেওঁৰেই আজ্ঞাবোৰ পালন কৰিব, তেওঁকেই অনুসৰণ কৰিব, তেওঁৰেই আৰাধনা কৰিব আৰু তেওঁক কেতিয়াও পৰিত্যাগ নকৰিব।
গতিকে কওকচোন, যি জনে আপোনালোকক আত্মা দান কৰে আৰু আপোনালোকৰ মাজত পৰাক্ৰম কাৰ্য সাধন কৰে, তেওঁ বিধানৰ কৰ্মৰ দ্বাৰাই কৰে নে বার্তা শুনি বিশ্বাসৰ দ্বাৰাই কৰে?
Sabedoria no ouvir
Seja pronto para ouvir e tardio para falar. A sabedoria começa com a disposição de ouvir instrução e aceitar correção.
যি জনে নুশুনাৰ পূৰ্বেই উত্তৰ দিয়ে,
সেয়ে তেওঁৰ অজ্ঞানতা আৰু অপমান।
যিসকলে শিক্ষা লাভ কৰি অনুশীলন কৰে, তেওঁলোকে মঙ্গল বিচাৰি পায়;
আৰু যি সকলে যিহোৱাত নির্ভৰ কৰে, তেওঁলোক সুখী হয়।
হে মোৰ পুত্র, তুমি তোমাৰ পিতৃৰ আজ্ঞা পালন কৰা,
আৰু তোমাৰ মাতৃৰ শিক্ষা হেয়জ্ঞান নকৰিবা।
যিজনে নিয়মানুবৰ্তিতাত চলে, তেওঁ জীৱনৰ পথত চলে;
কিন্তু যিজনে অনুযোগ অমান্য কৰে, তেওঁ বিপথে যায়।
কোনোৱে যদি বিধানৰ কথা শুনাৰ পৰা আঁতৰি থাকে,
তেনেহ’লে তেওঁৰ প্ৰাৰ্থনাও ঘৃণিত হয়।
অজ্ঞানীৰ প্রশংসাৰ গান শুনাতকৈ জ্ঞানৱানৰ তিৰস্কাৰ শুনাই ভাল।
সকলোবোৰ বিষয়েই বিৰক্তিকৰ, তাৰ ব্যাখ্যা দিব পৰা মানুহৰ পক্ষে অসাধ্য।
চকুৱে যিমানেই দৰ্শন নকৰক, চকু তৃপ্ত নহয়;
কাণে যিমানেই শ্ৰৱণ নকৰক, কাণ তৃপ্ত নহয়।
আৰু যদি তোমালোকে মোৰ বিপৰীত আচৰণ কৰা আৰু মোৰ বাক্য শুনিবলৈ অসন্মত হোৱা, তেন্তে মই তোমালোকৰ পাপ অনুসাৰে তোমালোকলৈ আৰু সাতগুণ আপদ ঘটাম।
বাহিনীসকলৰ যিহোৱাই কৈছে, "মোৰ নামৰ মহিমা স্বীকাৰ কৰিবৰ কাৰণে তোমালোকে যদি মোৰ কথা নুশুনা আৰু মনোযোগ নিদিয়া, তেন্তে মই তোমালোকৰ ওপৰত এক শাও পঠাম আৰু তোমালোকৰ সকলো আশীৰ্ব্বাদৰ পাত্রক শাওলৈ পৰিণত কৰিম। বাস্তৱিক ইতিমধ্যে মই সকলোকে শাও দিলোঁ; কাৰণ তোমালোকে মোৰ আজ্ঞালৈ মনোযোগ দিয়া নাই।
কিন্তু মই তোমাৰ লগত কথা হোৱা সময়ত যেতিয়া তোমাৰ মুখ মেলিম, তেতিয়া তুমি তেওঁলোকক ক’বা ‘প্ৰভু যিহোৱাই এই কথা কৈছে’; যি জনে শুনে, তেওঁ শুনক আৰু যি জনে নুশুনে, তেওঁ নুশুনক; কিয়নো তেওঁলোক বিদ্ৰোহী বংশ!"
প্ৰভু যিহোৱাই এই কথা কৈছে:
"চোৱা, এনে দিন আহিছে, যেতিয়া মই দেশৰ মাজলৈ দুর্ভিক্ষ পঠাম;
লোকে তেতিয়া অন্নৰ বাবে ক্ষুধিত অথবা
পানীৰ বাবে তৃষ্ণাতুৰ নহ’ব।
কিন্তু যিহোৱাৰ বাক্য শুনাৰ বাবে আকাল হ’ব।
তেতিয়া প্রায় মাজনিশা। পৌল আৰু চীলে ঈশ্বৰৰ উদ্দেশ্যে প্ৰাৰ্থনা কৰি স্তুতি-গীত গাই আছিল। আন কয়দী সকলেও তেওঁলোকে গোৱা স্তুতি-গীত শুনি আছিল।
তেতিয়া যিহোচূৱাই ইস্ৰায়েলৰ সন্তান সকলক ক’লে, "তোমোলোকে ইয়ালৈ আহি তোমালোকৰ ঈশ্বৰ যিহোৱাৰ বাক্য শুনা।
এতেকে তোমালোকে আন্ধাৰত যি যি কথা ক’লা, সেইবোৰ পোহৰত শুনা যাব আৰু ভিতৰৰ কোঠালিত তোমালোকে কাণে কাণে যি কথা কৈছা, সেয়া ঘৰৰ ওপৰৰ পৰা ঘোষণা কৰা হ’ব।
কিন্তু তোমাৰ ভায়েৰাই যদি তোমাৰ বিৰুদ্ধে পাপ কৰে, তেনেহলে তেওঁ অকলে থাকোতেই ওচৰলৈ গৈ তেওঁৰ দোষ দেখুৱাই দিয়া। তেওঁ যদি তোমাৰ কথা শুনে, তেনেহলে তুমি তোমাৰ ভায়েৰাক ঘূৰাই পালা।
কিন্তু তোমাৰ ভায়েৰাই যদি তোমাৰ বিৰুদ্ধে পাপ কৰে, তেনেহলে তেওঁ অকলে থাকোতেই ওচৰলৈ গৈ তেওঁৰ দোষ দেখুৱাই দিয়া। তেওঁ যদি তোমাৰ কথা শুনে, তেনেহলে তুমি তোমাৰ ভায়েৰাক ঘূৰাই পালা। কিন্তু যদি নুশুনে, তেনেহলে দুই এজন ভাইক তোমাৰ লগত লৈ যোৱা, যাতে দুই বা তিনি জন সাক্ষীৰ কথাত প্ৰত্যেকটো বিষয় সত্য বুলি প্ৰমাণিত হয়। যদি তেওঁ তেওঁলোকৰ কথাও নুশুনে, তেনেহলে মণ্ডলীক জনাবা; মণ্ডলীৰ কথাও যদি নুশুনে, তেনেহলে তেওঁ তোমাৰ ওচৰত অনা-ইহুদী আৰু কৰ সংগ্ৰহকাৰী সকলৰ দৰে হওক।
যিহোৱাই মিচৰীয়াসকলৰ হাতৰ পৰা ইস্ৰায়েলক উদ্ধাৰ কৰি, তেওঁলোকৰ বাবে যি যি সকলো মঙ্গলৰ কৰিলে, সেই কাৰ্যবোৰৰ বাবে যিথ্ৰোৱে আনন্দ কৰিলে।
কিয়নো মৃত্যুৰ ঢৌৱে মোক বেৰি ধৰিছিল��
অধৰ্মৰূপ ঢল পানীয়ে মোক অভিভূত কৰিছিল।
চিয়োলৰ জৰীয়ে মোক আগুৰি ধৰিছিল;
মৃত্যু-পাশে মোক মেৰাই ধৰিছিল।
সঙ্কতৰ কালত মই যিহোৱাৰ আগত প্ৰাৰ্থনা কৰিলোঁ;
মোৰ ঈশ্বৰৰ আগত মই কাতৰোক্তি কৰিলোঁ;
তাতে তেওঁ নিজ মন্দিৰৰ পৰা মোৰ মাত শুনিলে,
তেওঁৰ সন্মুখত কৰা মোৰ কাতৰোক্তি তেওঁৰ কাণত পৰিল।