Saúde
A saúde é uma bênção de Deus. A Bíblia ensina que Deus é nosso curador, que devemos cuidar do corpo como templo do Espírito e que a alegria do Senhor renova nossas forças.
Deus, o nosso curador
O Senhor é quem sara todas as nossas doenças. Ele prometeu abençoar o pão e a água e tirar as enfermidades do meio do seu povo.
তোমালোকে নিজৰ ঈশ্বৰ যিহোৱাৰ সেৱা কৰিবা। তোমালোকে এইদৰে কৰিলে মই তোমালোকৰ অন্ন-জলক আশীৰ্ব্বাদ কৰিম। মই তোমালোকৰ মাজৰ পৰা ৰোগ দূৰ কৰিম।
তেওঁ ভগ্ন চিত্তীয়া লোকক সুস্থ কৰে,
তেওঁ তেওঁলোকৰ ঘাঁবোৰ বান্ধে।
অসুস্থ লোকক সুস্থ কৰিবা, মৃত লোকক তুলিবা, কুষ্ঠ ৰোগী সকলক শুচি কৰিবা, ভূতক খেদাবা। তোমালোকে বিনামূল্যে পাইছা, বিনামূল্যেই দিবা।
এই কথা শুনি যীচুৱে ক’লে, "সুস্থ মানুহৰ কাৰণে চিকিৎসকৰ প্রয়োজন নাই; কিন্তু ৰোগী সকলৰ কাৰণেহে প্রয়োজন আছে।
O corpo como templo
Nosso corpo é templo do Espírito Santo. A Bíblia nos encoraja a cuidar da saúde física com disciplina e reverência a Deus.
আপোনালোকৰ শৰীৰ যে ঈশ্বৰৰ মন্দিৰ আৰু ঈশ্বৰৰ পৰা পোৱা পবিত্ৰ আত্মা যে আপোনালোকৰ অন্তৰত থাকে, ইয়াক আপোনালোকে নাজানে নে কি? আপোনালোক এতিয়া নিজৰ নহয়। কিয়নো আপোনালোকক মূল্য দি কিনা হৈছে; এই হেতুকে আপোনালোকৰ শৰীৰৰ দ্বাৰা ঈশ্বৰক মহিমাম্বিত কৰক।
কিয়নো শৰীৰচর্চ্চাই কেৱল অলপহে উপকাৰ কৰে, কিন্তু ভক্তি সকলো বিষয়ত লাভজনক, কাৰণ সেয়ে বৰ্ত্তমান আৰু ভবিষ্যত জীৱনৰ আয়ুস লাভৰ নিশ্চয়তা প্রদান কৰে।
হে প্ৰিয়জন, আপোনাৰ জীৱাত্মা যেনে কুশলপ্ৰাপ্ত, তেনেকৈ সকলো বিষয়তে আপোনাৰ কুশল আৰু সু-স্বাস্থ্য হওক, এই মোৰ প্ৰাৰ্থনা।
তুমি নিজৰ দৃষ্টিত নিজে জ্ঞানী নহ’বা;
যিহোৱালৈ ভয় ৰাখা, আৰু পাপৰ পৰা ঘূৰি আহাঁ।
ই তোমাৰ শৰীৰ সুস্থ কৰিব,
আৰু তোমাৰ দেহলৈ সতেজতা আনিব।
A alegria que cura
O coração alegre é bom remédio. A esperança do coração traz alegria, e as palavras agradáveis são como favo de mel — doçura para a alma e saúde para o corpo.
আনন্দিত হৃদয় ভাল ঔষধ হয়;
কিন্তু ভগ্ন হৃদয়ে হাড়বোৰ শুকুৱায়।
সন্তোষজনক বাক্য মৌচাকৰ দৰে;
সেয়ে আত্মালৈ মিঠা, আৰু হাড়বোৰলৈ আৰোগ্য স্বৰূপ।
যেতিয়া আশা সিদ্ধ হ’বলৈ পলম হয়, তেতিয়া হৃদয় ভাগি পৰে;
কিন্তু আকাংক্ষা সিদ্ধ হোৱাই জীৱনৰ বৃক্ষৰ দৰে।
এই হেতুকে তোমাৰ হৃদয়ৰ পৰা ক্রোধ দূৰ কৰা; তোমাৰ শৰীৰৰ কষ্টলৈ মনোযোগ নিদিবা; কিয়নো যৌৱন আৰু যুবা কালৰ শক্তি ভাপ-স্বৰূপ।