8 সচেতন হওক, পৰ দি থাকক। আপোনালোকৰ শত্ৰু চয়তানে গুজৰি থকা সিংহৰ নিচিনাকৈ যি কোনো এজনকে গ্ৰাস কৰিবলৈ গোপনে উপায় বিচাৰি ফুৰিছে।5:8 ইয় 1:7; প্ৰ 12:12 9 তাৰ বিৰুদ্ধে থিয় হওক৷ আপোনালোকৰ বিশ্বাস দৃঢ় কৰি ৰাখক৷ এইটো জানিব যে, গোটেই জগতত থকা আপোনালোকৰ ভাতৃ সকলেও একে দুখভোগ কৰি আছে৷
10 আপোনালোকে অলপ সময় দুখভোগ কৰাৰ পাছত, সকলো অনুগ্ৰহৰ ঈশ্ৱৰ, যি জনে অনন্ত গৌৰৱৰ বাবে আপোনালোকক খ্ৰীষ্টত আমন্ত্ৰণ কৰিছে, তেৱেঁই আপোনালোকক সিদ্ধ, সুস্থিৰ আৰু বলৱন্ত কৰিব।