Publicidade

Provérbios 4

সুশিক্ষা গ্ৰহণত পৰম লাভ।

1 হে মোৰ পুত্রসকল, পিতৃৰ উপদেশ শুনা,

আৰু মনোযোগ দিয়া, যাতে তুমি সুবিবেচনা বুজিব পাৰা।

2 মই তোমালোকক উত্তম কৰ্মবিধি দিওঁ।

মোৰ শিক্ষা প্রণালী পৰিত্যাগ নকৰিবা।

3 মই যেতিয়া মোৰ পিতৃৰ পুত্ৰ আছিলোঁ,

মোৰ মাতৃৰ মৰমৰ একমাত্র সন্তান আছিলোঁ।

4 তেওঁ মোক শিকাইছিল আৰু মোক কৈছিল,

"তোমাৰ হৃদয়ত মোৰ বাক্য ধৰি ৰাখা;

মোৰ আজ্ঞাবোৰ পালন কৰা আৰু জীৱন ধাৰণ কৰা।"

5 প্রজ্ঞা আৰু বিবেচনা শক্তি অৰ্জন কৰা;

মোৰ মুখৰ পৰা ওলোৱা বাক্য নাপাহৰিবা আৰু ত্যাগ নকৰিবা।

6 প্ৰজ্ঞাক ত্যাগ নকৰিবা, তেতিয়া তেওঁ তোমাৰ ওপৰত দৃষ্টি ৰাখিব;

তেওঁক প্ৰেম কৰা, আৰু তেওঁ তোমাক সুৰক্ষিত কৰি ৰাখিব।

7 প্ৰজ্ঞা হৈছে অতি গুৰুত্বপূৰ্ণ বিষয়, সেয়ে প্ৰজ্ঞা অৰ্জন কৰা;

আৰু তুমি অৰ্জন কৰা প্রজ্ঞাক সকলোতে ব্যৱহাৰ কৰা, তাতে তুমি বিবেচনা শক্তি লাভ কৰিবা।

8 প্রজ্ঞাক সস্নেহে প্রতিপালন কৰা,

তেওঁ তোমাক উচ্চ স্হানত স্হাপন কৰিব;

তুমি তেওঁক আঁকোৱালি ধৰিলে, তেওঁ তোমাক আদৰ কৰিব।

9 তেওঁ তোমাৰ মুৰত সন্মানীয় মালা দিব,

তেওঁ তোমাক এটা সুন্দৰ মুকুট দিব।"

10 হে মোৰ পুত্র শুনা, আৰু মোৰ কথালৈ মনোযোগ দিয়া;

তেতিয়া তুমি বহু বছৰ জীয়াই থাকিবা।

11 মই তোমাক প্রজ্ঞাৰ পথত পৰিচালনা কৰিছোঁ,

মই তোমাক সৰল পথত নেতৃত্ব দিছোঁ।

12 তুমি যেতিয়া খোজ দিবা, তেতিয়া কোনো এজনেও তোমাৰ পথত থিয় নহ’ব;

আৰু তুমি দৌৰ মাৰিলেও উজুটি নাখাবা।

13 নিয়ম প্রণালী মানি চলিবা, ইয়াক যাবলৈ নিদিবা;

ইয়াক পহৰা দিয়া, কাৰণ এয়ে তোমাৰ জীৱন।

14 পাপীবোৰৰ পথ অনুসৰণ নকৰিবা,

আৰু যিসকলে দুষ্টকৰ্ম কৰে, তেওঁলোকৰ পথত নাযাবা।

15 তেওঁলোকৰ পৰা দূৰত থাকিবা, সেই পথত নাযাবা,

সেই পথৰ পৰা ঘূৰি আহাঁ, আৰু অন্য পথত যোৱা;

16 কাৰণ তেওঁলোকে কুকৰ্ম নকৰালৈকে তেওঁলোকৰ টোপনি নাহে,

আৰু তেওঁলোকে কোনো লোকক উজুটি নোখোৱালৈকে তেওঁলোকৰ টোপনি নাহে।

17 কাৰণ তেওঁলোকে দুষ্টতাৰূপ পিঠা ভোজন কৰে,

আৰু উপদ্ৰৱৰূপ দ্ৰাক্ষাৰস পান কৰে।

18 ধাৰ্মিকলোকৰ পথ সূৰ্যদয়ৰ দীপ্তিৰ দৰে,

সেয়ে উজ্জলতাৰ পৰা উজ্জলতালৈ গতি কৰে।

19 দুষ্টবোৰৰ পথ অন্ধকাৰৰ নিচিনা; সিহঁতে কিহত উজুতি খায় তাক নাজানে।

20 হে মোৰ পুত্র, মোৰ বাক্যলৈ মনোযোগ দিয়া,

মই কোৱা কথা শুনা।

21 সেইবোৰ তোমাৰ দৃষ্টিৰ পৰা দূৰ হব নিদিবা;

সেইবোৰ তোমাৰ হৃদয়ত বান্ধি ৰাখা।

22 কাৰণ যিসকলে সেইবোৰ বিচাৰি পায়, তেওঁলোকৰ বাবে মোৰ বাক্য জীৱনস্বৰূপ,

আৰু তেওঁলোকৰ সৰ্ব্বশৰীৰলৈ সুস্বাস্থ্যস্বৰূপ।

23 সকলো অধ্যৱসায়ৰ দ্বাৰাই তোমাৰ হৃদয়ক অধিক যত্নেৰে ৰক্ষা কৰা,

কিয়নো তাৰ পৰাই জীৱন উৎপন্ন হয়।

24 তোমাৰ মুখৰ পৰা কটুকথা দূৰ কৰা,

আৰু নৈতিকতাহীন কথা তোমাৰ পৰা দূৰ কৰা।

25 তোমাৰ চকুৱে সন্মুখলৈ চাওক,

আৰু তোমাৰ দৃষ্টি তোমাৰ সন্মুখত স্থিৰ কৰা।

26 তোমাৰ ভৰিৰ কাৰণে পথ সমান কৰা,

তেতিয়া তোমাৰ সকলো পথ সুৰক্ষিত হ’ব।

27 সোঁ হাতে কি বাওঁ হাতে নুঘুৰিবা,

মন্দৰ পৰা তোমাৰ ভৰি দূৰত ৰাখিবা।"

Veja também

Publicidade
Bíblia Online Bíblia Online

Bíblia Online • Versão: 2026-06-15_21-32-39-