Publicidade

Provérbios 29

1 যি মানুহে বাৰে বাৰে অনুযোগ পায়ো নিজৰ ডিঙি ঠৰ কৰে,

সুস্থ হ’ব নোৱাৰাকৈ তেওঁ হঠাতে ভগ্ন হ’ব।

2 সৎ কাৰ্য কৰা লোক যেতিয়া বৃদ্ধি পায়, তেতিয়া লোকসকল আনন্দ কৰে।

কিন্তু যেতিয়া এজন দুষ্টলোক শাসনকৰ্ত্তা হয়, তেতিয়া লোকসকল বিৰক্তি পায়।

3 যি জনে প্ৰজ্ঞাক ভাল পায়, সেই জনে নিজৰ পিতৃক আনন্দিত কৰে;

কিন্তু যি কোনোৱে বেশ্যাসকলৰ সৈতে সঙ্গী হয়, তেওঁ নিজৰ ধন-সম্পত্তি অপব্যয় কৰে।

4 ৰজাই ন্যায় বিচাৰ কৰাৰ দ্বাৰাই দেশ প্রতিষ্ঠা কৰে;

কিন্তু যিজনে উপহাৰ দাবী কৰে, সেই জনে দেশ নষ্ট কৰে।

5 যি মানুহে নিজৰ চুবুৰীয়াক তোষামোদ কৰে,

তেওঁ নিজৰ ভৰিলৈ জাল পাতে।

6 দুষ্ট লোক নিজৰ পাপৰ দ্বাৰাই ফান্দত পৰে;

কিন্তু সৎ কাৰ্য কৰে, সেই জনে হৰ্ষিত মনেৰে গীত গায়।

7 ন্যায় কাৰ্য কৰা লোকে দৰিদ্র লোকৰ হৈ ওকালতি কৰে;

কিন্তু দুষ্ট লোকে সেই জ্ঞানৰ কথা বুজি নাপায়।

8 নিন্দক লোকে নগৰত জুই জ্বলাই;

কিন্তু যি সকল জ্ঞানী, তেওঁলোকে ক্ৰোধৰ পৰা আঁতৰি থাকে।

9 যেতিয়া অজ্ঞানী লোকৰ লগত জ্ঞানী লোকৰ বিবাদ হয়,

তেতিয়া তেওঁ ক্রোধিত হৈ হাঁহে, আৰু কোনো শান্তি লাভ নকৰে।

10 নিৰ্দ্দোষী লোকক ৰক্তপাতকাৰী সকলে ঘিণ কৰে;

কিন্তু সৰল লোকসকলৰ প্রাণ বিচাৰি ফুৰে।

11 অজ্ঞানী লোকে নিজৰ মনৰ সকলো ভাব প্ৰকাশ কৰে;

কিন্তু জ্ঞানী লোকে নিজৰ মনৰ ভাব দমন কৰি শান্ত হৈ থাকে।

12 যি শাসনকৰ্ত্তাই মিছা কথালৈ মনোযোগ দিয়ে,

তেওঁৰ সকলো কৰ্মচাৰী দুষ্ট প্রকৃতিৰ হয়।

13 দৰিদ্ৰ আৰু অত্যাচাৰী লোক দুয়ো একেলগ হয়;

আৰু যিহোৱাই দুয়ো জনৰ চকুত পোহৰ দিয়ে।

14 যদি ৰজাই সত্যতাৰে দৰিদ্ৰ লোকৰ বিচাৰ কৰে,

তেতিয়া তেওঁৰ সিংহাসন চিৰকালৰ বাবে প্রতিষ্ঠিত হয়।

15 চেকনী আৰু দোষাৰোপে প্ৰজ্ঞা দিয়ে;

কিন্তু শাসন নকৰা সন্তানে নিজৰ মাতৃক লাজ দিয়ে।

16 যেতিয়া দুষ্টলোক বৃদ্ধি হয়, তেতিয়া অপৰাধো বৃদ্ধি হয়;

কিন্তু যি সকলে ন্যায় কাৰ্য কৰে, তেওঁলোকে তেওঁলোকৰ পতন দেখা পাই।

17 তোমাৰ সন্তানক অনুশাসন কৰা; তাতে তেওঁ তোমাক শান্তি দিব,

আৰু তোমাৰ প্ৰাণক আনন্দিত কৰিব।

18 যি ঠাইত ভবিষ্য দৰ্শনৰ অভাৱ থাকে, তাত লোকসকল অবাধ্য হয়;

কিন্তু যিজনে বিধান পালন কৰে, সেই জন সুখী হয়।

19 কথাৰ দ্বাৰাই দাসক শুধৰাব নোৱাৰি;

যদিও তেওঁ বুজি পায়, তথাপিও তেওঁ প্রতিক্রিয়া নকৰে।

20 দ্রুতগতিত কথা কোৱা লোকক চোৱা;

তেওঁতকৈ অজ্ঞানী লোকৰ অধিক আশা আছে।

21 যি জনে নিজৰ দাসক যৌৱন কালৰে পৰা প্রশ্রয় দিয়ে,

ইয়াৰ কাৰণে সেই দাসে শেষত সমস্যাত পেলায়।

22 ক্রোধি লোকে বিবাদ সৃষ্টি কৰে,

আৰু ক্ৰোধেৰে পৰিচালিত লোকে অধিক পাপ কৰে।

23 মানুহৰ অহঙ্কাৰে তেওঁক নত কৰায়;

কিন্তু যিজনৰ নম্ৰ গুণ থাকে, তেওঁক সন্মান দিয়া হ’ব।

24 যি জনে চোৰৰ সৈতে অংশীদাৰ হয়, সেই জনে নিজৰ প্ৰাণক ঘিণ কৰে;

শাও দিয়া শুনিও তেওঁ একো নকয়।

25 মানুহৰ ভয়েই তেওঁলৈ বিপদ আনে;

কিন্তু যিজনে যিহোৱাত ভাৰসা কৰে, সেই জন নিৰাপদে থাকে।

26 অনেক লোকে শাসনকৰ্ত্তাৰ অনুগ্ৰহ বিচাৰে;

কিন্তু তেওঁৰ বাবে যিহোৱাৰ পৰাহে ন্যায় আহে।

27 অন্যায়কাৰী মানুহ ন্যায় কৰা লোকসকলৰ বাবে ঘৃণনীয়;

কিন্তু ন্যায়পৰায়ণ লোকৰ পথ দুষ্ট লোকৰ বাবে ঘৃণনীয়।

Veja também

Publicidade
Bíblia Online Bíblia Online

Bíblia Online • Versão: 2026-06-16_18-40-07-