Publicidade

Provérbios 22

1 প্ৰচুৰ ধনতকৈয়ো সুনাম মনোনীত কৰা,

সোণ আৰু ৰূপতকৈ অনুগ্ৰহ উত্তম।

2 ধনী আৰু দৰিদ্ৰ লোক উভয়ৰে মাজত কোনো পাৰ্থক্য নাই,

তেওঁলোকৰ সকলোৰে সৃষ্টিকৰ্ত্তা যিহোৱা হয়।

3 দূৰদৰ্শী লোকে বিপদ দেখা পায়, আৰু নিজকে লুকুৱাই ৰাখে;

কিন্তু অশিক্ষিত লোক আগুৱাই যায়, আৰু তেওঁলোকে ইয়াৰ বাবে কষ্ট পায়।

4 যিহোৱালৈ ৰখা ভয় নম্ৰতা, সম্পত্তি,

আৰু জীৱনলৈ সন্মান আনে।

5 কুটিল লোকৰ পথত কাঁইট আৰু প্রৱঞ্চনাৰ ফান্দ থাকে;

যিজনে নিজৰ আত্মা ৰক্ষা কৰে, তেওঁ সেইবোৰৰ পৰা দূৰত থাকে।

6 সন্তানক তাৰ চলিবলগীয়া পথ অনুসাৰে শিক্ষা দিয়া,

তাতে তেওঁ প্রাপ্ত বয়স্ক হ’লেও তেওঁ তাৰ পৰা ঘূৰি নাহিব।

7 ধনী লোকে দৰিদ্ৰ লোকৰ ওপৰত শাসন কৰে,

আৰু যিজনে ধাৰ লয়, তেওঁ ধাৰ দিয়া জনৰ দাস হয়।

8 যি জনে দুষ্টতাৰ গুটি সিচেঁ, তেওঁ সমস্যাৰ শস্য দাব;

আৰু তেওঁৰ ক্ৰোধৰ লাঠি ব্যৱহাৰ কৰা নহ’ব।

9 উদাৰ দৃষ্টিৰ লোক আশীৰ্ব্বাদপ্রাপ্ত হ’ব,

কাৰণ তেওঁ দৰিদ্ৰৰ সৈতে নিজৰ আহাৰ ভাগ কৰে।

10 নিন্দকক উলিয়াই পঠোৱা, তেতিয়া তাত আৰু বিবাদ নহ’ব,

এনে কি বিৰোধ আৰু অপমানো নহ’ব।

11 যিজনে শুদ্ধ হৃদয় ভাল পায়,

আৰু যাৰ কথা অমায়িক,

তেওঁৰ বন্ধুৰ বাবে তেওঁৰ এজন ৰজা হ’ব।

12 যিহোৱাৰ চকুৱে জ্ঞানৰ ওপৰত দৃষ্টি ৰাখে;

কিন্তু তেওঁ বিশ্বাসঘাতকৰ কথা উৎখাত কৰে।

13 এলেহুৱাই কয়, "বাটত এটা সিংহ আছে!

মুকলি ঠাইত মোক বধ কৰিব।"

14 ব্যভিচাৰিণীৰ মুখ দ’ গাতৰ দৰে;

যি কোনোৱে সেই গাতত পৰিব তেওঁৰ বিৰুদ্ধে যিহোৱাৰ ক্রোধ প্রজ্বলিত হ’ব।

15 সন্তানৰ হৃদয়ত মুৰ্খতা আৱদ্ধ হৈ থাকে;

কিন্তু চেকনীৰ অনুশাসনে তাক তাৰ পৰা দূৰ কৰে।

16 নিজৰ ধন বৃদ্ধি কৰিবলৈ দৰিদ্ৰ লোকক উপদ্ৰৱ কৰা জন,

বা ধনী লোকক দান দিয়া জন, দৰিদ্ৰ হ’ব।

17 জ্ঞানী লোকৰ কথা শুনা; আৰু মনোযোগ দিয়া;

আৰু মোৰ জ্ঞানৰ কথাত তোমাৰ হৃদয় মনোনিবেশ কৰা।

18 কাৰণ তুমি যদি সেইবোৰক তোমাৰ অন্তৰত ৰাখা, আৰু যদি সেই সকলোবোৰ তোমাৰ ওঁঠত থাকে,

তেনেহ’লে সেয়ে তোমাৰ বাবে সুখজনক হ’ব।

19 সেয়ে তোমাৰ বিশ্বাস যাতে যিহোৱাত হ’ব পাৰে,

মই আজি সেইবোৰ তোমাক শিকালোঁ, এনে কি কেৱল তোমাকেই এই সকলো শিকালোঁ।

20 পৰামৰ্শ আৰু জ্ঞানৰ বিষয়ে

মই তোমাৰ বাবে ত্রিশটা নীতিবচন লিখা নাই নে?

21 তোমাক বিশ্বাসযোগ্য বাক্যৰ সত্যতাক শিকালোঁ,

যাতে তোমাক পঠোৱা সকলক তুমি বিশ্বাসযোগ্য উত্তৰ দিব পাৰা।

22 দৰিদ্ৰ লোকৰ বস্তু কাঢ়ি নলবা, কিয়নো তেওঁ দৰিদ্র;

বা দুৱাৰত থকা অভাবি লোকক দমন নকৰিবা।

23 কিয়নো যিহোৱাই তেওঁলোকৰ অভিযোগৰ প্ৰতিবাদ কৰিব,

আৰু যি সকলে তেওঁলোকৰ বস্তু কাঢ়ি লয়, তেওঁ তেওঁলোকৰ জীৱন কাঢ়ি ল’ব।

24 যিজনে ক্রোধেৰে শাসন কৰে, তেওঁৰ সৈতে বন্ধুত্ব নকৰিবা,

আৰু ক্ৰোধী লোকৰ সৈতে তুমি যোৱা উচিত নহয়;

25 নহ’লে তুমি তেওঁৰ আচৰণ শিকিবা,

আৰু তুমি নিজকে নিজে ফান্দত পেলাবা।

26 ধনৰ বিষয়ে প্ৰতিজ্ঞা কৰা জনৰ দৰে নহবা,

আৰু তুমি অন্য লোকৰ ধাৰৰ বাবে জামিনদাৰ হোৱা উচিত নহয়।

27 যদি ধাৰ শুজিবলৈ তোমাৰ উপায় নাথাকে,

তেনেহ’লে তোমাৰ শোৱাপাটি তোমাৰ পৰা তেওঁ লৈ যোৱাত কিহে বাধা দিব পাৰিব?

28 তোমাৰ পিতৃয়ে স্থাপন কৰা,

পূৰ্বৰ সীমাৰ শিল নুগুচাবা।

29 নিজৰ কামত নিপুন থকা লোকক তুমি দেখিছা নে? তেওঁ ৰজাৰ আগত থিয় হ’ব,

তেওঁ সৰ্ব্বসাধাৰণ লোকৰ আগত থিয় নহ’ব।

Veja também

Publicidade
Bíblia Online Bíblia Online

Bíblia Online • Versão: 2026-06-16_18-40-07-