Publicidade

Provérbios 26

1 গ্রীষ্ম কালত বৰফ, আৰু শস্য দোৱাৰ সময়ত বৃষ্টি যেনে,

সেইদৰে অজ্ঞানীয়ে সন্মান পোৱাৰ যোগ্য নহয়।

2 যিদৰে ঘৰ চিৰিকাই জাপ মাৰি মাৰি খোৱা বস্তু গিলি ক্ষিপ্র গতিত উৰি যায়,

সেইদৰে অকাৰণে দিয়া শাও প্রজ্বলিত নহয়।

3 ঘোঁৰাৰ বাবে চাবুক আৰু গাধৰ বাবে লাগাম,

আৰু অজ্ঞানীসকলৰ পিঠিৰ বাবে চেকনী।

4 অজ্ঞানীক উত্তৰ নিদিবা, আৰু অজ্ঞানীৰ অজ্ঞানতাত সহযোগ নকৰিবা;

নহ’লে তুমি তেওঁৰ দৰেই হ’বা।

5 অজ্ঞানীক উত্তৰ দিয়া আৰু তেওঁৰ অজ্ঞানতাত সহযোগ কৰা;

সেয়ে তেওঁ নিজৰ দৃষ্টিত জ্ঞানী বোধ নকৰিব।

6 যি জনে অজ্ঞানী লোকৰ হাতত বাৰ্ত্তা পঠিয়াই,

তেওঁ নিজৰ ভৰি নিজে কাটি পেলায়, আৰু অত্যাচাৰ ভোগ কৰে।

7 জঠৰ ৰোগীৰ ভৰি যিদৰে তললৈ ওলমি থাকে,

অজ্ঞানীসকলৰ মুখত নীতিবাক্যও সেইদৰে।

8 ফিঙ্গাত শিল বন্ধা যেনে,

অজ্ঞানীক সন্মান দিয়াও তেনে।

9 মতলীয়াৰ হাতত বিন্ধা কাঁইট যেনে,

অজ্ঞানীৰ মুখত নীতিবাক্যও তেনে।

10 ধনুৰ্দ্ধৰে যিদৰে সকলোকে আঘাত কৰে,

কোনো এজনে অজ্ঞানী, বা বাটৰুৱাক মজুৰি কৰোৱাও তেনে।

11 কুকুৰে যিদৰে নিজৰ বমি পুনৰ খায়,

তেনেদৰে অজ্ঞানীয়ে পুনৰ অজ্ঞানতাৰ কাম কৰে।

12 নিজকে নিজে জ্ঞানী বুলি ভবা মানুহ তুমি দেখিছা নে?

তেওঁতকৈ অজ্ঞানীৰ বাবে বহুতো আশা আছে।

13 এলেহুৱা ব্যক্তিয়ে কয়, "বাটত এটা সিংহ আছে!

মুকলি ঠাইৰ মাজত এটা সিংহ আছে।"

14 দুৱাৰ যেনেকৈ কবজাত ঘুৰে,

এলেহুৱা ব্যক্তিও তেনেকৈ নিজৰ শোৱাপাটিত বাগৰে।

15 এলেহুৱা এজনে পাত্ৰত থকা আহাৰত হাত সুমুৱাই দিয়ে,

কিন্তু তেওঁৰ মুখলৈ সেই আহাৰ নিবলৈ শক্তি নাথাকে।

16 সাত জন বুদ্ধিমান ব্যক্তিতকৈ

এলেহুৱা লোকে নিজৰ দৃষ্টিত নিজকে জ্ঞানী বুলি ভাবে।

17 কুকুৰৰ কাণত ধৰা লোকৰ যেনে,

বাটৰুৱাই আনৰ বিবাদত ক্রোধিত হোৱা তেনে।

18 জ্বলন্ত কাঁড় মৰা জন যেনে,

19 নিজৰ চুবুৰীয়াক প্ৰতাৰণা কৰা জনো তেনে,

আৰু তেওঁ কয়, "মই জানো ধেমালি কৰা নাই?"

20 যেনেকৈ খৰিৰ অভাৱত জুই নুমায় যায়,

তেনেকৈ পৰচৰ্চ্চাকাৰী নহ’লে কন্দলো নহয়।

21 জ্বলি থকা আঙঠাৰ বাবে কাঠকয়লা আৰু জুইৰ বাবে খৰি যেনে,

বিবাদত ইন্ধন যোগাবলৈ দ্বন্দুৰা লোক তেনে।

22 পৰচৰ্চ্চাকাৰীৰ কথা সুস্বাদু আহাৰৰ দৰে;

সেয়ে শৰীৰৰ ভিতৰলৈকে সোমাই যায়।

23 জ্বলন্ত ওঁঠ আৰু দুষ্টৰ হৃদয়,

মাটিৰ পাত্ৰত সানি দিয়া জিলিকনিৰ দৰে।

24 যি জনে ওঁঠে প্রকাশ কৰা কথা ঘিণ কৰে,

তেওঁ নিজৰ ভিতৰত প্ৰতাৰণা স্থাপন কৰে;

25 তেওঁ অমায়িভাবে কথা ক’ব, কিন্তু তেওঁক বিশ্বাস নকৰিবা,

কাৰণ তেওঁৰ হৃদয়ত ঘিণলগীয়া বস্তু সাতটা থাকে;

26 যদিও তেওঁৰ ঘৃণা কপটেৰে ঢকা,

তথাপি তেওঁৰ দুষ্টতা সমাজত প্ৰকাশিত হ’ব।

27 যি কোনোৱে খাল খানে, তেঁৱেই সেই খালত পৰিব;

আৰু যি কোনোৱে শিল ঠেলি পঠায়, তেওঁলৈ সেই শিল ঘূৰি আহিব।

28 মিছলীয়া জিভাই দমন কৰা লোকক ঘিণ কৰে,

আৰু আত্মতৃপ্তিকৰ মুখে নিজলৈ বিনাশ আনে।

Veja também

Publicidade
Bíblia Online Bíblia Online

Bíblia Online • Versão: 2026-06-16_18-40-07-