15 হান্নাই উত্তৰ দি তেওঁক ক’লে, "নহয় মোৰ প্ৰভু, মই এগৰাকী অভাগিনী নাৰী, মোৰ আত্মা দুখেৰে পৰিপূৰ্ণ, মই দ্ৰাক্ষাৰস বা কোনো ৰাগীয়াল দ্ৰব্য পান কৰা নাই, কিন্তু যিহোৱাৰ আগত মোৰ মনৰ কথা ব্যক্ত কৰিছোঁ। 16 আপোনাৰ এই দাসীক দুষ্ট তিৰোতা1:16 ইব্ৰী শব্দ বেলিয়াল মানে চয়তান বা দুষ্টকৰ্ম কৰোঁতা। চাওক 1চমূৱেল 2:12, 10:27, 25:17, 30:22 বুলি নাভাবিব; মোক নানা কথাৰে বিৰক্ত কৰাত, বেজাৰ পাই অসন্তুষ্ট মনেৰে মই যিহোৱাৰ সৈতে কথা পাতি আছিলোঁ।"