Publicidade

Jó 14

1 তিৰোতাৰ পৰা জন্ম পোৱা যি মনুষ্য,

তেওঁ অলপদিনীয়া আৰু দুখেৰে পৰিপূৰ্ণ।

2 তেওঁ ফুলৰ দৰে ফুলে, আৰু জঁয় পৰে;

তেওঁ ছাঁৰ দৰে অলপ সময়ৰ বাবে থাকে আৰু নাইকিয়া হয়, স্থিৰ হৈ নাথাকে;

3 এনে লোকলৈ তুমি চকু মেলি চাইছা?

আৰু মোক তোমাৰ লগত বিচাৰস্থানলৈ লৈ গৈছা?

4 অশুচিৰ পৰা শুচি কোনে উলিয়াব পাৰে?

কোনেও নোৱাৰে।

5 তেওঁৰ আয়ুসৰ দিন নিশ্চয় কৰা হ’ল,

তেওঁৰ মাহৰ সংখ্যা তুমি জানি আছা,

আৰু তেওঁ পাৰ হ’ব নোৱাৰাকৈ তুমি তেওঁৰ সীমা স্থাপন কৰিলা;

6 ভাড়াতীয়লোকৰ দৰে তেওঁ নিজৰ দিন পূৰ্ণ নকৰালৈকে,

তেওঁ জিৰণী পাবলৈ তুমি তেওঁৰ পৰা চকু আঁতৰাই নিয়া।

7 কিয়নো গছৰ আশা আছে,

তাক কাটিলেও সি আকৌ পোখা মেলে,

আৰু তাৰ কোমল গজালিৰ অভাৱ নহয়।

8 যদি মাটিত তাৰ শিপা বুঢ়া হয়,

আৰু ভুমিত তাৰ মূঢ়াতো মৰে,

9 তথাপি পানীৰ গোন্ধ পালে তাৰ গজালি ওলায়,

আৰু নতুনকৈ ৰোৱা গছপুলিৰ দৰে ডাল-পাত মেলে।

10 কিন্তু মানুহ মৰে আৰু ক্ষয় পায়;

মনুষ্যই প্ৰাণত্যাগ কৰিলে, পুনৰ ক’ত থাকিব?

11 যেনেকৈ জলাহৰ পানী ঢুকাই যায়,

আৰু নৈৰ পানী শুকাই সম্পূৰ্ণৰূপে নাইকিয়া হয়,

12 তেনেকৈ মানুহ মৰিলে পুনৰ নুঠে,

আকাশ-মণ্ডল লুপ্ত নহয়মানে তেওঁলোকে সাৰ নাপায়,

আৰু তেওঁলোকক নিদ্ৰাৰ পৰা জগোৱা নহয়।

13 অস, তুমি মোক চিয়োলত লুকুৱাই থোৱা হ’লে,

তোমাৰ ক্ৰোধ মাৰ নাযোৱালৈকে মোক গুপ্তকৈ ৰখা হলে,

তুমি মোৰ কাৰণে এটা সময় নিৰূপণ কৰি, মোক সোঁৱৰণ কৰা হ’লে, কেনে ভাল আছিল!

14 যদি কোনো মানুহ মৰে, তেনেহলে তেওঁ কি পুনৰায় জীব নে?

যদি জীয়ে, তেনেহলে মোৰ মুক্তিৰ দিন নহালৈকে,

মই মোৰ ক্লান্তিৰ সময়খিনি বাট চায় থাকিম।

15 তেতিয়া তুমি মাতিবা, আৰু মই উত্তৰ দিম;

তেতিয়া তুমি তোমাৰ হাতে কৰা কৰ্মলৈ হাবিয়াহ কৰিবা।

16 কিন্তু এতিয়া তুমি মোৰ ভৰিৰ খোজকো হিচাব কৰিছা;

তুমি মোৰ পাপলৈ জানো চকু দি থকা নাই?

17 মোৰ অধৰ্ম থৈলাত বন্ধ কৰি মোহৰ মৰা হৈছে,

আৰু তুমি মোৰ অপৰাধ মোনাত ভৰাই বান্ধি থৈছা।

18 কিন্তু পৰ্ব্বতো পৰি যায় আৰু নাইকিয়া হয়;

আনকি বৃহৎ শিলকো নিজ ঠাইৰ পৰা আতৰোৱা হয়।

19 পানীয়ে শিলবোৰকো ক্ষয় নিয়ায়,

তাৰ ধল উঠি আহি পৃথিবীৰ মাটি খহাই লৈ যায়;

সেইদৰে তুমি মানুহৰ আশাকো ভাঙি দিয়া।

20 তুমি তেওঁক একেবাৰে মৰমান্তিক আঘাত কৰাত, তেওঁ লোকান্তৰলৈ যায়।

তুমি তেওঁৰ মুখ বিকৃত কৰি তেওঁক পঠাই দিয়া।

21 তেওঁৰ পুতেকবোৰ মৰ্য্যদাৱন্ত হলেও, তেওঁ সেই বিষয়ে নাজানে;

আনকি সিহঁতৰ অৱস্থা হীন হলেও, তেওঁ তাৰ বিষয়ে গম নাপায়।

22 কিন্তু তেওঁৰ নিজ শৰীৰে বেদনা পায়,

আৰু তেওঁৰ অন্তৰত থকা হৃদয়ে শোক কৰে।"

Veja também

Publicidade
Bíblia Online Bíblia Online

Bíblia Online • Versão: 2026-06-18_14-04-22-