Publicidade

Jó 26

ইয়োবৰ উত্তৰ।

1 তেতিয়া ইয়োবে পুনৰায় উত্তৰ কৰি কলে,

2 "তুমি দুৰ্ব্বলক বৰ সহায় কৰিলা!

আৰু বল নথকা বাহুক বৰ নিস্তাৰ কৰিলা!

3 আৰু জ্ঞানহীনক বৰ পৰামৰ্শ দিলা!

আৰু মূল কথা বৰ ভালকৈ বুজালা!

4 তুমি নো কাৰ আগত কথা কলা?

কাৰ নিশ্বাস নো তোমাৰ মুখৰ পৰা ওলাল?"

5 বিল্দদে উত্তৰ কৰি ক’লে, "যি সকল সম্প্রতি মৃত, অবহেলিত, উদ্বিগ্ন,

যিসকলে জল সমূহৰ তলত নিবাস কৰে ---

6 তেওঁৰ আগত চিয়োল অনাবৃত,

আৰু বিনাশৰ ঠাইৰ ঢাকনি নাই।

7 তেওঁ শূন্যৰ ওপৰত উত্তৰৰ আকাশ বিস্তৰ কৰে,

আৰু পৃথিবীক শূন্যত ওলোমাই থয়।

8 তেওঁ নিজৰ ঘন মেঘত জল বন্ধ কৰে;

তথাপি জলৰ ভৰত মেঘ নাফাটে।

9 তেওঁ পূৰ্ণিমাৰ চন্দ্রৰ মূখ ঢাকি দিয়ে,

আৰু তাৰ ওপৰত তেওঁৰ মেঘ বিস্তাৰ কৰে।

10 যি ঠাইত আন্ধাৰ আৰু পোহৰ লগ লাগিছে,

সেই ঠাইকে তেওঁ সীমা কৰি সমুদ্ৰৰ ওপৰত চক্ৰাকাৰ ৰেখা আঁকে,

11 তেওঁৰ ধমকিত আকাশ-মণ্ডলৰ স্তম্ভবোৰ কঁপে,

আৰু বিচুৰ্ত্তি হয়,

12 তেওঁ নিজৰ পৰাক্ৰমেৰে সাগৰকো আস্ফালন কৰায়,

আৰু নিজ বুদ্ধিৰে ৰাহবক ডোখৰ ডোখৰ কৰে।

13 তেওঁৰ আত্মাৰ দ্ধাৰাই আকাশ-মণ্ডল বিভুষিত হয়;

আৰু তেওঁৰ হাতে পলাই যোৱা নাগটোক খুচি মাৰিলে।

14 চোৱা, এইবোৰ তেওঁৰ কাৰ্যবোৰৰ কণিকা মাথোন,

আৰু আমি তেওঁৰ বিষয়ে কেনে সৰু ফুচফুচনি শুনিছো!

কিন্তু তেওঁৰ পৰাক্ৰমৰ গৰ্জ্জন কোনে বুজিব পাৰে?

Veja também

Publicidade
Bíblia Online Bíblia Online

Bíblia Online • Versão: 2026-06-18_14-04-22-