Publicidade

Jó 29

1 পাছত ইয়োবে আকৌ কথা উত্থাপন কৰিলে আৰু ক’লে,

2 অস, আগৰ মাহ কেইটাত,

যি কালত মোৰ ওপৰত ঈশ্বৰে দৃষ্টি ৰাখিছিল,

3 যি কালত মোৰ মূৰৰ ওপৰত তেওঁৰ প্ৰদীপ জ্বলি আছিল,

আৰু মই তেওঁৰ পোহৰৰ বলত অন্ধকাৰৰ মাজতো ফুৰিছিলোঁ,

সেই কালত মই যেনেকৈ আছিলোঁ,

4 যি কালত ঈশ্বৰৰ বন্ধুতাই মোৰ তম্বু ৰাখিছিল,

5 সেই কালত সৰ্ব্বশক্তিমান জনা মোৰ লগত থাকিছিল,

আৰু মোৰ পো-জীবিলাক মোৰ চাৰিওফালে আছিল,

6 যি কালত মই গাখীৰৰ ওপৰতহে খোজ কাঢ়িছিলোঁ,

আৰু শিলে মোন নিমিত্তে তেলৰ সোঁত বোৱাইছিল;

মোৰ সেই পূৰ্ণ যৌৱনৰ কালত মই যেনেকৈ আছিলোঁ, তেনেকৈ এতিয়াও মই থকা হলে, কেনে ভাল আছিল!

7 যেতিয়া মই নগৰলৈ গৈ ৰাজদুৱাৰত উপস্থিত হৈছিলোঁ,

চকত মোৰ আসন যুগুত কৰিছিলোঁ,

8 তেতিয়া ডেকাসকলে মোক দেখি লুকাইছিল,

আৰু বৃদ্ধসকল উঠি থিয় হৈছিল;

9 প্ৰধান লোকসকলে কথা কবলৈ এৰি,

নিজ নিজ মোখত হাত দিছিল;

10 ডাঙৰীয়াবিলাকে তালুত জিভা লগাই মনে মনে আছিল।

11 কিয়নো লোকে কাণেৰে শুনি মোক ধন্য বুলিছিল,

আৰু চকুৰে দেখি মোৰ পক্ষে সাক্ষ্য দিছিল।

12 কাৰণ কাতৰোক্তি কৰা দৰিদ্ৰক মই উদ্ধাৰ কৰিছিলোঁ,

আৰু সহায় নথকা পিতৃহীনক মই ৰক্ষা কৰিছিলোঁ।

13 বিনষ্ট হবলগীয়া মানুহৰ আশীৰ্ব্বাদ মোৰ ওপৰত পৰিছিল;

মই বাঁৰী তিৰোতাৰ মন উল্লাসিত কৰিছিলোঁ।

14 মই ধাৰ্মিকতাক পিদ্ধিছিলোঁ, আৰু ধাৰ্মিকতাই মোক পিন্ধিছিল,

আৰু মোৰ ন্যায়পৰায়ণতা গুণ মোৰ দমা চোলা আৰু পাগুৰিস্বৰূপ আছিল।

15 মই অন্ধৰ চকু আছিলোঁ;

আৰু খোৰাৰ ভৰি আছিলোঁ।

16 মই দৰিদ্ৰবিলাকৰ পিতৃ আছিলোঁ।

আৰু মই চিনি নোপোৱা মানুহৰো বিচাৰ লৈছিলোঁ।

17 মই দুৰাচাৰী লোকৰ জামু দাঁত ভাঙিছিলোঁ,

আৰু তাৰ চিকাৰ তাৰ দাঁতৰ মাজৰ পৰা উলিয়াইছিলো।

18 তেতিয়া মই ভাবিছিলোঁ যে, মই নিজ বাঁহত মৰিম,

মোৰ দিন বালিৰ দৰে অসংখ্য হব;

19 আৰু পানী সোমাবলৈ মোৰ শিপা মুকলি হৈ থাকিব,

আৰু নিয়ৰ মোৰ ডালত ওৰে ৰাতি পৰি লাগি থাকিব;

20 মোৰ নাম-মৰ্য্যদাও মোত সতেজ হৈ থকিব,

আৰু মোৰ ধনু মোৰ হাতত সদায় নতুনে থাকিব।

21 লোকবিলাকে মোলৈ কাণ পাতি বাট চাইছিল,

আৰু পৰামৰ্শ শুনিবলৈ নিমাত হৈ থাকিছিল।

22 মোৰ কথাৰ শেষত সিবিলাকৰ কোনেও উত্তৰ নকৰিছিল;

মোৰ বাক্য সিবিলাকৰ ওপৰত নিয়ৰৰ দৰে পৰিছিল।

23 বৰষুণলৈ অপেক্ষা কৰাৰ দৰে সিবিলাকে মোলৈকো অপেক্ষা কৰিছিল,

আৰু শেষতীয়া বৰষুণলৈ মুখ মেলাৰ দৰে সিবিলাকে মুখ মেলিছিল।

24 সিবিলাক নিৰাশ হলে মই সিবিলাকলৈ মিচিকিয়াই হাঁহিছিলোঁ,

আৰু সিবিলোকে মোৰ মুখৰ দীপ্তি নোগুচালে।

25 মই সিবিলাকৰ নিমিত্তে পথ মনোনীত কৰি প্ৰধান হৈ বহিছিলো,

আৰু সৈন্যদলৰ মাজত ৰজাৰ দৰে থাকিছিলোঁ,

আৰু শোকাতুৰৰ মাজত শান্ত্বনাকাৰীৰ দৰে আছিলোঁ।

Veja também

Publicidade
Bíblia Online Bíblia Online

Bíblia Online • Versão: 2026-06-18_14-04-22-