Publicidade

Jó 13

1 চোৱা, মোৰ চকুৱে এই সকলোকে দেখিলে,

আৰু নিজ কাণেৰে শুনি তাক বুজিলোঁ।

2 তোমালোকে যি জানা, ময়ো তাক জানো;

মই তোমালোকতকৈ নিকৃষ্ট নহওঁ।

3 কিয়নো মই সৰ্ব্বশক্তিমান জনাকহে কথা কম,

আৰু মই ঈশ্বৰৰ লগতহে বাদ-বিচাৰ কৰিব খুজিছোঁ।

4 কিন্তু তোমালোক হলে মিছা কথা সাজোঁতা,

আৰু তোমালোক সকলোৱেই অকামিলা বেজ।

5 অস, তোমালোক একেবাৰে নিমাত হৈ থকা হ’লে, কেনে ভাল আছিল!

সেয়ে তোমালোকৰ পক্ষে জ্ঞানৰ কাৰ্য বুলি গণিত হলহেঁতেন।

6 এতিয়া মোৰ তিৰস্কাৰ শুনা,

আৰু মোৰ মুখৰ অনুযোগ-বাক্যলৈ কাণ পাতা।

7 তোমালোকে ঈশ্বৰৰ পক্ষ হৈ অন্যায়ৰ কথা ক’বা নে?

আৰু তেওঁৰ পক্ষ হৈ প্ৰবঞ্চনা-বাক্য বুলিবা নে?

8 তোমালোকে তেওঁৰেই পক্ষপাত কৰিবা নে?

তোমালোকে ঈশ্বৰৰেই পক্ষ হৈ প্ৰতিবাদ কৰিবা নে?

9 তেওঁ বিচাৰি বিচাৰি তোমালোকৰ তত্ত্ব উলিয়ালে তোমালোকৰ মঙ্গল হ’ব নে?

বা মানুহক ফাঁকি দিয়াৰ দৰে জানো তোমালোকে তেওঁক ফাঁকি দিব পাৰিবা?

10 তোমালোকে যদি গুপুতে পক্ষপাতিত্ব কৰা,

তেন্তে তেওঁ অৱশ্যে তোমালোকক দণ্ড দিব।

11 তেওঁৰ প্ৰতাপে তোমালোকক ত্ৰাসযুক্ত নকৰিব নে?

তেওঁৰ ভয়ানকতাত জানো তোমালোকে ভয় নকৰিবা?

12 তোমালোকৰ সোঁৱৰণীয় বাক্য ভস্মস্বৰূপ দৃষ্টান্ত মাথোন,

তোমালোকৰ প্রতিৰোধ ধুলিৰ গড়স্বৰূপ।

13 তোমালোকে মনে মনে থাকা, মোকেই কথা ক’বলৈ এৰি দিয়া;

মোলৈ যি ঘটে, ঘটক।

14 মই কিয় মোৰ মাংস দাঁতত লৈ থাকিম?

মোৰ প্ৰাণ মোৰ হাততেই ৰাখিম।

15 চোৱা, তেওঁ মোক বধ কৰিব, মই তেওঁলৈ অপেক্ষা কৰি থাকিম;

তথাপি তেওঁৰ আগত মোৰ আচৰণৰ নিৰ্দ্দোষীতা প্ৰমাণ কৰিম।

16 এয়ে মোৰ মুক্তিৰ কাৰণ হ’ব,

মই এজন অধাৰ্মিক লোকৰ দৰে তেওঁৰ আগত থিয় হ’ব নোৱাৰিম।

17 মনোযোগ কৰি মোৰ কথা শুনা;

মোৰ বাক্য তোমালোকৰ কাণত সোমাওক।

18 চোৱা, মোৰ গোচৰ মই ঠিকঠাক কৰি থৈছোঁ;

মই যে নিৰ্দ্দোষী হওঁ, তাক মই জানো।

19 মোৰ লগত প্ৰতিবাদ কৰিব পৰা কোন আছে?

যদি আছে, তেন্তে মই নিমাত হৈ প্ৰাণত্যাগ কৰিম।

20 হে ঈশ্বৰ, তুমি কেৱল দুটা কাৰ্য মোলৈ কৰিবা;

তাতে মই তোমাৰ সম্মুখৰ পৰা নিজকে নুলুকুৱাম।

21 মোৰ ওপৰৰ পৰা তোমাৰ অত্যাচাৰী হাত আঁতৰাই নিবা,

আৰু তোমাৰ ভয়ানকতাৰে মোক ভয় নুখুৱাবা।

22 তেতিয়া তুমি মোক মাতিবা, মই উত্তৰ দিম,

বা মই কম, তুমি উত্তৰ দিবা।

23 মোৰ অপৰাধ আৰু পাপ কিমান?

মোৰ অধৰ্ম আৰু পাপ মোক জনোৱা।

24 কিয় তোমাৰ মুখ মোৰ পৰা লুকুৱাইছা,

আৰু মোক তোমাৰ শত্ৰু যেন জ্ঞান কৰিছা?

25 উৰুৱাই নিয়া পাতক তুমি জানো তাড়ণা কৰিবা?

আৰু শুকান ঘুলাক জানো খেদি যাবা?

26 কিয়নো তুমি মোৰ বিৰুদ্ধে তিতা লগা কথা লিখি থৈছা,

আৰু মোক যৌবন-কালৰ অপৰাধৰ উত্তৰাধিকৰী কৰিছা।

27 তুমি মোৰ ভৰি কুন্দত বান্ধি ৰাখিছা,

মোৰ সকলো পথৰ চিন ৰাখিছা,

আৰু মোৰ ভৰিৰ চাৰিওফালে সীমাৰ আঁক টানিছা,

28 সেয়ে মই ক্ষয়নীয় পচা বস্তুৰ নিচিনা,

আৰু পোকে খোৱা বস্ত্ৰৰ সদৃশ হলোঁ।

Veja também

Publicidade
Bíblia Online Bíblia Online

Bíblia Online • Versão: 2026-06-18_14-04-22-