Publicidade

Jó 5

1 "এতিয়া মাতাচোন, কোনোবাই তোমাক উত্তৰ দিব নে?

আৰু পবিত্ৰলোকৰ মাজত তুমি কালৈ মুখ কৰিবা?

2 কিয়নো মনৰ বেজাৰে অজ্ঞানক বধ কৰে,

আৰু অসুয়াই নিৰ্ব্বোধক হত্যা কৰে।

3 মই নিজে অজ্ঞানক শিপা ধৰা দেখিলোঁ,

কিন্তু মই তৎক্ষণাৎ তাৰ বাসস্থানক শাও দিলোঁ।

4 তাৰ সন্তান সকলক ৰক্ষা কৰিবলৈ কোনো নাথাকিল,

আৰু সিহঁতক ৰাজদুৱাৰত গুড়ি কৰা হল;

সিহঁতক উদ্ধাৰ কৰোঁতা কোনো নাছিল।

5 ক্ষুধাতুৰ লোকে তাৰ শস্য খাই পেলালে,

কাঁইটৰ মাজত যি শস্য গজিছিল, সেয়া তৃষ্ণাতুৰ লোকে খাইছিল,

তেওঁলোকৰ যি আছিল, লোভী লোকসকলে সকলো লৈ গৈছিল।

6 কিয়নো অমঙ্গল ধুলিৰ পৰা উৎপন্ন নহয়,

আৰু মাটিৰ পৰা ক্লেশ নগজে;

7 কিন্তু জুইৰ ফিৰিঙটি যেনেকৈ ওপৰলৈ উড়ে,

তেনেকৈ মানুহ দুখৰ কাৰণে জন্মে।

8 কিন্তু মই হোৱা হ’লে ঈশ্বৰলৈ ঘূৰি গলোঁহেতেন,

আৰু মোৰ গোচৰ ঈশ্বৰৰ আগত উপস্থিত কৰিলোঁহেতেন।

9 অনুসন্ধান কৰিব নোৱাৰা মহৎ কৰ্মও তেওঁ কৰে;

অসংখ্য অদ্ভুত কাৰ্যও তেওঁ কৰে;

10 তেওঁ পৃথিৱীৰ ওপৰত বৃষ্টি বৰষায়,

আৰু পথাৰৰ ওপৰত জল বোৱাই দিয়ে;

11 তেওঁ নীহলোকক ওখ কৰে,

আৰু শোকাতুৰ লোকসকল সৌভাগ্যলৈ উন্নত হয়।

12 তেওঁ ধূৰ্তবোৰৰ কল্পনা ব্যৰ্থ কৰে;

তাতে সিহঁতৰ হাতে সিহঁতৰ অভিপ্ৰায় সাধন কৰিব নোৱাৰে।

13 তেওঁ জ্ঞানীলোকক সিহঁতৰ নিজৰ চতুৰতাত ধৰে;

তাতে কুটিলমনবোৰৰ কল্পনা নিস্ফল হৈ পৰে।

14 সিহঁতে দিনতেই আন্ধাৰক লগ পায়,

ৰাতিৰ নিচিনাকৈ দিন-দুপৰতে খপিয়াই ফুৰে।

15 কিন্তু তেওঁ সিহঁতৰ মুখৰূপ তৰোৱালৰ পৰা,

আৰু পৰাক্ৰমী হাতৰ পৰা দৰিদ্ৰক উদ্ধাৰ কৰে।

16 এইদৰে দীনহীনে আশা পায়,

আৰু অধৰ্মই নিজৰ মুখ বন্ধ কৰে।

17 চোৱা, যি মানুহক ঈশ্বৰে শুধৰায়, সেই মানুহ ধন্য;

এই কাৰণে তুমি সৰ্ব্বশক্তিমান জনাৰ শাস্তি হেয়জ্ঞান নকৰিবা।

18 কিয়নো তেওঁ ঘা লগায়, আৰু তাক বান্ধে;

তেওঁ আঘাত কৰে, আৰু নিজ হাতেৰে তাক সুস্থ কৰে।

19 তেওঁ ছয় সঙ্কটৰ পৰা তোমাক উদ্ধাৰ কৰিব;

এনে কি, সাত সঙ্কটতো অমঙ্গলে তোমাক স্পৰ্শ কৰিব নোৱাৰিব।

20 তেওঁ আকালত মৃত্যুৰ পৰা তোমাক মুক্ত কৰিব,

আৰু যুদ্ধত তৰোৱালৰ মুখৰ পৰা উদ্ধাৰ কৰিব।

21 তুমি জিভাস্বৰূপ চাবুকৰ কোবৰ পৰা লুকাই থাকিবা;

আৰু বিনাশ আহিলে তুমি তাৰ পৰা ভয় নাপাবা।

22 বিনাশ আৰু দুৰ্ভিক্ষক দেখা পালে তুমি হাঁহিবা,

আৰু বনৰীয়া জন্তুৰ পৰা তুমি ভয় নাপাবা।

23 কিয়নো পথাৰৰ শিলবোৰৰ লগত তোমাৰ সন্ধি হ’ব,

আৰু বনৰীয়া জন্তুবোৰ তোমাৰ লগত শান্তভাৱে থাকিব।

24 তাতে তোমাৰ তম্বু যে কুশলে আছে, সেই বিষয়ে তুমি জানিবলৈ পাবা,

আৰু তোমাৰ নিবাসৰ ঠাইত তুমি বুজ ল’লে, আশাত বঞ্চিত নহবা।

25 তোমাৰ সন্তান-সন্ততি যে অধিক হ’ব,

আৰু তোমাৰ বংশ যে পৃথিবীত তৃণৰ দৰে বাঢ়িব,

সেই বিষয়েও তুমি জানিবলৈ পাবা।

26 ডাঙৰি যেনেকৈ উচিত সময়ত লৈ যোৱা হয়,

তেনেকৈ তোমাকো সম্পূৰ্ণ আয়ুসত মৈদামলৈ নিয়া হ’ব।

27 চোৱা, এয়া আমাৰ কথা, আমি বিবেচনা কৰি ইয়াকে নিশ্চয় পালোঁ;

ইয়াকে তুমি শুনা, আৰু তুমি নিজৰ ভালৰ অৰ্থে তাক গ্ৰহণ কৰা।"

Veja também

Publicidade
Bíblia Online Bíblia Online

Bíblia Online • Versão: 2026-06-18_14-04-22-