Publicidade

Jó 10

1 মোৰ জীৱনত মোৰ প্ৰাণৰ আমনি লাগিছে;

মই মুক্তকণ্ঠে মোৰ দুখৰ কথা কম;

মই হৃদয়ৰ বেজাৰত কথা কম।

2 মই ঈশ্বৰক কম, ‘তুমি মোক দোষী নকৰিবা;

মোৰ লগত তোমাৰ কি গোচৰ আছে, সেয়া মোক বুজায় দিয়া।

3 তুমি উপদ্ৰৱ কৰিবলৈ,তোমাৰ হাতৰ কাৰ্য তুচ্ছ কৰিবলৈ,

আৰু দুষ্টবোৰৰ মন্ত্ৰণাত প্ৰসন্ন হবলৈ তুমি জানো ভাল দেখিছা?

4 তোমাৰ চকু জানো চৰ্ম্ম-চকু?

আৰু তোমাৰ দৃষ্টি জানো মানুহৰ দৃষ্টিৰ নিচিনা?

5 তোমাৰ আয়ুস জানো মানুহৰ আয়ুসৰ তুল্য?

বা তোমাৰ বছৰবোৰ জানো মানুহৰ দিন কেইটাৰ দৰে?

6 তুমি যে মোৰ অপৰাধ অনুসদ্ধান কৰিছা,

আৰু মোৰ পাপৰ বুজ-বিচাৰ লৈছা,

7 মই যে দুষ্ট নহওঁ,

আৰু তোমাৰ হাতৰ পৰা যে উদ্ধাৰ কৰোঁতা মোৰ কোনো নাই, ইয়াক তুমি জানানে?

8 তোমাৰ হাতে মোক গঠন আৰু নিৰ্ম্মাণ কৰিলে,

মোৰ সৰ্ব্বাঙ্গ সংলগ্ন কৰিলে; তথাপি তুমি মোক বিনষ্ট কৰিছা।

9 সোঁৱৰণ কৰা, মাটিৰ পাত্ৰৰ দৰে মোক গঢ়িলা;

পাছত আকৌ মোক ধুলিলৈ নিবা নে?

10 তুমি গাখীৰৰ দৰে মোক ঢলা নাই নে?

আৰু তুমি মোক পনীৰৰ দৰে ঘন দৈ গাখীৰ কৰা নাই নে?

11 তুমি মোক মাংস আৰু ছালেৰে ঢাকিলা;

হাড় আৰু সিৰেৰে মোক বলা।

12 তুমি অনুগ্ৰহ কৰি মোক জীৱন দান কৰিলা;

তোমাৰ তত্ত্বধাৰণত মোৰ আত্মা প্ৰতিপালিত হৈছে।

13 তথাপি মই জানিছোঁ, তোমাৰ এই ভাব আছিল-

তুমি এই সকলোকে নিজৰ মনত গোপনে ৰাখিছিলা যে,

14 মই পাপ কৰিলে তুমি মোক চিনি ৰাখিবা,

আৰু মোৰ অপৰাধ ক্ষমা নকৰিবা;

15 মই দুষ্ট হলে, মোক সন্তাপ হ’ব,

ধাৰ্মিক হলেও মই অপৰাধেৰে পৰিপূৰ্ণ হৈ, নিজৰ ক্লেশ দেখি মূৰ তুলিব নোৱাৰিম;

16 মূৰ তুলিলে, তুমি সিংহৰ নিচিনাকৈ মোক মৃগয়া কৰিবা,

আৰু মোৰ অহিতে বাৰে বাৰে বিস্ময়জনক পৰাক্ৰম দেখুৱাবা;

17 তুমি মোৰ অহিতে নতুন নতুন সাক্ষী আনিবা, মোৰ অহিতে তোমাৰ ক্রোধ বঢ়াবা,

আৰু মোৰ লগত নতুন নতুন সৈন্য লৈ যুদ্ধ কৰিব।

18 তেন্তে কিয় তুমি মোক গৰ্ভৰ পৰা বাহিৰ কৰিলা?

নকৰা হলে মই মৰিলেহেঁতেন আৰু কোনো চকুৱে মোক নেদেখিলেহেঁতেন।

19 মই নোহোৱাৰ নিচিনা হলোঁহেঁতেন,

আৰু গৰ্ভৰ পৰাই মোক মৈদামলৈ নিলেহেঁতেন।

20 মোৰ দিন কেইটা তাকৰ নহয়নে? তেন্তে ক্ষান্ত হোৱা।

মই অকলশৰীয়া, অলপমান শান্তনা পাবলৈ মোক এৰি দিয়া;

21 য’ৰ পৰা মই উলটি নাহিম,

সেয়া অন্ধকাৰ আৰু মৃত্যুচ্ছায়াৰ দেশ,

22 সেইদেশ মাজনিশাৰ নিচিনা ঘোৰ অন্ধকাৰ,

সেই দেশ মৃত্যুচ্ছায়াৰ দেশ, তাত একো সুশৃংখল ৰূপত নাই;

তাত পোহৰেই অন্ধকাৰৰ নিচিনা’।"

Veja também

Publicidade
Bíblia Online Bíblia Online

Bíblia Online • Versão: 2026-06-18_14-04-22-