Publicidade

Jó 25

বিল্দদৰ তৃতীয় বক্তৃতা।

1 তাতে চুহীয়া বিল্দাদদে পুনৰায় উত্তৰ কৰি ক’লে,

2 প্ৰভুত্ব আৰু ভয়ানকতা তেওঁৰ লগত আছে;

তেওঁ নিজৰ উচ্ছস্থানবোৰত শান্তি ৰাখে।

3 তেওঁৰ বাহিনীসকলৰ সংখ্যা আছে নে?

আৰু তেওঁৰ দীপ্তি কাৰ ওপৰত প্ৰকাশিত নহয়?

4 তেন্তে ঈশ্বৰৰ আগত মানুহ কেনেকৈ ধাৰ্মিক হ’ব পাৰে?

আৰু তিৰোতাৰ পৰা জন্মাজনে কেনেকৈ শুচি হ’ব পাৰে?

5 চোৱা, তেওঁৰ আগত চন্দ্ৰও দীপ্তিমান নহয়,

আৰু তৰাবোৰো নিৰ্ম্মল নহয়।

6 তেনেহলে পোকৰূপ মনুষ্য কিমান কম পৰিমাণে শুচি হয়!

আৰু কীট স্বৰূপ মনুষ্য-সন্তান কিমান কম পৰিমাণে পবিত্ৰ হয়!

Veja também

Publicidade
Bíblia Online Bíblia Online

Bíblia Online • Versão: 2026-06-18_14-04-22-