Publicidade

Jó 11

চোফৰৰ প্ৰথম বক্তৃতা

1 তাতে নামাথীয়া চোফৰে উত্তৰ দিলে আৰু ক’লে,

2 ইমান অধিক কথাৰ নো উত্তৰ দিয়া নাযায় নে?

বহু কথা কোৱা মানুহক জানো নিৰ্দ্দোষী কৰা হ’ব?

3 তোমাৰ বলকনিয়ে জানো মানুহক নিমাত কৰিব?

তুমি নিন্দা কৰিলে, কোনেও তোমাক লাজ নিদিব নে?

4 কিয়নো তুমি কৈছা, "মোৰ মত ঠিক,

আৰু মই তোমাৰ দৃষ্টিতে শুচি।"

5 কিন্তু অস, ঈশ্বৰে অনুগ্ৰহ কৰি কথা কোৱা হলে,

আৰু তোমাৰ বিৰুদ্ধে নিজ মুখ মেলিলে;

6 জ্ঞানৰ নিগূঢ় বিষয় প্ৰকাশ কৰিলে,

ঈশ্বৰৰ বুদ্ধি-কৌশল যে অনেক প্ৰকাৰ, সেই বিষয়ে তেওঁ তোমাক জনোৱা হলে, কেনে ভাল আছিল!

এই হেতুকে তুমি জানিবা যে, ঈশ্বৰে তোমাৰ অপৰাধৰ অধিক ভাগ এৰি পেলাইছে।

7 তুমি অনুসন্ধান কৰি ঈশ্বৰৰ তত্ত্ব পাব পাৰা নে?

তুমি সৰ্ব্বশক্তিমান জনাৰ সম্পূৰ্ণ তত্ত্ব লাভ কৰিব পাৰা নে?

8 সেয়ে আকশ-মণ্ডলৰ নিচিনা ওখ; তুমি কি কৰিব পাৰা?

সেয়ে চিয়োলতকৈ অগাধ; তুমি কি জানিব পাৰা?

9 তাৰ পৰিমাণ পৃথিবীতকৈয়ো দীঘল,

আৰু সমুদ্ৰতকৈয়ো বহল।

10 তেওঁ যদি পোনে পোনে আহে আৰু কোনোবা এজনক যদি আটক কৰি থয়, আৰু বিচাৰ-সভা পাতে,

তেন্তে কোনে তেওঁক নিবাৰণ কৰিব পাৰে?

11 কিয়নো তেওঁ দুষ্ট লোকক জানে,

আৰু মনযোগ নিদিলেও তেওঁ অধৰ্ম দেখে।

12 কিন্তু অসাৰ মানুহ জ্ঞনশূন্য,

এনে কি, মনুষ্য জন্মৰে পৰা বনৰীয়া গাধৰ পোৱালিস্বৰূপ।

13 তুমি যদি নিজৰ মন শুদ্ধ কৰা,

আৰু তেওঁৰ ফাললৈ হাত মেলা,

14 কিন্তু হাতত অধৰ্ম থাকিলে, তাক দূৰ কৰা,

আৰু দুষ্টতাক নিজ তম্বুত থাকিব নিদিবা;

15 তেন্তে তুমি অৱশ্যে নিষ্কলঙ্ক মুখ তুলিব পাৰিবা;

এনে কি, সুস্থিৰে থাকিবা, ভয় নাপাবা,

16 কিয়নো তোমাৰ দুখ তুমি পাহৰি যাবা,

ইয়াক বৈ গৈ নাইকিয়া হোৱা পানীৰ নিচিনা মনতে লাগিব।

17 তোমাৰ জীৱন দুপৰীয়াতকৈ নিৰ্ম্মল হ’ব,

আৰু আন্ধাৰ হলেও, সেয়ে প্ৰভাতৰ নিচিনা হ’ব।

18 আশা থকা কাৰণে তুমি সাহিয়াল হবা;

আৰু চাৰিওফালে বুজ-বিচাৰ লৈ নিশ্চিন্তমনে বিশ্ৰাম কৰিবা।

19 তুমি শোওঁতে কোনেও তোমাক ভয় নেদেখুৱাব;

বৰং অনেকে তোমাৰ আগত নিবেদন কৰিব।

20 কিন্তু দুষ্টবোৰৰ চকু নিস্তেজ হ’ব,

সিহঁতৰ আশ্ৰয় নষ্ট হব, আৰু প্ৰাণত্যাগেই সিহঁতৰ আশা হ’ব।

Veja também

Publicidade
Bíblia Online Bíblia Online

Bíblia Online • Versão: 2026-06-18_14-04-22-