Publicidade

Jó 19

ইয়োবৰ উত্তৰ

1 তেতিয়া ইয়োবে পুনৰ উত্তৰ কৰি ক’লে,

2 তোমালোকে নো কিমান কাললৈ মোৰ মনত ক্লেশ দিবা,

আৰু বাক্যেৰে মোক গুড়ি কৰিবা?

3 তোমালোকে এই দহবাৰ মোক অপমান কৰিলা;

তোমালোকে যে মোলৈ নিষ্ঠুৰ ব্যৱহাৰ কৰিছা, ইয়াতে তোমালোকে লাজ নোপোৱা।

4 বাস্তৱিকতে মই যদি ভূল কৰিলোঁ,

তেন্তে মোৰ সেই ভূল মোৰ লগতে আছে।

5 যদি বাস্তৱিকতে তোমালোকে মোৰ ওপৰত গৰ্ব্ব কৰা,

আৰু মোৰ বিৰুদ্ধে মোৰ অপমানৰ প্ৰমাণ কৰা,

6 তেন্তে তোমালোকে জানিবা যে, ঈশ্বৰেহে মোৰ অন্যায় কৰিছে,

আৰু তেওঁ নিজৰ জালেৰেই মোক মেৰাই ধৰিছে।

7 চোৱা, মই অন্যায়ৰ কাৰণে চিঞৰোঁ, কিন্তু কোনেও নুশুনে;

মই উপকাৰ পাবলৈ কাতৰোক্তি কৰোঁ, কিন্তু সোধ বিচাৰ নাই।

8 মই পাৰ হ’ব নোৱাৰাকৈ তেওঁ মোৰ বাটত জেওৰা দিছে,

আৰু মোৰ পথ আন্ধাৰ কৰিছে।

9 তেওঁ মোৰ গৌৰৱস্বৰূপ বস্ত্ৰ সোলোকাই দিলে,

আৰু মোৰ মুৰৰ কিৰীটি দূৰ কৰিলে।

10 তেওঁ মোক চাৰিওফালে ভাঙি-ছিঙি পেলোৱাত, মই বিনষ্ট হ’লো;

তেওঁ মোৰ আশাকো গছৰ দৰে উঘালি পেলালে,

11 তেওঁ মোৰ বিৰুদ্ধে নিজ ক্ৰোধ জ্বলালে;

আৰু তেওঁ মোক তেওঁৰ শত্রুবোৰৰ মাজৰ এজন বুলি জ্ঞান কৰিছে।

12 তেওঁৰ সৈন্যবোৰে একেলগে আহি মোৰ বিৰুদ্ধে গড় বান্ধিছে,

আৰু মোৰ তম্বুৰ চাৰিওফালে ছাউনি পাতিছে।

13 তেওঁ মোৰ ভাই-ককাইবোৰক মোৰ পৰা দূৰ কৰিলে,

আৰু মোৰ চিনাকি লোক সকল মোলৈ একেবাৰে অচিনাকি হ’ল।

14 মোৰ জ্ঞাতি-কুটুম্ববোৰ আঁতৰ হৈছে,

আৰু মোৰ প্ৰণয়ৰ বন্ধুবোৰে মোক পাহৰিলে।

15 মোৰ ঘৰৰ বন্দী আৰু মোৰ বেটীবোৰেও, মোক অচিনাকি যেন জ্ঞান কৰে;

মই সিহঁতৰ দৃষ্টিত বিদেশী হৈছোঁ।

16 মোৰ বন্দীক মই মাতিলে, সি উত্তৰ নিদিয়ে;

মই নিজ মুখেৰে তাৰ আগত বিনয় কৰিব লগীয়া হৈছোঁ।

17 মোৰ তিৰোতাৰ আগত মোৰ নিশ্বাস,

আৰু মোৰ সহোদৰৰ আগত মোৰ গাৰ গোন্ধ ঘিণলগীয়া হৈছে।

18 শিশুবোৰেও মোক তুচ্ছ জ্ঞান কৰে;

মই উঠিব খুজিলে, সিহঁতে মোৰ অহিতে কথা কয়।

19 মোৰ বিশ্বাসী বন্ধুবোৰে মোক ঘিণ কৰে,

মোৰ প্ৰিয় পাত্ৰসকল মোৰ পৰা বিমুখ হ’ল।

20 মই হাড়ে-ছালে লাগিলোঁ;

মই কেৱল দাঁতৰ ছালখিনিৰে সৈতে সাৰিলোঁ।

21 হে মোৰ বন্ধু সকল, তোমালোকেই মোক কৃপা কৰা, মোক কৃপা কৰা;

কিয়নো ঈশ্বৰৰ হাতে মোক স্পৰ্শ কৰিলে।

22 ঈশ্বৰৰ নিচিনাকৈ তোমালোকেও মোক কিয় তাড়না কৰিছা?

আৰু মোৰ মঙহত তোমালোকৰ কিয় হেপাহ পলোৱা নাই?

23 অস্ মোৰ কথাবোৰ লিখা হোৱা হ’লে,

অস্, সেইবোৰ পুথিত লিখি থোৱা হ’লে,

24 অস্, সেইবোৰ লোহাৰ কলম আৰু সীহৰ সৈতে

সেইবোৰ চিৰকালৰ বাবে শিলত লিখা!

25 কিন্তু মই হ’লে জানো, মোৰ মুক্তিদাতা জীয়াই আছে,

শেষত তেওঁ পৃথিৱীৰ ওপৰত উঠি থিয় হ’ব।

26 আৰু মোৰ গাৰ ছাল এইদৰে নষ্ট হোৱাৰ পাছত,

মই শৰীৰবিহীন হৈ ঈশ্বৰক দৰ্শন কৰিম।

27 মই নিজেই তেওঁক দেখা পাম,

আনৰ চকুৱে নহয়, মোৰ নিজৰ চকুৱেই তেওঁক দেখিব।

হাবিয়াহ কৰোঁতে কৰোঁতে মোৰ অন্তৰত হৃদয় ক্ষীণ হৈ গৈছে।

28 যদি তুমি কোৱা, ‘আমি তাক কেনেকৈ তাড়না কৰিম

কিয়নো মূল বিষয় তাৰ ওচৰত পোৱা যায়,’

29 তেনেহলে তোমালোকে তৰোৱাললৈ ভয় কৰা;

কিয়নো ক্রোধে তৰোৱালৰ দণ্ড আনে,

গতিকে তোমালোকে জানিব লাগে যে, ন্যায় বিচাৰ এটা আছে।"

Veja também

Publicidade
Bíblia Online Bíblia Online

Bíblia Online • Versão: 2026-06-18_14-04-22-