Publicidade

Jó 9

ইয়োবৰ উত্তৰ

1 তেতিয়া ইয়োবে পুনৰ উত্তৰ দিলে আৰু ক’লে,

2 "মই নিশ্চয়ে জানো, সেই কথা স্বৰূপ;

কিন্তু এজন ব্যক্তি কেনেকৈ ঈশ্বৰৰ সৈতে ধাৰ্মিক হ’ব পাৰে?

3 যদি তেওঁ ঈশ্বৰৰ সৈতে বাদানুবাদ কৰিব খোজে,

তেন্তে তেওঁক হাজাৰ কথাৰ মাজৰ এটিৰো উত্তৰ দিব নোৱাৰিব।

4 ঈশ্বৰৰ অন্তৰত জ্ঞান আছে, আৰু শক্তিত তেওঁ পৰাক্ৰমী;

তেওঁৰ বিৰুদ্ধে ডিঙি ঠৰ কৰি কোনে কেতিয়া উন্নতি লাভ কৰিলে?

5 তেওঁ পৰ্ব্বতবোৰ স্থানান্তৰ কৰে;

আৰু তেওঁ সেইবোৰক নিজ ক্ৰোধত লুটিয়াই পেলাওঁতে সেইবোৰে একো গম নাপায়।

6 তেওঁ পৃথিবীক জোকাৰি নিজ ঠাইৰ পৰা লৰায়;

তাৰ স্তম্ভবোৰ থৰথৰকৈ কঁপে।

7 এইজনা সেই একে ঈশ্বৰ, যি জনাই ক’লে সূৰ্য উদয় নহয়;

আৰু তেওঁ তৰাবোৰ বন্ধ কৰি মোহৰ মাৰে।

8 তেওঁ অকলেই আকাশ-মণ্ডলক বিস্তাৰিত কৰে,

আৰু ঢৌবোৰৰ ওপৰেদি অহা-যোৱা কৰে।

9 তেওঁ সপ্তৰ্ষি, মৃগশীৰ্ষ, কৃত্তিকা,

আৰু দক্ষিণদিশে থকা নক্ষত্ৰ-ৰাশিৰ সৃষ্টিকৰ্ত্তা।

10 অনুসদ্ধান পাব নোৱাৰা মহৎ কৰ্ম তেওঁ কৰে;

অসংখ্য অদ্ভুত কাৰ্যও তেৱেঁই কৰে।

11 চোৱা, তেওঁ মোৰ ওচৰেদি যায়, কিন্তু মই নেদেখোঁ;

তেওঁ মোৰ সম্মুখেদি গমন কৰে, তথাপি মই তেওঁক অনুভৱ নকৰোঁ।

12 চোৱা, তেওঁ ধৰি নিলে তেওঁক কোনে নিবাৰণ কৰিব পাৰে?

তুমি কি কৰিছা বুলি তেওঁক কোনে কব পাৰে?

13 ঈশ্বৰে নিজৰ ক্ৰোধ উঠাই নলয়;

এনে কি ৰাহবক সহায় কৰোঁতাবোৰো তেওঁৰ সন্মুখত নত হয়।

14 মই কেনেকৈ তেওঁক উত্তৰ দিম?

তেওঁক কাৰণ দেখুৱাবলৈ মই নো কেনেকৈ কথা বাচি লম?

15 মই যদি ধাৰ্মিকো হওঁ, তথাপি তেওঁক মই উত্তৰ দিব নোৱাৰোঁ;

মোৰ অভিযোক্তাৰ দয়াৰ বাবে মই মাথোন নিবেদনহে কৰিব পাৰোঁ।

16 যদিও মই মাতো আৰু তেওঁ মোক উত্তৰ দিয়ে;

তথাপি তেওঁ যে মোৰ মিনতিলৈ কাণ পাতিব, মোৰ এনে বিশ্বাস নজন্মে।

17 তেওঁ মোক প্ৰবল ধুমুহাৰে ভাঙিব,

আৰু অকাৰণে মোক বাৰে বাৰে ক্ষতবিক্ষতহে কৰিব।

18 তেওঁ মোক উশাহকে ল’ব নিদিব,

কিন্তু মোক তিতাৰেহে পৰিপূৰ্ণ কৰিব।

19 পৰাক্ৰমীৰ বলৰ কথাত হলে, তেওঁ কয়,

চোৱা, মই আছোঁ,

আৰু যদি বিচাৰৰ কথাত কয়,

কোনে মোৰ নিমিত্তে দিন নিৰূপণ কৰিব?

20 মই ধাৰ্মিক হলেও মোৰ মুখে মোক দোষী কৰিব;

মই সিদ্ধ হলেও তেওঁ মোক অপৰাধী পাতিব।

21 মই সিদ্ধ, মই নিজ প্ৰাণক নামনি ইয়াকে কওঁ;

জীৱনত মোৰ ঘিণ লাগিছে।

22 সকলো বিষয়তে একে, সেই দেখি মই কওঁ,

তেওঁ সিদ্ধ আৰু দুৰ্জন এই দুয়োকো সংহাৰ কৰে।

23 আপদৰূপ চাবুকে যদি মানুহক অকস্মাতে মাৰি পেলায়,

তেন্তে তেওঁ নিৰ্দ্দোষীবিলাকৰ নিৰাশা দেখি হাঁহিব।

24 পৃথিৱী দুৰ্জনৰ হাতত শোধাই দিয়া হয়;

তেওঁ তাৰ বিচাৰকৰ্ত্তাবিলাকৰ মুখ ঢাকে;

যদি তেওঁ নহয়, তেন্তে তাকনো কোনে কৰে?

25 মোৰ দিন কেইটা ডাকৱালাতকৈয়ো বেগী;

একো মঙ্গল নেদেখাকৈ সেইবোৰ বেগাই যায়।

26 সেইবোৰ বেগী নাৱৰ দৰে চলি যায়,

বা আহাৰৰ ওপৰত চোঁ মৰা ঈগল পক্ষী নিচিনাকৈ উৰি যায়।

27 যদিও মই কওঁ যে, মোৰ দুখৰ কথা পাহৰি যাম,

আৰু ম্লানমুখ দূৰ কৰি প্ৰসন্ন হম,

28 তথাপি তুমি মোক নিৰ্দ্দোষী জ্ঞান নকৰিবা বুলি জানি,

মোৰ সকলো যাতনাত মই জিকাৰ খাই উঠো।

29 মই দোষী হবই লাগিব;

তেতিয়া হ’লে কিয় মই অনৰ্থক পৰিশ্ৰম কৰোঁ?

30 যদি মই হিমৰ পানীত গা ধোওঁ,

আৰু খাৰেৰে হাত চাফা কৰোঁ,

31 তথাপি তুমি মোক খালত জুবুৰিয়াবা,

আৰু মোৰ নিজৰ বস্ত্ৰয়ো মোক ঘিণ কৰিব।

32 কিয়নো তেওঁ মোৰ নিচিনা মানুহ নহয় যে,

মই তেওঁক উত্তৰ দিম, বা দুয়ো একে-লগে বিচাৰস্থানলৈ যাম।

33 আমাৰ দুয়োৰো ওপৰত হাত দিব পৰা

এনেকুৱা মধ্যস্থ কোনো নাই।

34 তেওঁ মোৰ ওপৰৰ পৰা বিচাৰৰ দণ্ডডাল আঁতৰাওক,

আৰু তেওঁৰ ভয়ানকতাই মোক ভয় নলগাওক;

35 তেতিয়া মই কথা কম, তেওঁক ভয় নকৰিম;

কিয়নো মই নিজে তেনেকুৱা নহওঁ।

Veja também

Publicidade
Bíblia Online Bíblia Online

Bíblia Online • Versão: 2026-06-18_14-04-22-