Publicidade

Jó 37

1 ইয়াতো মোৰ হৃদয় কঁপিছে,

আৰু বুকু ঢপ ঢপ কৰিছে।

2 শুনা, শুনা, সেইয়া তেওঁৰ গৰ্জ্জনৰ ধ্বনি,

সেয়া তেওঁৰ মুখৰ পৰা ওলোৱা শব্দ।

3 সেয়া তেওঁ আকাশ-মণ্ডলৰ তলৰ আটাই ঠাইলৈকে পঠাই,

আৰু পৃথিবীৰ অন্তলৈকে তেওঁ বিজুলী মাৰে।

4 তাৰ পাছত গাজনি মাৰে,

তেওঁ নিজৰ মহৎ শব্দেৰে গৰ্জ্জন কৰে;

যেতিয়া তেওঁৰ মাত শুনা যায়, তেতিয়াই তেওঁ সেইবোৰক নথমায়।

5 ঈশ্বৰে নিজ মাতেৰে আচৰিতৰূপে গৰ্জ্জন কৰে;

তেওঁ আমাৰ বোধৰ অগম্য মহৎ কাৰ্যবোৰ কৰে।

6 কিয়নো তেওঁ হিমক কয়, ‘তুমি পৃথিবীত পৰা’,

সেইদৰে তেওঁ বৰষুণক বৰষিবলৈ কয়,

‘তীব্ৰৰূপ ধৰি বৰষুণ বৰ্ষা’।

7 তেওঁ স্ৰজা সকলো মানুহে তেওঁৰ কাৰ্যপ্ৰণালী জানিবৰ বাবে

তেওঁ প্ৰত্যেক মানুহৰ হাত বন্ধ কৰে।

8 তেতিয়া জন্তুবোৰ চোঙত সোমায়;

আৰু নিজ নিজ বাসস্থানত থাকে।

9 দক্ষিণৰ কোঁঠালিৰ পৰা ধুমুহা আহে,

আৰু উত্তৰৰ পৰা জাৰ উপস্থিত হয়।

10 ঈশ্বৰৰ নিশ্বাসৰ দ্বাৰাই বৰফ হয়,

আৰু বহল জল সমূহ ঠেক হৈ যায়।

11 এনে কি, তেওঁ ঘন মেঘত পানী জমা হ’ব দিয়ে,

তেওঁ নিজৰ বিজুলী থকা মেঘ বিস্তাৰ কৰে।

12 গোটেই ভু-মণ্ডলত সেইবোৰে যেন তেওঁৰ আজ্ঞা অনুসাৰে কাৰ্য কৰে,

এই কাৰণে সেইবোৰে তেওঁৰ পৰিচালনৰ দ্বাৰাই ঘুৰি ফুৰে।

13 তেওঁ এইবোৰ হ’বলৈ সৃষ্টি কৰে, সেয়া শাস্তিৰ বাবেই হওক, বা নিজ পৃথিবীৰ বাবেই হওক,

নাইবা বিশ্বস্ততাৰ বাবেই হওক, তেওঁ তাক হ’ব দিয়ে।

14 হে ইয়োব, তুমি ইয়ালৈ কাণ পাতা;

থিৰে থাকি ঈশ্বৰৰ আচৰিত কৰ্ম বিবেচনা কৰা।

15 ঈশ্বৰে কেনেকৈ মেঘক নিয়ন্ত্রণ কৰে,

আৰু কেনেকৈ নিজে বিজুলী প্ৰকাশিত কৰে, তাক তুমি জানানে?

16 কেনেকৈ আকাশত মেঘ ভাহি থাকে,

ঈশ্বৰৰ বিস্ময়কৰ কাৰ্যপ্ৰণালীবোৰ তুমি জানানে, জ্ঞানত কোন নিখুত জানানে?

17 যেতিয়া দক্ষিণ বায়ুৰ দ্বাৰাই পৃথিৱী নিস্তব্ধ হয়,

তেতিয়া বস্ত্ৰ কেনেকৈ গৰম যেন বোধ হয় তুমি জানানে?

18 তুমি জানো সাঁচত ঢলা দৰ্পণৰ দৰে

দৃঢ় আকাশ-মণ্ডলক তেওঁৰ লগত বিস্তাৰ কৰিব পাৰা?

19 আমি তেওঁক কি ক’ম, সেয়া আমাক জনোৱা;

কিয়নো আমাৰ যুক্তিৰ উদ্দেশ্যে আমি একো উলিয়াব পৰা নাই, কাৰণ আমাৰ মন অন্ধকাৰত আচ্ছন্ন।

20 মই কথা কওঁ বুলি তেওঁৰ আগত জনোৱা হব নে?

বা কাল গ্ৰাসত পৰিবলৈ কোনোবাই জানো ইচ্ছা কৰিব?

21 সম্প্ৰতি মানুহে আকাশত মহা-তেজস্বী জ্যোতি দেখা নাপায়;

কিন্তু বতাহ চলিলে আকাশ নিৰ্ম্মল হয়।

22 উত্তৰৰ পৰা সুৱৰ্ণময় জ্যোতি আহে;

ঈশ্বৰত ভয়ানক প্ৰভাৱ আছে।

23 সৰ্ব্বশক্তিমান জনা আমাৰ তত্ত্বৰ অগম্য,

তেওঁ পৰাক্ৰমত মহান;

তেওঁ ন্যায় বিচাৰ আৰু ধাৰ্মিকতাৰ বিপৰীত কোনো ৰূপে নকৰে।

24 এই কাৰণে মানুহে তেওঁলৈ ভয় ৰাখে;

কিন্তু যিসকল লোকে নিজৰ মনতে জ্ঞানী বুলি ভাবে, তেনেলোকলৈ তেওঁ মনোযোগ নিদিয়ে।

Veja também

Publicidade
Bíblia Online Bíblia Online

Bíblia Online • Versão: 2026-06-18_14-04-22-