Publicidade

Jó 4

ইলীফজৰ প্ৰথম বক্তৃতা।

1 তেতিয়া তৈমনীয়া ইলীফজে উত্তৰ কৰি ক’লে,

2 কোনোৱে তোমাৰ লগত কথা ক’বলৈ আগবাঢ়িলে, তুমি বেজাৰ পাবা নে?

কিন্তু কথা নোকোৱাকৈ কোনে থাকিব পাৰে?

3 চোৱা, তুমি অনেকক শিক্ষা দিছিলা,

দুৰ্ব্বল হাতক সবল কৰিছিলা;

4 তোমাৰ বাক্যই উজুটি খাই পৰিব খোজালোককো ধৰি ৰাখিছিল,

আৰু তুমি দুৰ্ব্বল আঁঠুক সবল কৰি ৰাখিছিলা।

5 কিন্তু এতিয়া তোমালৈ এনে হোৱাত তুমি বেজাৰ পাইছা,

আৰু সেয়ে তোমাক স্পৰ্শ কৰাত তুমি ব্যাকুল হৈছা।

6 ঈশ্বৰৰ প্ৰতি থকা ভয়েই জানো তোমাৰ বিশ্বাসভূমি নহয়?

আৰু তোমাৰ আচৰণৰ সিদ্ধতাত জানো তোমাৰ আশা নাই?

7 ভাবি চোৱাচোন, নিৰ্দ্দোষী হৈ কোনে কেতিয়া বিনষ্ট হৈছিল?

আৰু সৰল আচৰণ কৰা সকলৰ ক’ত সংহাৰ হৈছিল?

8 মই দেখাত হ’লে, যিসকলে অধৰ্মৰ খেতি কৰে,

আৰু ক্লেশৰূপ কঠিয়া সিচে, সিহঁতে সেইৰূপ শস্য দায়;

9 ঈশ্বৰৰ নিশ্বাসৰ দ্বাৰাই সিহঁত বিনষ্ট হয়,

আৰু তেওঁৰ কোপৰূপ প্ৰশ্বাসৰ দ্বাৰাই সংহাৰ হয়।

10 সিংহৰ গৰ্জ্জন আৰু মৃগৰাজৰ গোঁজৰণি বন্ধ কৰা হয়,

আৰু ডেকা সিংহবোৰৰ দাঁত ভঙা হয়।

11 আহাৰৰ অভাৱত পশুৰাজে প্ৰাণত্যাগ কৰে;

সিংহিনীৰ পোৱালিবোৰ ঠান-বান হয়।

12 এটা কথা মোলৈ গুপ্তৰূপে আহিল;

মোৰ কাণত তাৰ ফুচফুচনি পৰিল।

13 ৰাতি সপোন দেখোতে যেতিয়া ভাবনা আহে,

যেতিয়া সকলো মানুহ ঘোৰ নিদ্ৰা যায়,

14 তেতিয়া মোলৈ ভয় আৰু কম্পন আহিল;

সেয়ে মোৰ হাড়বোৰ জোকাৰ খুৱালে।

15 যেতিয়া মোৰ আগেদি এক ছাঁ পাৰ হৈ গ’ল;

তেতিয়া মোৰ গাৰ নোমবোৰ সিয়ৰি উঠিল।

16 সেয়ে ৰৈ থাকিল, কিন্তু মই তাৰ আকৃতি নিশ্চয় কৰিব নোৱাৰিলোঁ;

এটা মূৰ্ত্তি মোৰ চকুৰ আগত আছিল;

মই মৃদুস্বৰ আৰু এটা বাণী শুনিলোঁ।

17 "ঈশ্বৰৰ সাক্ষাতে মৰ্ত্য জানো ধাৰ্মিক হ’ব পাৰে?

বা নিজ সৃষ্টিকৰ্ত্তাৰ সাক্ষাতে মনুষ্য জানো শুচি হ’ব পাৰে?

18 চোৱা, ঈশ্বৰে নিজৰ দাসবোৰকো বিশ্বাস নকৰে,

নিজ দূতবোৰৰো ক্রুটিৰ দোষ ধৰে;

19 তেনেহলে যিসকলে মাটিৰ ঘৰত বাস কৰে,

যিসকলৰ উৎপত্তি ধূলিত, যিসকল পোকৰ সম্মুখত চুৰ্ণীকৃত হয়,

সেই সকলক তেওঁ আৰু কিমান অধিক ক্রুটিৰ দোষ ধৰিব!

20 প্ৰভাত আৰু সন্ধিয়া কালৰ মাজত সিহঁতক গুড়ি কৰা যায়;

সিহঁত কোনোৱে মন নিদিয়াকৈ চিৰকাললৈকে বিনষ্ট হৈ যায়।

21 সিহঁতৰ অন্তৰিক তম্বু-জৰী জানো সোলোকোৱা নাযায়?

সিহঁত মৰে, এনে কি অজ্ঞান অৱস্থাতেই সিহঁত মৰে।"

Veja também

Publicidade
Bíblia Online Bíblia Online

Bíblia Online • Versão: 2026-06-18_14-04-22-