22 কিন্তু হান্না তেওঁলোকৰ লগত নগ’ল; তেওঁ তেওঁৰ স্বামীক ক’লে, "সন্তানটিয়ে যাতে যিহোৱাৰ গৃহত সদায় থাকিব পাৰে, তাৰ বাবে মই সন্তানটিয়ে পিয়াহ এৰাৰ পাছতহে তাক লৈ মই যিহোৱাৰ গৃহলৈ যাম।" 23 তেতিয়া তেওঁৰ স্বামী ইলকানাই তেওঁক ক’লে, "তুমি যি ভাল দেখা, তাকে কৰা। পিয়াহ নেৰালৈকে তুমি অপেক্ষা কৰা। যিহোৱাই নিজ বাক্য সিদ্ধ কৰক।" সেয়ে সন্তানটিয়ে পিয়াহ নেৰালৈকে হান্না ঘৰতে থাকিল��
24 সন্তানটিয়ে পিয়াহ এৰাৰ পাছত, তেওঁ তিনি বছৰীয়া এটা ভতৰা গৰু, এক ঐফা আটাগুৰি, আৰু এক বটল দ্ৰাক্ষাৰস লৈ চীলোত থকা যিহোৱাৰ গৃহলৈ লৈ গ’ল। সেই সময়ত সন্তানটি বয়সত সৰু আছিল।