11 তাৰ পাছত চমূৱেলে যিচয়ক ক’লে, "তোমাৰ সকলো পুত্ৰ ইয়াতে আছে নে?" তেওঁ উত্তৰ দি ক’লে, "সকলোতকৈ সৰুজন ইয়াত নাই কিন্তু তেওঁ মেৰ-ছাগৰ ৰখীয়া হৈ মেৰ-ছাগ চৰাই আছে।" চমূৱেলে যিচয়ক ক’লে, "মানুহ পঠিয়াই তেওঁক মাতি আনা; কাৰণ তেওঁ নহালৈকে আমি নবহোঁ।" 12 যিচয়ে মানুহ পঠিয়াই তেওঁক মাতি অনালে। তেওঁ স্ৱাস্থ্যৱান, সুনয়ন, আৰু দেখিবলৈ সুদৰ্শন আছিল। যিহোৱাই ক’লে, "উঠা, তেওঁক অভিষেক কৰা; কাৰণ এওঁৱেই সেই জন।"
13 তেতিয়া চমূৱেলে তেল ভৰোৱা শিংটো ল’লে, আৰু ককায়েকসকলৰ আগত তেওঁকেই অভিষেক কৰিলে; সেই দিনাৰ পৰা যিহোৱাৰ আত্মা দায়ূদত স্থিতি হ’ল। তাৰ পাছত চমূৱেল উঠি ৰামালৈ গ’ল।