Publicidade

Cânticos 2

প্রিয়াৰ কথা:

1 মই যেন চাৰোণৰ এটি গোলাপ, উপত্যকাৰ এটি লিলি ফুল।

প্রিয়ৰ কথা:

2 কাঁইটবোৰৰ মাজত লিলি ফুল এটি যেনে

ছোৱালীবোৰৰ মাজত মোৰ প্রিয়া তেনে।

প্রিয়াৰ কথা:

3 বননিৰ গছবোৰৰ মাজত সুমথিৰা টেঙাৰ গছ যেনে,

যুৱকসকলৰ মাজত মোৰ প্ৰিয় তেনে।

মই তেওঁৰ ছাঁয়াত বহি আনন্দ পাওঁ,

মোৰ মুখত তাৰ ফল মিঠা লাগে।

4 তেওঁ মোক ভোজৰ ঘৰলৈ লৈ গ’ল,

আৰু প্রেমেই হ’ল মোৰ

ওপৰত তেওঁৰ নিচান।

5 কিচমিচৰ পিঠাৰে মোক শক্তিশালী কৰা,

আৰু সুমথিৰা টেঙাৰে মোৰ প্ৰাণ জুৰুউৱা;

কিয়নো প্ৰেমতে মই দুর্বল হৈছোঁ।

6 মোৰ মূৰৰ তলত তেওঁৰ বাওঁহাত আছে,

আৰু তেওঁৰ সোঁহাতে মোক আকোঁৱালি ধৰিছে।

7 হে যিৰূচালেমৰ যুৱতীসকল,

কৃষ্ণসাৰ আৰু পথাৰৰ হৰিণবোৰৰ নামেৰে মোৰ ওচৰত প্রতিশ্রুতি দিয়া,

আমাৰ প্ৰেমৰ সময় শেষ নোহোৱালৈকে

তোমালোকে আমাৰ ভালপোৱাত বিঘিনি নিদিবা।

কইনাই নিজৰ প্রিয়তমৰ প্রশংসা কৰা

8 সেয়া শুনা, মোৰ প্ৰিয়ৰ শব্দ!

সেয়া চোৱা, তেওঁ আহিছে,

তেওঁ পাহাৰ-পৰ্ব্বতৰ ওপৰেদি

ডেও দি জপিয়াই আহিছে।

9 মোৰ প্ৰিয় যেন কৃষ্ণসাৰ বা যুৱা হৰিণ;

সৌৱা চোৱা, তেওঁ আমাৰ দেৱালৰ পাছফালে থিয় হৈ আছে,

তেওঁ খিড়িকিবোৰেদি চাই পঠাইছে,

চিলিঙৰ মাজেদি উকি মাৰিছে,

10 মোৰ প্ৰিয়ই মোক ক’লে,

"হে মোৰ প্ৰিয়া, উঠা;

হে মোৰ সুন্দৰী, আহাঁ।

11 চোৱা, শীতকাল গ’ল,

বর্ষাও শেষ হৈ গুছি গ’ল।

12 ভূমিত ফুলবোৰ ফুলি উঠিছে;

পক্ষীবোৰে গান গোৱাৰ সময় আহিছে;

আমাৰ দেশত কপৌৰ মাত শুনা গৈছে।

13 ডিমৰু গছৰ কেঁচা গুটি পকিবলৈ ধৰিছে,

দ্ৰাক্ষালতাই ফুল ধৰি সুঘ্ৰাণ বিতৰণ কৰিছে।

হে মোৰ প্ৰিয়া, উঠা; হে মোৰ সুন্দৰী, আহাঁ।

14 হে মোৰ কপৌ, তুমি শিলৰ ফাটত,

পাহাৰৰ গড়াৰ গুপুত ঠাইত লুকাই আছা।

মোক তোমাৰ মুখ চাবলৈ দিয়া;

তোমাৰ কণ্ঠৰ স্বৰ শুনিবলৈ দিয়া;

কিয়নো তোমাৰ মাত মধুৰ আৰু তোমাৰ মুখ অতি সুন্দৰ।"

ৰমণীসকলৰ প্রতি উক্তি:

15 তোমালোকে সেই শিয়ালবোৰক,

সৰু সৰু শিয়ালবোৰক ধৰা,

কাৰণ সিহঁতে আমাৰ

দ্ৰাক্ষাবাৰীবোৰ নষ্ট কৰে।

আমাৰ দ্রাক্ষাবাৰীত ফুল ফুলিছে।

প্রিয়াৰ কথা:

16 মোৰ প্ৰিয় মোৰেই আৰু মই তেওঁৰেই;

তেওঁ লিলি ফুলৰ মাজত চৰে।

17 হে মোৰ প্ৰিয়, তুমি গুছি যোৱা,

অন্ধকাৰৰ ছাঁয়াবোৰ বিলীন হোৱাৰ আগেয়ে আৰু

পুৱতি নিশাৰ কোমল বতাহ বলাৰ আগেয়ে

তুমি গুছি যোৱা।

তুমি কৃষ্ণসাৰ বা যুৱা হৰিণৰ দৰে সুউচ্চ পাহাৰলৈ ঘূৰি যোৱা।

Veja também

Publicidade
Cânticos
Ver todos os capítulos de Cânticos
Bíblia Online Bíblia Online

Bíblia Online • Versão: 2026-06-15_21-32-39-