Publicidade

Cânticos 8

প্রিয়াৰ কথা:

1 অহ! তুমি মোৰ ভাইৰ নিচিনা হোৱা হ’লে,

যি জনে মোৰ মাতৃৰ স্তন পান কৰিছে!

তেতিয়া মই তোমাক বাহিৰত দেখা পালেও,

তোমাক চুমা খাব পাৰিলোহেঁতেন;

কোনেও মোক নিন্দা কৰিব নোৱাৰিলেহেঁতেন।

2 মই তোমাক মোৰ মাৰ ঘৰলৈ লৈ আনিলোহেঁতেন,

আৰু তেওঁ মোক শিক্ষা দিব

আৰু মই তোমাক মচলাযুক্ত দ্রাক্ষাৰস,

আৰু তোমাক সুগন্ধি ডালিমৰ ৰস পান কৰালোহেঁতেন।

3 তেওঁৰ বাওঁ হাত মোৰ মূৰৰ তলত আছে,

আৰু তেওঁৰ সোঁ হাতে মোক আঁকোৱালি ধৰিছে।

4 হে যিৰূচালেমৰ যুৱতীসকল,

মোৰ ওচৰত প্রতিশ্রুতি দিয়া,

আমাৰ প্ৰেমৰ সময় শেষ নোহোৱালৈকে

তোমালোকে আমাৰ ভালপোৱাত বিঘিনি নিদিবা।

যিৰূচালেমৰ ৰমণীসকলৰ কথা:

5 নিজ প্ৰিয়তমৰ ওপৰত ভাৰসা কৰি

মৰুভূমিৰ পৰা সেই গৰাকী কোন আহিছে?

প্রিয়াৰ কথা:

যি ঠাইত তোমাৰ মাতৃয়ে

গর্ভ ধাৰণ কৰি তোমাক জন্ম দিলে,

যি ঠাইত তোমাক প্রসৱ কৰিলে,

সেই সুমথিৰা টেঙাৰ গছৰ তলত মই তোমাক জগাই তুলিলোঁ।

6 মোহৰ মাৰাৰ দৰে তুমি

মোক তোমাৰ হৃদয়ত, আৰু

তোমাৰ বাহুত ৰাখা;

কিয়নো ভালপোৱা মৃত্যুৰ দৰেই শক্তিশালী,

কামনাৰ আবেগ চিয়োলৰ দৰে কঠোৰ;

এক জ্বলি থকা অগ্নিশিখাৰ দৰে ই বিস্ফোৰিত হয়,

ই আন সকলো জ্বলন্ত অগ্নিশিখাতকৈও উত্তপ্ত।

7 জল সমূহেও ভালপোৱাৰ শিখাক নুমাব নোৱাৰে,

আৰু বন্যাৰ ধলেও তাক উটুৱাই নিব নোৱাৰে;

যদি কোনোৱে ভালপোৱাৰ কাৰণে নিজৰ ঘৰৰ সৰ্ব্বস্ব দিয়ে,

সেই সমর্পণ অৱশ্যেই তুচ্ছ কৰা হ’ব।

যুৱতীৰ ককায়েকসকলৰ কথা;

8 আমাৰ এজনী সৰু ভনী আছে,

তাইৰ আজিলৈকে বুকু উঠা নাই;

যি দিনা তাইক বিবাহৰ প্রস্তাৱ দিব,

আমি সেই ভনীৰ কাৰণে কি কৰিব পাৰোঁ?

9 তাইৰ বুকু যদি এক প্রাচীৰ হয়,

তেন্তে আমি তাইৰ ওপৰত এটা ৰূপৰ মিনাৰ সাজিম।

তাই যদি এক দুৱাৰ হয়,

তেন্তে আমি এৰচ কাঠৰ তক্তাৰে

তাক অলঙ্কৃত কৰি ৰাখিম।

ককায়েকসকললৈ যুৱতীৰ কথা:

10 মই মোৰ প্রিয় দৃষ্টিত

মই সম্পূর্ণ পৰিপক্ক,

সেয়ে মই তেওঁৰ দৃষ্টিত অনুগ্রহপ্রাপ্ত

11 বাল-হামোনত চলোমনৰ এখন দ্ৰাক্ষাবাৰী আছে;

তেওঁ তাক চোৱা-চিতা কৰিবলৈ

কেইজনমান ৰখীয়াৰ হাতত তাক সমৰ্পণ কৰিছিল।

তাৰ ফলৰ বেচ হিচাবে প্ৰতিজনে

এক এক হাজাৰ চেকল ৰূপ দিবলগীয়া হৈছিল।

12 মোৰ নিজৰ দ্ৰাক্ষাবাৰী আছে,

হে মোৰ প্রিয় চলোমন, সেই এক হাজাৰ চেকল তোমাৰেই

আৰু দুশ চেকল ৰূপ তেওঁলোকৰ কাৰণে,

যিসকলে ফলবোৰৰ চোৱাচিতা কৰে।

প্রিয়ৰ কথা:

13 হে উদ্যানবাসিনী,

তোমাৰ লগৰীয়া কেইজনে

তোমাৰ স্বৰ শুনিবলৈ কাণ পাতি আছে;

তাক মোকো শুনিবলৈ দিয়া।

প্রিয়াৰ কথা:

14 হে মোৰ প্ৰিয়,

শীঘ্ৰে আহা,

সুগন্ধময় পাহাৰৰ ওপৰত

তুমি কৃষ্ণসাৰৰ দৰে হোৱা;

অথবা যুবা হৰিণৰ সদৃশ হোৱা।

Veja também

Publicidade
Cânticos
Ver todos os capítulos de Cânticos
Bíblia Online Bíblia Online

Bíblia Online • Versão: 2026-06-15_21-32-39-