1 ৰজা চলোমনৰ অতি সুন্দৰ গীতৰ শৰাই-
2 তুমি তোমাৰ মুখৰ চুম্বনবোৰেৰে মোক ভৰাই দিয়া,
কাৰণ তোমাৰ ভালপোৱা দ্রাক্ষাৰসতকৈও উত্তম।
3 তোমাৰ তেলৰ সুগন্ধই আনন্দৰ সৌৰভ আনে;
বাকি দিয়া সুগন্ধৰ দৰেই তোমাৰ নাম;
সেই বাবেই যুৱতীসকলে তোমাক ভাল পায়।
4 (যুৱতীয়ে নিজৰ মনতে ক’লে) মোক তোমাৰ লগত লৈ ব’লা; আমি সোনকালে পলাই যাম।
ৰজাই মোক তেওঁৰ কক্ষৰ ভিতৰলৈ লৈ আনিলে;
মই সুখী; মই তোমাক লৈ আনন্দ কৰোঁ;
মোক তোমাৰ প্রেমত উল্লাসিত হ’বলৈ দিয়া; তোমাৰ ভালপোৱা দ্রাক্ষাৰসতকৈও উত্তম।
আন ৰমণীসকলে যে তোমাৰ প্রশংসা কৰে, ই স্বাভাৱিক কথা।
5 হে যিৰূচালেমৰ
ৰমণীসকল, মই ক’লা বৰণীয়া হ’লেও সুন্দৰী;
মই কেদৰৰ তম্বুৰ নিচিনা ক’লা আৰু চলোমনৰ পর্দাবোৰৰ দৰে সুন্দৰী।
6 মই ক’লা বাবেই মোলৈ
চাই নাথাকিবা; কাৰণ সূর্যৰ তাপে মোক ডেই নিলে।
মোৰ ভাই-ককাইসকলে
মোৰ ওপৰত খং কৰি মোক
দ্ৰাক্ষাবাৰীবোৰৰ দেখা-শুনা কৰিবলৈ দিছিল;
সেয়ে মই মোৰ নিজৰ দ্ৰাক্ষাবাৰীৰ যত্ন ল’ব পৰা নাই।
7 হে মোৰ প্রিয়তম, মোৰ প্রাণে তোমাকে ভালপায়!
মোক কোৱা, তুমি তোমাৰ মেৰ-ছাগৰ জাকক কোন ঠাইত চৰোৱা?
তুমি তোমাৰ মেৰ-ছাগবোৰক দুপৰীয়া ক’ত বিশ্রাম কৰোঁৱা?
তোমাৰ লগৰীয়াৰ মেৰ-ছাগৰ জাকবোৰৰ কাষত,
মই কিয় ওৰণি লোৱা জনীৰ নিচিনা ঘূৰি ফুৰিম?
8 তুমি যদি তাক নাজানা, হে পৰম সুন্দৰী যুৱতী,
মোৰ মেৰ-ছাগৰ জাকৰ খোজৰ
চিনবোৰৰ পাছে পাছে আহাঁ আৰু
তোমাৰ ছাগলী পোৱালিবোৰক মেৰ-ছাগ ৰখীয়াসকলৰ তম্বুৰ ওচৰতে চৰোৱা।
9 হে মোৰ প্ৰিয়তমা,
ফৰৌণৰ ৰথৰ এজনী ঘোঁৰাৰে সৈতে,
মই তোমাক তুলনা কৰিছোঁ।
10 গালৰ দুপাশৰ গহণাৰে সৈতে, তোমাৰ গাল দুখন সুন্দৰ দেখাইছে,
আৰু মুকুতাৰ কণ্ঠহাৰে তোমাৰ ডিঙি শোভিত কৰিছে।
11 মই তোমাৰ কাৰণে ঠায়ে
ঠায়ে ৰূপ খচিত
সোণৰ অলঙ্কাৰ নির্মাণ কৰিম।
12 ৰজাই যেতিয়া তেওঁৰ বিচনাত শুইছিল,
তেতিয়া মোৰ সুগন্ধৰ সুঘ্রাণ বিয়পি পৰিল।
13 মোৰ ওচৰত মোৰ প্রিয় গন্ধৰস থোৱা এটি মোনাৰ দৰে,
যি মোৰ স্তনযুগলৰ মাজত গোটেই ৰাতি থাকে।
14 মোৰ প্রিয় মোৰ ওচৰত যেন এথোপা জেতুকা ফুল,
যি অয়িন-গদীৰ দ্ৰাক্ষাবাৰীত উৎপন্ন হয়।
15 চোৱা, কি সুন্দৰী তুমি! মোৰ প্রিয়া;
তুমি কিমান যে সুন্দৰী! তোমাৰ দুচকু কপৌৰ নিচিনা।
16 চোৱা, কি সুন্দৰ তুমি! মোৰ প্রিয়;
তুমি কিমান যে সুন্দৰ!
আমাৰ শয্যা সেউজীয়া ঘাহেঁৰে ভৰা।
17 এৰচ গছৰ ডাল আমাৰ ঘৰৰ চতি আৰু আমাৰ ঘৰৰ বাটাম দেবদাৰুৰ ডাল।