Publicidade

Cânticos 3

কইনাৰ সপোন:

1 ৰাতি মোৰ শয্যাত

মোৰ প্ৰাণৰ প্ৰিয়তমক মই বিচাৰিলো;

মই তেওঁক বিচাৰিলো, কিন্তু নাপালোঁ;

2 মই ভাবিলোঁ, "মই এতিয়া উঠি নগৰখনৰ মাজত ঘূৰি ফুৰিম;

ৰাস্তায় ৰাস্তায়, চকবোৰত ঘূৰি ফুৰিম;

তাত মই মোৰ প্রাণৰ প্রিয়তমক বিচাৰিম।"

মই তেওঁক বিচাৰিলোঁ, কিন্তু নাপালোঁ।

3 প্ৰহৰীবোৰে নগৰ ঘূৰি ফুৰি পহৰা দিয়াৰ সময়ত,

মোক দেখা পালে।

মই তেওঁলোকক সুধিলোঁ, আপোনালোকে মোৰ প্ৰাণৰ প্ৰিয়তমক দেখিছিল নে?"

4 তেওঁলোকক পাৰ হৈ আগুৱাই যাওঁতেই,

মই মোৰ প্ৰাণৰ প্ৰিয়তমক দেখা পালোঁ।

তেওঁক ধৰি মোৰ মাতৃৰ ঘৰলৈ লৈ নহালৈকে,

মই তেওঁক এৰি নিদিলোঁ;

যি গৰাকীয়ে মোক গর্ভত ধাৰণ কৰিছিল,

মই তেওঁৰেই শোৱনি কোঠালিলৈ প্রিয়তমক লৈ আনিলো।

ৰমণীসকলৰ প্রতি উক্তি:

5 হে যিৰূচালেমৰ যুৱতীসকল,

কৃষ্ণসাৰ আৰু পথাৰৰ হৰিণবোৰৰ নামেৰে মোৰ ওচৰত প্রতিশ্রুতি দিয়া,

আমাৰ প্ৰেমৰ সময় শেষ নোহোৱালৈকে

তোমালোকে আমাৰ ভালপোৱাত বিঘিনি নিদিবা।

বিবাহৰ বাবে চলোমনৰ আগমণ

6 মৰুভূমিৰ পৰা ধোঁৱাৰ স্তম্ভৰ দৰে সেই গৰাকী কোন আহিছে?

তেওঁ ব্যৱসায়ীৰ সকলো ধৰণৰ মছলাগুৰিৰ গন্ধ লৈ,

গন্ধৰস আৰু সুগন্ধি ধূপৰ সুবাসেৰে এক ধোঁৱাৰ স্তম্ভৰ দৰে আহিছে।

7 চোৱা, সৌৱা চলোমনৰ দোলা;

ষাঠিজন বীৰ যোদ্ধাই সেই দোলাক ঘেৰি ৰাখিছে;

তেওঁলোক ইস্রায়েলৰ শক্তিশালী সৈন্য।

8 তেওঁলোক সকলোৰে লগত আছে তৰোৱাল;

যুদ্ধত তেওঁলোক সুদক্ষ;

তৰোৱাল ককালত বান্ধি লৈ

তেওঁলোক প্ৰতিজন প্রস্তুত আছে ৰাতিৰ বিপদৰ কাৰণে।

9 ৰজা চলোমনে লিবানোনৰ কাঠেৰে নিজৰ বাবে,

এটি দোলা নির্মাণ কৰিলে।

10 দোলাৰ খুটাবোৰ ৰূপেৰে

পিছৰ ভাগ সোণেৰে,

আসনখন বেঙেনা বৰণীয়া কাপোৰেৰে তৈয়াৰী;

যিৰূচালেমৰ ৰমণীসকলৰ প্রেমেৰে

তাৰ ভিতৰ অংশ খচিত আৰু শোভিত কৰা হ’ল

11 হে চিয়োনৰ যুৱতীসকল, তোমালোক বাহিৰলৈ ওলাই আহাঁ,

চোৱা, ৰজা চলোমনে মুকুট পিন্ধি আছে;

তেওঁৰ বিবাহৰ দিনা, তেওঁৰ সেই মনৰ আনন্দৰ দিনা,

তেওঁৰ মাকে তেওঁক মুকুট পিন্ধাই দিছে।

Veja também

Publicidade
Cânticos
Ver todos os capítulos de Cânticos
Bíblia Online Bíblia Online

Bíblia Online • Versão: 2026-06-15_21-32-39-