Publicidade

Amós 8

আমোচৰ চতুর্থ দর্শন

1 প্ৰভু যিহোৱাই, মোক পুনৰ এটা দর্শন দেখুৱালে: তেওঁ মোক এপাচি পকা ফল দেখুৱালে। 2 তেওঁ ক’লে, "আমোচ তুমি কি দেখা পাইছা?" মই কলোঁ, "এপাচি পকা ফল।" তেতিয়া যিহোৱাই মোক ক’লে,

"মোৰ প্ৰজা ইস্ৰায়েলৰ শেষ সময় উপস্থিত হৈছে:

মই তেওঁলোকক কেতিয়াও পুনৰ ক্ষমা নকৰিম।

3 প্ৰভু যিহোৱাই কৈছে, "সেইদিনা ৰাজকীয়-মন্দিৰৰ গানবোৰ বিলাপৰ ধ্বনি হ’ব;

মৰা-শৱ অনেক হ’ব; সেইবোৰ নীৰৱে পেলোৱা হ’ব। "মনে মনে থাকা!"

4 তোমালোক যিসকলে দৰিদ্ৰক ভৰিৰে গছকা আৰু দুখীয়াক নাশ কৰিছা, তোমালোকে এই কথা শুনা।

5 তোমালোকে কোৱা যে,

"ন-জোনৰ উৎসৱ কেতিয়া শেষ হ’ব?

"আমি পুনৰ শস্য বিক্রী কৰিবৰ বাবে,

বিশ্ৰাম-দিন কেতিয়া শেষ হ’ব?

আমি বজাৰত ঘেহুঁ বিক্রী কৰিবৰ বাবে,

আমি ঐফা সৰু কৰিম, চেকেল বঢ়াম,

আৰু অন্যায়ৰ তুলাচনী ব্যৱহাৰ কৰি প্ৰবঞ্চনা কৰিম।

6 ৰূপৰ বিনিময়ত দৰিদ্রক আৰু এযোৰ জোতাৰ বিনিময়ত অভাৱীক কিনি ল’ম।

সাৰি পেলাই দিয়া ঘেহুঁ বিক্রী কৰিম।"

7 যাকোবৰ গৌৰৱৰ নামেৰে যিহোৱাই শপত খাই কৈছে, "মই নিশ্চয়ে তেওঁলোকে যি কাৰ্যবোৰ কৰিছে, তাৰ এটিকো কেতিয়াও নাপাহৰিম।"

8 ইয়াৰ বাবে জানো দেশ নকঁপিব?

তাৰ মাজত বাস কৰা সকলোৱে জানো বিলাপ নকৰিব?

গোটেই দেশখন নীল নদীৰ বন্যাৰ দৰে ওফন্দি উঠিব, অশান্ত হ’ব আৰু পুনৰ নামি যাব,

ঠিক মিচৰৰ নদীখনৰ নিচিনাই হ’ব।

9 প্ৰভু যিহোৱাই এই কথা কৈছে:

"সেই দিনা মই দুপৰীয়াতে সূৰ্যক অস্ত যাবলৈ দিম,

দুপৰীয়াই পৃথিৱীক অন্ধকাৰ কৰিম।

10 মই তোমালোকৰ উৎসৱবোৰ শোকলৈ আৰু

তোমালোকৰ সকলো গান বিলাপলৈ পৰিণত কৰিম;

তোমালোক সকলোৰে কঁকালত শোকবস্ত্রৰ চট পিন্ধাম,

প্ৰত্যেকৰ মূৰ টকলা হ’ব;

একেটি পুত্ৰৰ বিয়োগৰ শোকৰ দৰে মই সেই সময়ক শোকলৈ পৰিণত কৰিম,

আৰু শেষলৈকে এই তিক্ততাৰ দিন চলি থাকিব।

11 প্ৰভু যিহোৱাই এই কথা কৈছে:

"চোৱা, এনে দিন আহিছে, যেতিয়া মই দেশৰ মাজলৈ দুর্ভিক্ষ পঠাম;

লোকে তেতিয়া অন্নৰ বাবে ক্ষুধিত অথবা

পানীৰ বাবে তৃষ্ণাতুৰ নহ’ব।

কিন্তু যিহোৱাৰ বাক্য শুনাৰ বাবে আকাল হ’ব।

12 লোকসকলে যিহোৱাৰ বাক্য বিচাৰি মৰু সাগৰৰ পৰা ভূমধ্য সাগৰলৈকে

আৰু উত্তৰৰ পৰা পূবলৈকে ভ্ৰমণ কৰি ইফালে সিফালে ঘূৰি ফুৰিব।

কিন্তু তাক নাপাব।

13 সেই সময়ত সুন্দৰী যুৱতী আৰু সুন্দৰ যুৱকসকল পিয়াহত মূর্চ্ছা যাব।

14 যিসকলে চমৰিয়াৰ পাপৰ শপত খাই কয়,

‘হে দান, তোমাৰ জীৱন্ত দেৱতাৰ শপত’

নাইবা কয়, ‘বেৰ-চেবাৰ দেৱতাৰ শপত’

তেওঁলোক পতিত হ’ব; পুনৰায় কেতিয়াও নুঠিব।

Veja também

Publicidade
Amós
Ver todos os capítulos de Amós
Bíblia Online Bíblia Online

Bíblia Online • Versão: 2026-06-15_21-32-39-