Publicidade

Apocalipse 11

ঈশ্বৰৰ দুজন সাক্ষীৰ দৰ্শন; সপ্তম তুৰীবাদ্য

1 পাছত লাখুটিৰ নিচিনা এডাল নল মোক দিয়া হ’ল; আৰু মোক কোৱা হ’ল, "উঠা, তুমি ঈশ্বৰৰ মন্দিৰ, যজ্ঞবেদি আৰু সেইবোৰক প্ৰণিপাত কৰা সকলক জোখা। 2 কিন্তু মন্দিৰৰ বাহিৰৰ চোতাল বাদ দিবা, তাক নুজুখিবা; কিয়নো তাক অনা-ইহুদী সকলক দিয়া হ’ল৷ তাতে তেওঁলোকে দুকুৰি দুমাহলৈকে পবিত্ৰ নগৰ গচকিব।

3 মোৰ দুজন সাক্ষীক মই ক্ষমতা দিম; তাতে তেওঁলোকে মৰাপাতৰ চট পিন্ধি, এহেজাৰ দুশ ষাঠি দিন ভাবোক্তি প্ৰচাৰ কৰিব।" 4 তেওঁলোকৰ পৃথিৱীৰ প্ৰভুৰ আগত থিয় হৈ থকা দুজোপা জলফাই গছ আৰু দুটা দীপাধাৰ স্বৰূপ। 5 তেওঁলোকক কোনোৱে যদি অনিষ্ট কৰিব খোজে, তেনেহলে তেওঁলোকৰ মুখৰ পৰা জুই ওলায় আৰু তেওঁলোকৰ শত্ৰুবোৰক গ্ৰাস কৰে৷ কোনোৱে যদি তেওঁলোকক অনিষ্ট কৰিব খুজিব, তেনেহলে একেদৰে তেওঁ হত হ’ব লাগিব।

6 তেওঁলোকে ভাববাণী কোৱা দিনত যেন বৰষুণ নবৰ্ষে, আকাশক বন্ধ কৰিবলৈ তেওঁলোকৰ এনে ক্ষমতা আছে; আৰু যিমান বাৰ পানীক তেজ কৰিবলৈ আৰু সকলো উৎপাতেৰে পৃথিৱীক আঘাত কৰিবলৈ তেওঁলোকে ইচ্ছা কৰিব, সিমান বাৰ তেনে কৰিবলৈ তেওঁলোকৰ ক্ষমতা আছে। 7 তেওঁলোকে যেতিয়া নিজ সাক্ষ্য সমাপ্ত কৰিব, তেতিয়া সেই অগাধ ঠাইৰ পৰা পশু উঠি আহিব, সি তেওঁলোকৰ সৈতে যুদ্ধ কৰি জয় কৰিব।

8 তাতে চদোম আৰু মিচৰ এই আত্মিক নাম থকা যি নগৰত তেওঁলোকৰ প্ৰভুক ক্রুচত দিয়া হ’ল, সেই মহা-নগৰৰ আলিতে তেওঁলোকৰ মৰা শৱ পৰি থাকিব। 9 নানা লোক, ফৈদ, ভাষা আৰু সকলো জাতিৰ লোকে চাৰে তিনি দিনলৈকে তেওঁলোকৰ সেই শৱ চাই থাকিব, তেওঁলোকৰ শৱ মৈদামত থবলৈ অনুমতি নিদিব।

10 আৰু পৃথিৱী নিবাসী সকলে তেওঁলোকৰ ওপৰত আনন্দিত হৈ ৰং কৰিব আৰু ইজনে সিজনলৈ উপহাৰ পঠাব; কিয়নো সেই দুজনে পৃথিৱী নিবাসী সকলক যাতনা দিছিল। 11 চাৰে তিনি দিনৰ পাছত তেওঁলোকত ঈশ্বৰৰ পৰা জীৱ আত্মা সোমোৱাত, তেওঁলোক আৰু মোৰ দুজন সাক্ষীক মই ক্ষমতা দিম; তেওঁলোকে নিজ নিজ ভৰিৰে থিয় হ’ল; তাতে যি সকলে তেওঁলোকক চাই আছিল, তেওঁলোকৰ অতিশয় ভয় লাগিল। 12 পাছত তেওঁলোকে নিজলৈ কোৱা এই মহা আকাশ-বাণী শুনিলে, "ইয়ালৈ তোমালোক উঠি আহা"! তাতে তেওঁলোক মেঘ-ৰথত স্বৰ্গলৈ উঠি গ’ল; আৰু তেওঁলোকৰ শত্ৰু সকলে তেওঁলোকলৈ চাই আছিল৷

13 সেই ক্ষণতে বৰ ভুমিকম্প হ’ল; তাতে নগৰৰ দহ ভাগৰ এভাগ পৰিল৷ সেই ভুমিকম্পৰ দ্বাৰাই প্ৰায় সাত হাজাৰ লোক হত হ’ল; আৰু অৱশিষ্ট সকলে ভয়ত স্বৰ্গৰ ঈশ্বৰৰ মহিমা স্বীকাৰ কৰিলে।

14 এই দ্বিতীয় সন্তাপ হৈ গ’ল, চোৱা! তৃতীয় সন্তাপ বেগাই আহিছে।

15 পাছত সপ্তম দূতে তুৰী বজাওঁতে, স্বৰ্গত এইবোৰ মহা-বাণী হ’ল, বোলে,

"এই জগতৰ ৰাজ্য, আমাৰ প্ৰভুৰ আৰু তেওঁৰ খ্ৰীষ্টৰ হ’ল৷

আৰু তেওঁ চিৰকাল ৰাজশাসন কৰিব"।

16 আৰু ঈশ্বৰৰ আগত নিজ নিজ সিংহাসনত বহি থকা সেই চৌবিশ জন পৰিচাৰকে উবুৰি হৈ পৰি, ঈশ্বৰক প্ৰণিপাত কৰি, 17 তেওঁলোকে ক’লে,

"হে বৰ্ত্তমান, ভূত আৰু সৰ্ব্বশক্তিমান প্ৰভু পৰমেশ্বৰ, আমি তোমাৰ ধন্যবাদ কৰোঁ;

কিয়নো তুমি নিজ পৰাক্ৰম লৈ, ৰাজত্ব গ্ৰহণ কৰিলা।

18 আৰু অনা-ইহুদী সকলৰ খং উঠিছিল,

কিন্তু তোমাৰ ক্ৰোধ উপস্থিত হ’ল

আৰু মৃত সকলৰ সোধ-বিচাৰৰ

আৰু তোমাৰ দাস ভাববাদী সকলক,

পবিত্ৰ লোক সকলক আৰু তোমাৰ নামত ভয় কৰা

সৰু বৰ সকলোকে পুৰস্কাৰ দিয়াৰ আৰু পৃথিৱী নাশকবোৰক নাশ কৰিবৰ সময় উপস্থিত হ’ল।"

19 পাছত স্বৰ্গত থকা ঈশ্বৰৰ মন্দিৰৰ দুৱাৰ যেতিয়া মুকলি কৰা হ’ল; তেতিয়া তেওঁৰ বিধানৰ নিয়ম-চন্দুক দেখা গ’ল৷ তাতে বিজুলী, গাজনি, মেঘ-গৰ্জ্জন, ভুমিকম্প আৰু মহা-শিলাবৃষ্টি হ’ল।

Veja também

Publicidade
Bíblia Online Bíblia Online

Bíblia Online • Versão: 2026-06-15_21-32-39-