9 সেই ড্ৰেগন, যি দিয়াবল আৰু চয়তান নামেৰে বিখ্যাত; সেই পুৰণি সাপে12:9 আ 3:1-14; 2 কৰি 11:3; প্ৰ 20:2 গোটেই জগতৰ ভ্ৰান্তি জন্মায়, তাক পৃথিৱীলৈ পেলোৱা হ’ল;12:9 লূক 10:18; যো 12:31 আৰু তাৰ দূত সকলকো তাৰ লগতে পেলোৱা হ’ল।
10 তেতিয়া মই স্বৰ্গত বৰ মাতেৰে কোৱা এই বাণী শুনিলোঁ:
"এতিয়া পৰিত্রাণ, শক্তি -
আৰু ৰাজ্য, আমাৰ ঈশ্বৰৰ
আৰু অধিকাৰ তেওঁৰ অভিষিক্ত জনৰ অৰ্থাৎ খ্ৰীষ্টৰ হ’ল��
কিয়নো আমাৰ ভাই সকলৰ যি অপবাদকে
দিনে-ৰাতিয়ে আমাৰ ঈশ্বৰৰ আগত তেওঁলোকৰ অপবাদ দিয়ে, 12:10 ইয়ো 1:9; 2:5; জখ 3:1 তাক পেলোৱা হ’ল।