13 পাছত সেই ড্ৰেগনৰ16:13 প্ৰ 12:3৷ মুখৰ পৰা, পশুৰ16:13 প্ৰ 13:1-8 মুখৰ পৰা আৰু ভাঁৰিকোৱা ভাববাদীৰ মুখৰ পৰা, ভেকুলিৰ সদৃশ তিনটা অশুচি আত্মা ওলোৱা দেখিলোঁ। 14 কিয়নো সিহঁত ভূতবোৰৰ আত্মা, আচৰিত চিন দেখুৱাওঁতা; সিহঁতে সৰ্বশক্তিমান ঈশ্বৰৰ সেই মহা-দিনৰ যুদ্ধলৈ গোটেই জগতৰ ৰজা সকলক গোট খুৱাবৰ কাৰণে তেওঁলোকৰ ওচৰলৈ ওলাই গ’ল।
15 (মন কৰিবা! মই চোৰৰ 16:15 1 পি 5:4; 2 পি 3:10 নিচিনাকৈ আহিম। ধন্য এনে লোক যি জনে নিজ গাত বস্ত্ৰ ৰাখি16:15 প্ৰ 3:4, 18 জাগি থাকে, যাতে তেওঁ উলঙ্গ হৈ বাহিৰলৈ ওলাব নালাগে আৰু তেওঁৰ লাজ আন লোকে দেখা নাপায়।) 16 পাছত সিহঁতে ইব্ৰী ভাষাত হৰমাগিদ্দোন বোলা এখন ঠাইত ৰজা সকলক গোট খোৱালে।