1 পাছত সেই দূত জনে মোক জীৱন-জলৰ সেই নদী দেখুৱালে, সেই পানী স্ফটিকৰ নিচিনা উজ্জ্বল৷ ঈশ্বৰ আৰু মেৰ-পোৱালিৰ সেই সিংহাসনৰ পৰা সেই নদী, 2 তাৰ আলিবাটৰ মাজেৰে বৈ গৈছিল। সেই নদীৰ ইপাৰে-সিপাৰে জীৱন-বৃক্ষ22:2 আ 2:9, 10; যিহি 47:7, 12; প্ৰ 2:7৷ আছিল; সেই বৃক্ষই বাৰ বিধ ফল উৎপন্ন কৰিছিল আৰু প্ৰতি মাহে তাত ফল ধৰে৷ সেই বৃক্ষৰ পাত জাতি সকলক সুস্থ কৰাৰ কাৰণে।
3 তাতে কোনো শাও নহ’ব। সেই নগৰত ঈশ্বৰ আৰু সেই মেৰ-পোৱালিৰ সিংহাসন থাকিব আৰু তেওঁৰ দাস সকলে তেওঁক সেৱা কৰিব৷ 4 তেওঁলোকে তেওঁৰ মুখ দেখা পাব;22:4 মথি 5:8; 1 যো 3:2৷ আৰু তেওঁলোকৰ কপালত তেওঁৰ নাম লিখা থাকিব। 5 তাতে ৰাতিও নহ’ব; আৰু চাকিৰ পোহৰ বা সূৰ্যৰ পোহৰ তেওঁলোকৰ প্ৰয়োজন নহব; কিয়নো প্ৰভু পৰমেশ্বৰে তেওঁলোকক দীপ্তি দিব আৰু তেওঁলোকে চিৰকাল ৰাজত্ব কৰিব।