এখন পুথিৰ সাতোটা নুৰা মেলা দৰ্শন
1 পাছত মই সেই মেৰ-পোৱালি জনে সাতোটা ছাব মেলা দেখিলোঁ আৰু তেতিয়া সেই চাৰি জীৱিত প্ৰাণীৰ কোনো এটাই মেঘৰ নিচিনা গৰজি উঠা মাতেৰে কোৱা শুনিলোঁ, "আহা"! 2 তেতিয়া মই চাওতে সেই ঠাইত এটা বগা ঘোঁৰা দেখিলোঁ আৰু তাৰ অশ্ৱাৰোহী জনৰ হাতত এখন ধনু আছিল, আৰু তেওঁক এটা কিৰীটি দিয়া হ’ল; তাতে তেওঁ জয় লাভ কৰোঁতাৰ দৰে জয় কৰিবলৈ ওলাই গ’ল।