যাকোবক বধ কৰা আৰু পিতৰৰ উদ্ধাৰ
1 সেই সময়ত হেৰোদ ৰজাই মণ্ডলীৰ কোনো কোনো লোকক অত্যাচাৰ কৰিব ধৰিলে 2 আৰু তেওঁ যোহনৰ ককায়েক যাকোবক তৰোৱালেৰে বধ কৰিবলৈ হুকুম দিলে
3 এই কাৰ্যত ইহুদী সকল সন্তুষ্ট হোৱা দেখি, তেওঁ পিতৰকো বন্দী কৰিলে তেতিয়া খমিৰ নোহোৱা পিঠাৰ দিন আছিল 4 পিতৰক বন্দী কৰি হেৰোদে বন্দীশালত ৰাখিলে তেওঁক পহৰা দিবৰ কাৰণে চাৰি জনকৈ চাৰিটা সৈন্য দলক নিযুক্ত কৰিলে আৰু তেওঁ মনতে ভাবিলে যে, নিস্তাৰ-পৰ্বৰ পাছত পিতৰক জনসাধাৰণৰ ওচৰত বিচাৰৰ বাবে হাজিৰ কৰাব
5 এইদৰে পিতৰক বন্দীশালত ৰাখিলে, কিন্তু তেওঁৰ বাবে মণ্ডলীৰ লোক সকলে নিৰন্তৰে ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰি আছিল 6 পাছত হেৰোদে তেওঁক বাহিৰলৈ অানিবৰ বাবে সিদ্ধান্ত লোৱা দিনা খনৰ আগ-ৰাতি, পিতৰ দুজন সৈন্যৰ মাজত দুডাল শিকলিৰে বন্ধা হৈ টোপনিত আছিল আৰু প্ৰহৰীবোৰে দুৱাৰমুখত বন্দীশাল পহৰা দি আছিল
7 সেই সময়ত প্ৰভুৰ এজন দূত অাহি উপস্থিত হ’ল আৰু সেই কোঠালিটো পোহৰেৰে উজ্বল হৈ উঠিল তাতে চাপৰ মাৰি পিতৰক জগাই দূতে কলে, "বেগাই উঠা" তেতিয়া তেওঁৰ হাতৰ পৰা শিকলিৰ বান্ধ সুলকি পৰিল 8 দূতে তেওঁক কলে, "কঁকাল বান্ধি পাদুকা পিন্ধা" পিতৰে সেইদৰে কৰিলে দূতে তেওঁক কলে, "তোমাৰ কাপোৰ গাত লৈ মোৰ পাছে পাছে আহা"
9 পাছে পিতৰে দূতক অনুসৰণ কৰি বাহিৰলৈ ওলাই গ’ল কিন্তু দূতে কৰা কৰ্ম যে সঁচা, ইয়াকে নাভাবি দৰ্শন পোৱা বুলি ভাবিলে 10 এইদৰে প্ৰথম আৰু দ্বিতীয় প্ৰহৰীবোৰক পাৰ কৰি নগৰলৈ অহা-যোৱা কৰা যিখন লোহাৰ দুৱাৰ আছিল, সেয়া নিজে নিজে তেওঁলোকলৈ মুকলি হৈ গ’ল তাতে তেওঁলোক বাহিৰলৈ আহি বাটৰ এমুৰ পাওঁতে তৎক্ষণাৎ দূতে তেওঁৰ লগ এৰিলে
11 তেতিয়া পিতৰে চেতনা পাই কলে, "প্ৰভুৱে তেওঁৰ দূত পঠিয়াই হেৰোদৰ হাতৰ পৰা আৰু ইহুদী লোকৰ সকলো আকাংক্ষাৰ পৰা মোক যে উদ্ধাৰ কৰিলে, এতিয়াহে মই নিশ্চয়কৈ জানিছোঁ" 12 ইয়াকে তেওঁ জনাৰ পাছত, মাৰ্ক নামেৰে প্ৰখ্যাত হোৱা যি যোহন, তেওঁৰ মাক মৰিয়মৰ ঘৰলৈ গ’ল; তাতে অনেক লোক গোট খাই প্ৰাৰ্থনা কৰি আছিল
13 তেতিয়া তেওঁ বাহিৰৰ দুৱাৰত টুকুৰিওৱাত, ৰোদা নামেৰে এজনী চাকৰণীয়ে মাত দিবলৈ আহিল 14 তাতে তাই পিতৰৰ মাত শুনি বুজি পাই, আনন্দত দুৱাৰ মেলিবলৈ পাহৰি ভিতৰলৈ লৰি গৈ, পিতৰ দুৱাৰমুখত থিয় হৈ আছে বুলি কলেগৈ 15 তেতিয়া তেওঁলোকে তাইক কলে, "তই পাগলি হৈছ" কিন্তু তাই সঁচা বুলি দৃঢ়তাৰে নিশ্চিত ভাবে কলে তেওঁলোকে কলে, "তেনেহলে সেই জন তেওঁৰ দূতহে হব"
16 কিন্তু পিতৰে দুৱাৰত বাৰে বাৰে টুকুৰিয়াই আছিল, তেতিয়া তেওঁলোকে দুৱাৰ মেলি দিয়াত, তেওঁক দেখি বিস্ময় মানিলে 17 পিতৰে নিজম দি থাকিবলৈ হাতেৰে ইংগিত দি, প্ৰভুৱে কেনেকৈ তেওঁক বন্দীশালৰ পৰা মুকলি কৰি আনিলে, তাৰ বৃত্তান্ত তেওঁলোকৰ আগত বৰ্ণনা কৰিলে আৰু কলে, "তোমালোকে যাকোব আৰু ভাই সকলক এই সংবাদ দিবা" ইয়াকে কৈ তেতিয়াই তেওঁ ওলাই আন ঠাইলৈ গুচি গ’ল
18 পাছে ৰাতিপুৱা হ’ল, পিতৰৰ নো কি হ’ল, এই বুলি সৈন্য সকলৰ মাজত বৰ হুলস্থুল লাগিল 19 তেতিয়া হেৰোদে তেওঁক বিচাৰি নাপাই, প্ৰহৰী সকলৰ সোধ-বিচাৰ কৰি প্ৰাণদণ্ডৰ আজ্ঞা দিলে তেতিয়া তেওঁ যিহুদীয়াৰ পৰা চীজাৰিয়ালৈ গ’ল আৰু তাতে থাকিল
20 তুৰীয়া আৰু চীদোনীয়া সকলৰ প্ৰতি হেৰোদৰ অতিশয় ক্ৰোধ আছিল কিন্তু তেওঁলোকে একে আলোচনাৰে তেওঁৰ আগলৈ গৈ, ব্লাস্ত নামেৰে ৰজাৰ ভিতৰুৱাল ফুকনক তেওঁলোকৰ ফলীয়া কৰি, শান্তি স্হাপন কৰিবলৈ নিবেদন কৰিলে, কাৰণ এই ৰজাৰ দেশৰ পৰাই তেওঁলোকৰ দেশলৈ খোৱা বস্তুবোৰ আহিছিল 21 এটা নিৰূপিত দিনত হেৰোদে ৰাজকীয় বস্ত্ৰ পিন্ধি বিচাৰৰ আসনত বহিছিল আৰু সেইদিনা তাৰ পৰা তেওঁলোকলৈ ভাষণ দিছিল
22 তেতিয়া লোক সকলে ৰিঙিয়াই কলে, "এয়া এজন ঈশ্বৰৰ মাত, মানুহৰ মাত নহয়!" 23 কিন্তু সেই প্ৰশংসা 12:23 প্ৰশংসা মৰ্যদাঈশ্বৰক নিদিয়াত, প্ৰভুৰ দূতে তেতিয়াই তেওঁক আঘাত কৰিলে আৰু পোকে খোৱাত, তেওঁ প্ৰাণ ত্যাগ কৰিলে
24 কিন্তু ঈশ্বৰৰ বাক্য ব্যাপক হাৰত বিয়পি গ’ল 25 এইদৰে বাৰ্ণব্বা আৰু চৌলে যি পৰিচৰ্যা কৰ্মৰ দায়িত্ব পাইছিল, সেয়া তেওঁলোকে সিদ্ধ কৰিলে, আৰু মাৰ্ক নামেৰে প্ৰখ্যাত হোৱা যোহনক লগত লৈ যিৰূচালেমৰ পৰা উভতি আহিল