28 তেতিয়া নবূখদনেচৰে ক’লে, "চদ্ৰক, মৈচক আৰু অবেদ-নেগোক নিজৰ দূত পঠিয়াই ৰক্ষা কৰা ঈশ্বৰক আহাঁ আমি প্রশংসা কৰোঁহক! তেওঁলোকে মোৰ আজ্ঞা লঙ্ঘন কৰা সময়ত তেওঁলোকে তেওঁতেই ভৰসা কৰিছিল, আৰু নিজৰ ঈশ্বৰৰ বাহিৰে আন দেৱতাক যেন সেৱা বা সাষ্টাঙ্গে প্রণিপাত কৰিবলগীয়া নহয়, সেই বাবে তেওঁলোকৰ শৰীৰ সমৰ্পণ কৰিলে।
29 সেই কাৰণে মই এই আজ্ঞা দিছোঁ যে, যিকোনো লোক, যিকোনো দেশ, বা যিকোনো ভাষাৰ লোকে চদ্ৰক, মৈচক আৰু অবেদ-নেগোৰ ঈশ্বৰৰ বিৰুদ্ধে ক’ব, তেওঁলোকক ডোখৰ ডোখৰকৈ কটা যাব, আৰু তেওঁলোকৰ ঘৰ জাবৰৰ দ’মৰ দৰে কৰা হ’ব; কাৰণ এইদৰে ৰক্ষা কৰিব পৰা ইয়াত আন কোনো দেৱতা নাই।"