8 মই সেই শিঙবোৰলৈ মন কৰি থাকোতেই, মই দেখিলোঁ যে সেইবোৰৰ মাজৰ পৰা আন এটা সৰু শিং গজি ওলাইছে। পূৰ্বৰ শিংবোৰৰ তিনিটা শিং গুৰিৰ পৰা উঘলা হৈছিল; আৰু সেই শিংটোত মানুহৰ চকুৰ দৰে দুটা চকু, আৰু গৰ্ব্ব কৰি ডাঙৰ ডাঙৰ কথা কোৱা এখন মুখ আছিল।
25 তেওঁ সৰ্ব্বোপৰি জনাৰ বিৰুদ্ধে কথা ক’ব,
আৰু সৰ্ব্বোপৰি ঈশ্বৰৰ পবিত্ৰ জনক তাড়না কৰিব,
তেওঁ পর্ব আৰু বিধান সলনি কৰিবলৈ চেষ্টা কৰিব।
আৰু এক কাল, দুই কাল আৰু আধা কাল7:25 এবছৰ, দুবছৰ, আৰু আধা বছৰ, (চাওক, প্ৰকাশিত বাক্য 12:14)ৰ বাবে
এই সকলো তেওঁৰ হাতত শোধাই দিয়া হ’ব।