19 ধৰ্মগীত, স্তুতি-গীত আৰু আত্মিক গানেৰে আপোনালোকে পৰস্পৰে আলোচনা কৰক আৰু প্ৰভুৰ উদ্দেশ্যে হৃদয়েৰে গান আৰু প্রসংশা কৰক। 20 সদায় আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ নামেৰে সকলো বিষয়ৰ কাৰণে পিতৃ ঈশ্বৰৰ ধন্যবাদ কৰক। 21 খ্ৰীষ্টৰ ভয়ত ইজনে সিজনৰ বশীভূত হওক।
Publicidade
Publicidade