14 এতেকে সত্যেৰে কঁকাল বান্ধি, ধাৰ্মিকতাৰ বুকুবৰি পিন্ধি, 15 শান্তিৰ শুভবাৰ্তা ঘোষণাৰ কাৰণে প্ৰস্তুততাৰ ভৰিত জোতা পিন্ধি থিৰে থাকক। 16 যিহেৰে আপোনালোকে সকলো পাপ শক্তিৰ অগ্নিময় শৰ সমূহ নুমাব পাৰে, এনে বিশ্বাসৰ ঢাল লওঁক:
17 পৰিত্রাণ 6:17মোৰ ৰক্ষা কৰিবলৈ পিন্ধা টুপি৷শিৰস্ত্ৰাণ আৰু আত্মাৰ তৰোৱালৰূপ ঈশ্বৰৰ বাক্য গ্ৰহণ কৰক।