Publicidade

Êxodo 15

চূফ সাগৰৰ দাঁতিত গোৱা মোচিৰ গীত।

1 তাৰ পাছত মোচি আৰু ইস্ৰায়েলী লোকসকলে যিহোৱাৰ উদ্দেশ্যে এই স্তুতি গীত গাইছিল; তেওঁলোকে এইদৰে গাইছিল,

"মই যিহোৱাৰ উদ্দেশ্যে গান কৰিম, কিয়নো তেওঁ মহা জয়েৰে গৌৰৱাম্বিত হ’ল;

তেওঁ ঘোঁৰা আৰু অশ্বাৰোহী সমূদ্ৰত পেলালে।

2 যিহোৱা মোৰ বল আৰু গান;

তেওঁ মোৰ পৰিত্ৰাণকৰ্ত্তা হ’ল;

তেওঁ মোৰ ঈশ্বৰ, আৰু মই তেওঁৰ প্ৰশংসা কৰিম;

তেওঁ মোৰ পিতৃৰো ঈশ্বৰ, আৰু মই তেওঁৰ প্রশংসা কৰিম।

3 যিহোৱা পৰাক্ৰমী বীৰ;

যিহোৱা তেওঁৰ নাম।

4 তেওঁ ফৰৌণৰ ৰথ আৰু সৈন্য সমূহক সমুদ্ৰত পেলালে।

ফৌৰণৰ মনোনীত সেনাপতিসকল চূফ সাগৰত ডুবিল।

5 জল সমূহে তেওঁলোকক ঢাকি ধৰিলে;

শিলৰ দৰে তেওঁলোক অগাধ জলৰ ত’ললৈ গ’ল।

6 হে যিহোৱা, আপোনাৰ সোঁ হাত, পৰাক্ৰমত মহিমান্বিত হ’ল;

হে যিহোৱা, আপোনাৰ সোঁ হাতে শত্ৰুক গুড়ি কৰিছে।

7 আপুনি আপোনাৰ মহান মহিমাৰে আপোনাৰ বিৰুদ্ধে উঠাবোৰক বিনষ্ট কৰিলে।

আপুনি পঠোৱা আপোনাৰ ক্ৰোধাগ্নিয়ে; তেওঁলোকক নৰাৰ দৰে গ্রাস কৰিছে।

8 আপোনাৰ নিশ্বাসতে জল সমূহ স্তূপাকৃত হ’ল;

বৈ যোৱা জল সমূহো স্তূপাকৃত হ’ল;

সমুদ্ৰৰ অগাধ জল সাগৰৰ অন্তৰ ভাগত গোট বান্ধিলে।

9 শত্ৰুৱে কৈছিল, ‘মই পাছে পাছে খেদি যাম, মই আগ ভেটি ধৰিম, মই লুটদ্ৰব্য ভগাই ল’ম;

মোৰ হাবিয়াহ তেওঁলোকৰ ওপৰত পূৰ হ’ব;

মই তৰোৱাল উলিয়াম, মোৰ হাতে তেওঁলোকক সংহাৰ কৰিব।’

10 কিন্তু আপুনি আপোনাৰ বায়ুৰে ফু দিলত সাগৰে তেওঁলোকক ঢাকি ধৰিলে;

তেওঁলোক সীহৰ দৰে মহাজলত ডুব গ’ল।

11 হে যিহোৱা, দেৱতাবোৰৰ মাজত আপোনাৰ তুল্য কোন?

পবিত্ৰতাত আপোনাৰ দৰে মহিমান্বিত কোন?

প্ৰশংসাত গৌৰৱাম্বিত, আচৰিত কৰ্ম কৰোঁতা কোন?

12 আপুনি আপোনাৰ সোঁ হাত মেলিলে,

আৰু পৃথিৱীয়ে তেওঁলোকক গ্ৰাস কৰিলে।

13 আপুনি উদ্ধাৰ কৰা লোকসকলক আপোনাৰ দয়াৰে চলাই আনিছে;

আপুনি আপোনাৰ পৰাক্ৰমেৰেই তেওঁলোকক আপোনাৰ পবিত্ৰ নিবাসলৈ লৈ গৈছে।

14 লোকসকলে শুনিব আৰু তেওঁলোক কঁপি উঠিব;

পলেষ্টিয়া লোকসকলক ত্ৰাসে বেৰি ধৰিছে।"

15 তেতিয়া ইদোমৰ প্রধান লোকসকলে ভয় কৰিলে;

মোৱাবৰ সৈন্য সকল কঁপি উঠিল;

কনান-বাসী সকলোৱেই দিশহাৰা হৈ গ’ল।

16 ভয় আৰু ত্ৰাসে তেওঁলোকক বেৰি ধৰিলে;

আপোনাৰ বাহুবলৰ শক্তিৰ কাৰণে তেওঁলোক শিলৰ দৰে নীৰৱ হৈ ৰ’ল;

হে যিহোৱা, আপোনাৰ লোকসকল পাৰ নোহোৱালৈকে;

আপুনি উদ্ধাৰ কৰা লোকসকল পাৰ নোহোৱালৈকে।

17 আপুনি তেওঁলোকক আনিব আৰু আপোনাৰ অধিকাৰ কৰা পাহাৰত স্থাপন কৰিব,

হে যিহোৱা, আপুনি নিবাস কৰিবলৈ যুগুত কৰা ঠাই,

হে প্ৰভু, যি ধৰ্মধাম আপুনি নিজৰ হাতেৰে নিৰ্ম্মাণ কৰিলে,

18 যিহোৱাই সদা-সৰ্ব্বদায় ৰাজত্ব কৰিব।"

19 কাৰণ ফৰৌণৰ ৰথ আৰু অশ্বাৰোহীৰ সৈতে ঘোঁৰাবোৰ সমুদ্ৰৰ মাজত সোমাল। যিহোৱাই সমুদ্ৰৰ জল তেওঁলোকৰ ওপৰলৈ উভটাই আনিলে। কিন্তু ইস্ৰায়েলী লোকসকল হ’লে, সমুদ্ৰৰ মাজেদি শুকান বাটেদি গুছি গ’ল। 20 তেতিয়া হাৰোণৰ বায়েক মিৰিয়ম ভাববাদিনীয়ে তেওঁৰ হাতত খঞ্জৰি ল’লে; আৰু তেওঁৰ পাছে পাছে আন আন মহিলাসকলেও হাতত খঞ্জৰি লৈ, নাচি নাচি ওলাই গ’ল। 21 মিৰিয়মে তেওঁলোকৰ আগত গীত গালে,

"তোমালোকে যিহোৱাৰ উদ্দেশ্যে গান কৰা, কিয়নো তেওঁ মহা-গৌৰৱাম্বিত হ’ল;

তেওঁ ঘোঁৰা আৰু অশ্বাৰোহীক সমুদ্ৰত পেলাই দিলে।"

চূফ সাগৰৰ তীৰৰ পৰা ইস্ৰায়েলৰ যাত্ৰা। বটা চৰাই আৰু মান্না দিয়া।

22 তাৰ পাছত মোচিয়ে ইস্ৰায়েলী লোকসকলক চূফ সাগৰৰ তীৰৰ পৰা যাত্ৰা কৰিবলৈ দিলে, তেওঁলোকে চূৰ মৰুভূমিৰ মাজেৰে যাত্রা কৰি গ’ল। তেওঁলোকে সেই মৰুভূমিৰ মাজেৰে তিনি দিনৰ বাট গ’ল, আৰু সেই ঠাইত পানী বিচাৰি নাপালে। 23 তাৰ পাছত তেওঁলোকে মাৰা গৈ পালে, আৰু মাৰাত থকা পানী তিতা হোৱাৰ বাবে, তেওঁলোকে পান কৰিব নোৱাৰিলে; সেয়ে তেওঁলোকে সেই ঠাইৰ নাম মাৰা ৰাখিলে।

24 সেই কাৰণে লোকসকলে মোচিক অভিযোগ কৰি ক’লে, "আমি কি পান কৰিম?"

25 তেতিয়া মোচিয়ে যিহোৱাৰ আগত কাতৰোক্তি কৰিলে, আৰু যিহোৱাই তেওঁক এজোপা গছ দেখুৱালে। তেওঁ তাকে আনি পানীত পেলাই দিলে, আৰু পানী খাবলৈ মিঠা হ’ল। সেই ঠাইতে যিহোৱাই তেওঁলোকৰ অৰ্থে এটা কঠোৰ বিধি আৰু শাসন-প্রণালী দিলে। সেই ঠাইতে যিহোৱাই তেওঁলোকক পৰীক্ষা কৰিলে। 26 তেওঁ ক’লে, "মই, তোমালোকৰ ঈশ্বৰ যিহোৱা, যদি তোমালোকে সাৱধানে মোৰ বাক্য শুনা, আৰু মোৰ দৃষ্টিত যি উচিত সেই কাৰ্য কৰা, আৰু মোৰ আজ্ঞাবোৰলৈ মনোযোগ দিয়া আৰু মোৰ সকলো বিধি পালন কৰা তেনেহ’লে, মই মিচৰীয়াসকলক যি সকলো ৰোগ দিছিলোঁ, সেইবোৰৰ কোনো ৰোগ তোমালোকক নিদিম, কাৰণ মই তোমালোকৰ আৰোগ্যকাৰী যিহোৱা।"

27 তাৰ পাছত লোকসকল এলীমলৈ আহিল; সেই ঠাইত পানীৰ বাৰটা ভুমুক, আৰু সত্তৰ জোপা খাজুৰ গছ আছিল; তেওঁলোকে সেই ঠাইতে পানীৰ কাষত তম্বু তৰিলে।

Veja também

Publicidade
Bíblia Online Bíblia Online

Bíblia Online • Versão: 2026-06-15_21-32-39-