মোচিৰ জন্ম; আৰু তেওঁ ডাঙৰ দীঘল হোৱা।
1 লেবী বংশৰ এজন মানুহে এজনী লেবীয়া ছোৱালী বিয়া কৰালে। 2 পাছত সেই মহিলা গৰাকী গৰ্ভৱতী হ’ল, আৰু এটি পুত্র সন্তান প্ৰসৱ কৰিলে। তেওঁ যেতিয়া দেখিলে যে, সন্তানটো স্বাস্থ্যবান; তেতিয়া তেওঁ সন্তানটি তিনি মাহলৈ লুকুৱাই ৰাখিলে।
3 কিন্তু তেওঁ যেতিয়া দেখিলে যে, ল’ৰাটোক বেছি দিন লুকুৱাই ৰাখিব নোৱাৰিব; তেতিয়া তেওঁ নলেৰে এটা পাচি সাজিলে, আৰু সেই পাচিটো শিলাজতু আৰু এঠাৰে লেপি ল’লে, পাছত সেই পাচিটোত ল’ৰাজনক সুমুৱাই ল’লে, আৰু নদীৰ দাঁতিত থকা নল-খাগড়িৰ মাজত গৈ থলে। 4 তাতে দূৰৈত থিয় হৈ বায়েকে সেই শিশুটোৰ কি হ’ব, সেই বিষয়ে জানিবলৈ বাট চাই থাকিল।
5 ফৰৌণৰ জীয়েকে নদীত গা ধুবলৈ নামি গৈছিল, আৰু তেওঁৰ যুৱতী দাসী সকলে নদীৰ তীৰত ফুৰি আছিল। এনেতে তেওঁ নল খাগড়ি মাজত সেই পাচিটো দেখি, তেওঁৰ দাসী এজনীক পাচিটো আনিবলৈ পঠিয়ালে। 6 তেওঁ পাচিটো মেলি শিশুটি দেখিলে। এনেতে শিশুটিয়ে কান্দিবলৈ ধৰিলে; আৰু তেওঁৰ শিশুটিলৈ মৰম লাগি ক’লে, "এই সন্তানটি নিশ্চয় এটি ইব্ৰীয়া সন্তান।"
7 তেতিয়া শিশুটিৰ বায়েকে ফৰৌণৰ জীয়েকক ক’লে, "আপোনাৰ অৰ্থে এই সন্তানটিক পিয়াহ খোৱাই তুলিবলৈ, মই এজনী ইব্ৰীয়া মহিলা বিচাৰি মাতি আনিম নে?" 8 ফৰৌণৰ জীয়েকে ক’লে, "যোৱা।" তেতিয়া সেই ছোৱালী জনীয়ে শিশুটিৰ মাককে মাতি নিলে।
9 ফৰৌণৰ জীয়েকে শিশুটিৰ মাতৃক ক’লে, "আপুনি এই ল’ৰাটি লওক আৰু মোৰ বাবে পিয়াহ খুৱাই প্রতিপালন কৰক; তাৰ বাবে মই আপোনাক পাৰিশ্রমিক দিম।" তেতিয়া মহিলা গৰাকীয়ে ল’ৰাটি নিলে আৰু পিয়াহ খোৱাই প্রতিপালন কৰিলে। 10 ল’ৰাটি যেতিয়া ডাঙৰ হ’ল, তেওঁ ল’ৰাটিক ফৰৌণৰ জীয়েকৰ ওচৰলৈ আনিলে; তেতিয়া সেই লৰাটি তেওঁৰ পুত্ৰ হ’ল। তেওঁ লৰাটিৰ নাম মোচি ৰাখি ক’লে, "কিয়নো মই ইয়াক পানীৰ পৰা তুলি আনিলোঁ।"