10 তেওঁলোকে চিটীম কাঠেৰে আঢ়ৈ হাত দীঘল, ডেৰ হাত বহল আৰু ডেৰ হাত ওখকৈ এটা নিয়ম-চন্দুক সাজিব।
16 মই তোমাক যি সাক্ষ্য ফলি দিম, সেই সাক্ষ্য ফলি নিয়ম-চন্দুকৰ ভিতৰত ৰাখিবা। 17 তাৰ পাছত তুমি শুদ্ধ সোণৰ আঢ়ৈ হাত দীঘল, ডেৰ হাত বহল এখন পাপাবৰণ সাজিবা। 18 তুমি সোণ পিটি দুটা কৰূব সাজিবা; পাপাবৰণৰ দুই মুৰত সেই কৰূব দুটা লগাবা।
21 তুমি সেই পাপাবৰণ, সেই নিয়ম চন্দুকৰ ওপৰত ৰাখিবা; আৰু মই তোমাক যি সাক্ষ্য-ফলি দিম, সেই ফলি নিয়ম চন্দুকৰ ভিতৰত থ’বা।