Pular para o conteúdo
Publicidade

যাত্ৰাপুস্তক 31:1-6

ধৰ্মধাম নিৰ্মাণ কৰাসকলৰ বিষয়, বিশ্ৰাম-দিনৰ বিষয়ে আদেশ।

1 তাৰ পাছত যিহোৱাই মোচিক ক’লে, 2 "চোৱা, মই যিহূদা ফৈদৰ পৰা হূৰ, হূৰৰ পুত্র ঊৰী, ঊৰীৰ পুত্ৰ বচলেলক নাম কাঢ়ি মাতিলোঁ।

3 মই বচলেলক মোৰ আত্মাৰে পৰিপূৰ্ণ কৰিম, তেওঁলৈ সকলো প্রকাৰ শিল্পকৰ্মৰ বাবে প্রজ্ঞা, বুদ্ধি, আৰু জ্ঞান দিম। 4 সোণ, ৰূপ, আৰু পিতলত শিল্পিসুলভ নক্সাৰে কাম কৰিব। 5 তেওঁ পাথৰ কটা, পাথৰ খটোৱা আৰু কাঠৰ কাম, এই সকলো প্রকাৰৰ শিল্পকৰ্ম কৰে।

6 চোৱা, মই দান ফৈদৰ অহীচামকৰ পুত্ৰ অহলীয়াবক তেওঁৰ সহকাৰী নিযুক্ত কৰিলোঁ। সকলো জ্ঞানী লোকৰ হৃদয়ত দক্ষতাৰে পৰিপূৰ্ণ কৰিলোঁ; সেয়ে মই তোমাক যিবোৰ নিৰ্মাণ কৰিবলৈ আজ্ঞা দিলোঁ, সেই সকলোবোৰ তেওঁলোকে নিৰ্মাণ কৰিব।

Estes versículos te tocaram? Ore agora!

+581 estão orando agora.

Junte-se à corrente de oração.